Advertisment

স্বাস্থ্য, শিক্ষাকে ধৰি দেশৰ ভিন্ন ক্ষেত্ৰত ১,১৮৩.৩২ কোটি ব্যয় অইলৰ...

১৮৮৯ চনত ডিগবৈত প্রথম খাৰুৱা তেল আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি ১০০ বছৰৰ ইতিহাস সমৃদ্ধ অইল ইণ্ডিয়া লিমিটেড হৈছে এক মহাৰত্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান...

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
অইল

ডিজিটেল ডেস্কঃ  ১৮৮৯ চনত ডিগবৈত প্রথম খাৰুৱা তেল আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি ১০০ বছৰৰ ইতিহাস সমৃদ্ধ অইল ইণ্ডিয়া লিমিটেড হৈছে এক মহাৰত্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ১৯৫৯ চনত স্থাপন হোৱা অইল ইণ্ডিয়া লিমিটেড এতিয়া এক সম্পূর্ণ সংহত ৰাষ্ট্ৰীয় আপস্ট্রীম কোম্পানী বা প্রতিষ্ঠান যিয়ে অন্বেষণ আৰু উৎপাদন মূল্য শৃংখলত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। প্রতিষ্ঠানটোৱে ইয়াৰ সঞ্চালন কাৰ্য্যৰ সৈতে বহনক্ষমতাৰ তিনিটা স্তম্ভ সমাজ, পৰিৱেশ আৰু অৰ্থনীতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি বহনক্ষম বিকাশৰ প্ৰতি নিজকে উচৰ্গা কৰিছে। এই নীতিসমূহৰ প্ৰতি অইলৰ দায়বদ্ধতা প্রতিফলিত হৈছে নিগমিত সামাজিক দায়বদ্ধতা আৰু বিশেষভাৱে উত্তৰ-পূৱ ভাৰতৰ সামাজিক উন্নয়নৰ প্ৰতি প্ৰদান কৰা গুৰুত্বত।

Advertisment

অইলৰ চি এছ আৰ দৰ্শন এই বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত যে, অর্থনৈতিক সমৃদ্ধি সর্বাংগীন হ'ব লাগে। কোম্পানীটোৱে ইয়াৰ কর্মাঞ্চলৰ স্থানীয় প্রয়োজনীয়তা পূৰণ কৰাৰ লগতে সমাজ-অর্থনৈতিক উন্নয়নক অগ্রাধিকাৰ দিয়ে। বিগত দশকত অইলে চি এছ আৰ কাৰ্য্যকলাপত কোম্পানীৰ নিয়মৰ অধীনত বিধিগতভাৱে ব্যয় কৰিবলগীয়া পৰিমাণতকৈ অধিক অর্থাৎ ১,১৮৩.৩২ কোটি টকা ব্যয় কৰিছে। দেশৰ প্ৰতি উচর্গিত কোম্পানী অইলে ইয়াৰে ৮৪৭.১৫ কোটি টকা উত্তৰ-পূৱ ভাৰতৰ প্রকল্পসমূহৰ বাবে আবন্টন কৰে।

অইলৰ চি এছ আৰ কাৰ্য্যকলাপসমূহে সামৰি লোৱা মূল ক্ষেত্রসমূহ হৈছে স্বাস্থ্য, শিক্ষা, কৌশল বিকাশ, নাৰী সবলীকৰণ, গ্রাম্য ক্রীড়া আৰু পাৰিপাৰ্শ্বিক বহনক্ষমতা। শিক্ষা খণ্ডত বিভিন্ন ধ্বজাধাৰী আঁচনি যেনে, অইল দীক্ষা আৰু অইল চুপাৰ ৩০-এ উল্লেখযোগ্য প্রভাৱ পেলাইছে। অইল দীক্ষাৰ জৰিয়তে কম্পিউটাৰ শিক্ষা, লাইফ স্কীল আৰু আৰ্থিক সাক্ষৰতা প্ৰদান কৰা হয় আৰু এতিয়ালৈকে ইয়াৰ জৰিয়তে ৬০০,০০০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ১৩,০০০ প্রাপ্তবয়স্ক লোক উপকৃত হৈছে। আনহাতে, অইল চুপাৰ-৩০ৰ জৰিয়তে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া কোচ্চিং প্ৰদান কৰা হয় আৰু ইয়াৰ জৰিয়তে এতিয়ালৈকে ১৫০০ ছাত্র-ছাত্রীয়ে আই আই টি-কে ধৰি বিভিন্ন ইঞ্জিনিয়াৰিং আৰু মেডিকেল কলেজসমূহত স্থান লাভ কৰিছে।

অইলে গুৰুত্ব আৰোপ কৰা আন এক প্রধান ক্ষেত্র হৈছে স্বাস্থ্যসেৱা। প্রসূতি আৰু শিশুৰ স্বাস্থ্যৰ বাবে ৰূপায়িত অইল আৰোগ্যৰ দৰে প্ৰকল্পৰ জৰিয়তে প্রায় ১৪১,০০০ গৰাকী মহিলা আৰু শিশু লাভান্বিত হৈছে। আনহাতে অইল শক্তিয়ে গ্রাম্য অঞ্চলত মাহেকীয়া ঋতুস্ৰাৱ সম্বন্ধীয় পৰিষ্কাৰ পৰিচ্ছন্নতাক প্ৰসাৰ কৰাৰ বিপৰীতে অইল স্পৰ্শৰ জৰিয়তে ভিতৰুৱা অঞ্চলৰ লোকসকলৰ বাবে প্ৰাথমিক স্বাস্থ্যসেৱা প্ৰদান কৰা হয়। বিভিন্ন স্বাস্থ্য শিবিৰৰ জৰিয়তে এতিয়ালৈকে প্রায় ১.৮৬ নিযুত লোক উপকৃত হৈছে। তদুপৰি, উত্তৰ-পূৱ ভাৰতৰ শিশুসকলৰ ক্লেফ্ট চাৰ্জাৰীক সহযোগ কৰিবলৈ কোম্পানীটোৱে মিছন স্মাইলৰ সৈতেও অংশীদাৰ হৈছে।

