২০৩০ লৈ অইল ইণ্ডিয়া আৰু এন আৰ এলৰ ৰোডমেপ ঘোষণাঃ গ্ৰীণ হাইড্ৰ'জেন আৰু পেট্ৰ'কেমিকেলছক অধিক গুৰুত্ব

অইল ইণ্ডিয়াৰ অধ্যক্ষ ৰঞ্জিত ৰাথে সোমবাৰে গুৱাহাটীত NRLৰ বিষয়াৰে সম্বোধন কৰা এখন যৌথ সংবাদমেলত প্ৰতিষ্ঠানটোৰ ২০৩০ বৰ্ষলৈ লক্ষ্য ৰাখি তৈয়াৰ কৰা ৰোড মেপ প্ৰকাশ কৰে।

author-image
Asomiya Pratidin
New Update
২০৩০ লৈ অইল ইণ্ডিয়া আৰু এন আৰ এলৰ ৰোডমেপ ঘোষণাঃ গ্ৰীণ হাইড্ৰ'জেন আৰু পেট্ৰ'কেমিকেলছক অধিক গুৰুত্ব

ডিজিটেল ডেস্কঃ অইল ইণ্ডিয়া লিমিটেড (OIL) ৰ অধ্যক্ষ ৰঞ্জিত ৰাথে সোমবাৰে গুৱাহাটীত এন আৰ এলৰ বিষয়াৰে সম্বোধন কৰা এখন যৌথ সংবাদমেলত প্ৰতিষ্ঠানটোৰ ২০৩০ বৰ্ষলৈ লক্ষ্য ৰাখি তৈয়াৰ কৰা ৰোড মেপ প্ৰকাশ কৰে। এই ৰোডমেপত upstream অন্বেষণ, গ্ৰীণ হাইড্ৰ’জেন উৎপাদন আৰু পেট্ৰ’কেমিকেল খণ্ডত অধিক গুৰুত্বপ্ৰদান কৰিব বুলি উল্লেখ কৰে। নুমলীগড় ৰিফাইনেৰী লিমিটেড (NRL) ৰ মেনেজিং ডাইৰেক্টৰ ভাস্কৰ ফুকনে এই সংবাদমেলত NRLৰ নতুন উন্নয়ন আৰু ৰিফাইনেৰীৰ সামৰ্থ্য বৃদ্ধি সম্পৰ্কে বক্তব্য আগবঢ়ায়।

Advertisment

গুৱাহাটীত অনুষ্ঠিত অইল ইণ্ডিয়া আৰু এন আৰ এলৰ যৌথ সংবাদ মেলখনত দুয়োটা সংস্থাৰ শীৰ্ষ কৰ্তৃপক্ষই আগন্তুক লক্ষ্য আৰু সাম্প্ৰতিক সফলতাৰ বিষয়ে উল্লেখ কৰে। সংস্থা দুটাৰ পৰিকল্পনাসমূহৰ বাস্তবতা, শক্তিৰ ক্ষেত্ৰত অঞ্চলভিত্তিক ন্যায়পূৰ্ণ অংশীদাৰিত্ব আৰু পৰিৱেশগত স্থায়ীত্ব সন্দৰ্ভত সংবাদ মেলত সাংবাদিকসকলৰ দ্বাৰা কঠোৰ প্ৰশ্নৰ সন্মুখীন হয়। 

অইল ইণ্ডিয়া লিমিটেডৰ ৰোডমেপত OALP Round Xৰ অধীনত ২৫টা নতুন ব্লকত অনুসন্ধান কৰাৰ কথাও অন্তর্ভুক্ত আছে, য’ৰ ৬৫ শতাংশ ultra-deepwater অঞ্চলত অৱস্থিত। এই ক্ষেত্ৰত গ্ল’বেল বজাৰৰ অনিশ্চয়তাৰ মাজত deepwater অপাৰেশ্যনসমূহৰ আৰ্থিক বিপদ আৰু বাণিজ্যিক সফলতা সন্দৰ্ভত প্ৰশ্ন উঠিছে।

