নিশাৰ বিভীষিকা মাৰ নৌযাওঁতেই পুৱা পুনৰ একেস্থানত নিৰ্গমণ হ'ল খাৰুৱা তেল

টিংখাঙৰ শালমাৰি দীঘলীয়াত পুনৰ সংঘটিত হয় অঘটন। নিশাৰ বিভীষিকা মাৰ নৌযাওঁতেই মঙলবাৰে পুৱা ১০ বজাত পুনৰ সেই একেটা স্থানতে নিৰ্গমণ হ'ল খাৰুৱা তেল।

author-image
Asomiya Pratidin
New Update
new ap web 2 (37)

ডিজিটেল ডেস্কঃ টিংখাঙৰ শালমাৰি দীঘলীয়াত পুনৰ সংঘটিত হয় অঘটন। নিশাৰ বিভীষিকা মাৰ নৌযাওঁতেই মঙলবাৰে পুৱা ১০ বজাত পুনৰ সেই একেটা স্থানতে নিৰ্গমণ হ'ল খাৰুৱা তেল। পিছে ফটা পাইপ মেৰামতিৰ নামত অইলে ভেকো-ভাওনা কৰাৰ অভিযোগত ক্ষুব্ধ হৈ পৰিছে ৰাইজৰ।

উল্লেখযোগ্য যে, নিশাৰ ঘটনাৰ পাছত অইল কৰ্তৃপক্ষই তেল নিৰ্গমণ বন্ধ কৰিছিল যদিও, আজি পুৱা ১০ বজাত পুনৰ পাইপৰ সেই ফটা অংশয়েদি হৰহৰাই তেল নিৰ্গমন হ'বলৈ ধৰে। অইল ইণ্ডিয়াৰ এই চৰম গাফিলতিৰ বাবে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত।

ইতিমধ্যে কৃষি পথাৰ আৰু মীন পালন কৰা পুখুৰী তেলৰ আৱৰণত পোত গৈছে বুলি জানিব পৰা গৈছে । তেলৰ তীব্ৰ দুৰ্গন্ধ আৰু পুনৰাই হোৱা এই অঘটনত এতিয়া ৰাইজৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। স্থানীয় ৰাইজৰ স্পষ্ট অভিযোগ— অইলে দায়িত্ব পালন নকৰাৰ বাবেই বাৰে বাৰে এনে বিপদ মাতি আনিছে। সেয়েহে ক্ষতিপূৰণৰ লগতে এই জৰাজীৰ্ণ পাইপলাইনসমূহ তৎক্ষণাৎ মাটিৰ তলত পুতি দিয়াৰ দাবী জনাইছে ৰাইজে।

অইল ইণ্ডিয়া অইল ইণ্ডিয়া লিমিটেড