বিভিন্ন বিদ্যালয় আৰু অঞ্চলত প্রায় ৩,০০০ ৰো অধিক শৌচাগাৰ নিৰ্মাণ আৰু পৰিষ্কাৰ খোৱা পানীৰ যোগান ধৰি অইলে ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানলৈ অৱদান আগবঢ়াইছে। ইয়াৰ উপৰিও অসম আৰু অৰুণাচল প্ৰদেশৰ আদর্শ জিলাসমূহৰ আন্তঃগাঁথনি বিকাশক গুৰুত্ব আৰোপ কৰি এই অঞ্চলসমূহৰ স্বাস্থ্যসেৱা, অনাময় ব্যৱস্থা আৰু গ্ৰাম্য আন্তঃগাঁথনিৰ উন্নয়নত সহযোগ কৰিছে।

বহনক্ষম জীৱিকাৰ পদক্ষেপসমূহ অইলৰ চি এছ আৰ কৌশলৰ অবিচ্ছেদ্য অংগ। অইল জীৱিকা আৰু অইল ৰূপান্তৰৰ দৰে কাৰ্য্যসূচীয়ে গ্ৰাম্য পৰিয়ালসমূহৰ বাবে আত্মনিয়োজনৰ সুযোগ সৃষ্টি কৰে আৰু ইয়াৰ জৰিয়তে ইতিমধ্যে ৬৫,০০০ৰো অধিক পৰিয়াল উপকৃত হৈছে। অইল স্বাৱলম্বন আৰু গুৱাহাটীৰ কৌশল বিকাশ প্ৰতিষ্ঠানৰ দৰে কোম্পানীটোৰ কৌশল বিকাশৰ পদক্ষেপসমূহে ভাৰত আৰু বিদেশত প্রায় ২১ হাজাৰৰো অধিক যুৱক-যুৱতীক সংস্থাপন প্রদান কৰিছে।

সামর্থ্য বিকাশ কাৰ্য্যসূচীসমূহৰ জৰিয়তে অইলে মহিলা সবলীকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। কোম্পানীটোরে হস্ততাঁত আৰু হস্তশিল্প উৎকর্ষ কেন্দ্র আৰু নাচিং স্কুল চলাই আছে, যাৰ জৰিয়তে ২০০০ৰো অধিক মহিলা ইতিমধ্যে উপকৃত হৈছে। তদুপৰি, বিশেষভাৱে সক্ষম লোকসকলৰ বাবে অইলে আন্তঃগাঁথনি উন্নয়ন, স্বাস্থ্যসেৱা আৰু বৃত্তিমূলক প্রশিক্ষণত সহযোগ কৰিছে আৰু এই ক্ষেত্ৰত প্ৰকল্প অইল সক্ষমৰ অধীনত ১০০০ৰো অধিক ব্যক্তিক প্ৰভাৱিত কৰিছে।

ক্রীড়া ক্ষেত্রত অইল গ্রাম্য ক্রীড়া, অইল লক্ষ্য আৰু অইল ভলীবল মিছনৰ দৰে পদক্ষেপ ৰূপায়ণ কৰি অইলে বিশেষকৈ ফুটবল আৰু ভলীবলত তৃণমূল পর্যায়ৰ প্ৰতিভাক উৎসাহিক কৰি ২০০০ৰো অধিক যুৱ খেলুৱৈক উপকৃত কৰিছে। আনহাতে, পাৰিপাৰ্শ্বিক বহনক্ষমতাৰ ক্ষেত্ৰত প্ৰচেষ্টা স্বৰূপে অইলে ২,৫০,০০০ থলুৱা গছ ৰোপণ কৰিছে আৰু ৫০,০০০ মেট্রিক টন পৌৰসভাৰ আৱৰ্জনা পুনৰ সংস্থাপন কৰিছে।

প্রকল্প অইল নির্মাণ আৰু অইল সৃষ্টিৰ অধীনত গ্রাম্য আন্তঃগাঁথনি উন্নয়ন বৃদ্ধিৰ দিশত অইলে যথেষ্ট অৰিহণা যোগাইছে। প্রায় ১৮০০ কিলোমিটাৰতকৈও অধিক পথ আৰু দলং নিৰ্মাণ কৰাৰ লগতে বিভিন্ন সামূহিক প্রকল্প যেনে চিকিৎসালয়, বিদ্যালয়, পুথিভঁৰাল আদিলৈ সহযোগিতা আগবঢ়াইছে। এই প্রচেষ্টাসমূহৰ জৰিয়তে অইলৰ লক্ষ্য হৈছে সমতা, শিক্ষা, শান্তি আৰু সুস্থ জীৱন-যাপনক উৎসাহিত কৰা, পিছপৰা লোকসকলৰ অৱস্থা উন্নীত কৰাত সহায় কৰা আৰু এক অধিক সম্মিলিত সমাজ গঢ়ি তোলা।

অইল ইণ্ডিয়া লিমিটেড