কোম্পানীটোৱে ০.৯৪ ৰ Reserve Replacement Ratio (RRR) জনাইছে, যাৰ ফলত নতুন আৱিষ্কাৰসমূহে বৰ্তমানৰ উৎপাদন গতি বজাই ৰাখিব যদি নোৱাৰে তেন্তে দীঘলীয়াভাৱে শক্তি সুৰক্ষা সংকটত পৰিব পাৰে বুলিও আশংকা কৰা হৈছে। সংবাদ মেলত উল্লেখ কৰা অনুসৰি অইল ইণ্ডিয়াৰ লক্ষ্য হৈছে ২০৪০ চনৰ ভিতৰত ভাৰতৰ খাৰুৱা তেল আমদানিৰ ওপৰত নিৰ্ভৰশীলতা ৮৮ শতাংশৰ ৰ পৰা ৭৮ শতাংশলৈ হ্ৰাস কৰা।

অইলৰ  প্ৰস্তাৱিত ৪৫ হাজাৰ টন প্ৰতি বছৰৰ গ্ৰীণ হাইড্ৰ’জেন উৎপাদন আৰু ইয়াৰ বাণিজ্যিক সম্ভাৱনা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। এনে পৰিপ্ৰেক্ষিতত তেওঁলোকে জনাই যে, যদিও অইলৰ উল্লেখযোগ্য অপাৰেশ্যন উত্তৰ-পূৰ্বাঞ্চলত আছে, তথাপিও গ্ৰীণ শক্তি উদ্যোগসমূহ মূলত পশ্চিম ভাৰতত কেন্দ্ৰীভূত হৈ আছে।

NRLৰ পেট্ৰ’কেমিকেল উৎপাদন, বিশেষকৈ পলিপ্ৰ’পিলিন আৰু মিথানলৰ প্ৰসাৰতো পৰিৱেশগত প্ৰভাৱ আৰু ইয়াৰ উৎপাদন দেশীয় ব্যৱহাৰৰ বাবে নে ৰপ্তানিৰ উদ্দেশ্যে সেই সন্দৰ্ভতো সন্দেহৰ সৃষ্টি হৈছে। অইলৰ ২৫টা কম্প্ৰেছড বায়’গেছ (CBG) উদ্ভিদ স্থাপনৰ প্ৰস্তাৱৰ সন্দৰ্ভতো ফিডষ্টক সহজলভ্যতা আৰু যোগান শৃংখলাৰ বিষয়টোক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে। 

ইফালে অইল ইণ্ডিয়া আৰু এন আৰ এল এই দুয়োটা সংস্থাৰ উপস্থিতি অসম আৰু অৰুণাচল প্ৰদেশতে শক্তিশালী তথাপিও স্থানীয় অংশীদাৰসকলৰ বাবে বিশেষকৈ চাহজনজাতি যুৱক-যুৱতীসকলৰ বাবে হাই-স্কিল চাকৰি দিয়াৰ সন্দৰ্ভত কোনো স্পষ্ট ৰোডমেপ নথকাৰ বিষয়টোও আজিৰ সংবাদ মেলত উত্থাপিত হয়। বিশেষকৈ হাইড্ৰ’জেন, নবীকৰণযোগ্য শক্তি আৰু পেট্ৰ’কেমিকেল খণ্ডত তেওঁলোকৰ সংস্থাপনৰ বিষয়টোক উনুকিয়াই দিয়ে সাংবাদিসকলে।

এই সন্দৰ্ভত সংস্থা দুটাই তেওঁলোকৰ পদক্ষেপসমূহক ৰাষ্ট্ৰীয় শক্তি নীতিৰ অংশ হিচাপে সমৰ্থন কৰাৰ কথা উল্লেখ কৰি এই কথা স্বীকাৰ কৰে যে অঞ্চলভিত্তিক গভীৰ সম্পৃক্ততা, অধিক স্বচ্ছতা আৰু অধিক অন্তর্ভুক্তিমূলক বিকাশ মডেলৰ দিশে আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তা আছে।

 

এন আৰ এল অইল ইণ্ডিয়া লিমিটেড