/asomiyapratidin/media/media_files/2025/06/05/NmRPTiQEK7k3CG5dt1JY.png)
ডিজিটেল ডেস্ক: বিশ্ব পৰিবেশ দিৱস প্ৰতি বছৰে ৫ জুনত উদযাপন কৰা হয়। এই দিৱসে সকলোকে পৰিবেশ সুৰক্ষাৰ বাবে অনুপ্ৰাণিত কৰে। ২০২৫ চনৰ বিশ্ব পৰিৱেশ দিৱস আয়োজক দেশ দক্ষিণ কোৰিয়া। এইবাৰ বিশ্ব পৰিবেশ দিৱসৰ 'থিম' হৈছে 'বিট প্লাষ্টিক পলিউশ্যন', অৰ্থাৎ পৰিৱেশ ধ্বংশৰ মূল কাৰক প্লাষ্টিক প্ৰদূষণ দূৰ কৰাত গুৰুত্ব আৰোপ কৰা।
প্ৰতি বছৰে ৪৩ কোটি টনতকৈ অধিক প্লাষ্টিক উৎপাদন হয়, ইয়াৰে দুই তৃতীয়াংশ মাত্ৰ এবাৰ ব্যৱহাৰৰ পিছত আৱৰ্জনা হিচাপে পেলাই দিয়া হয়। যদিহে এই ধাৰা অব্যাহত থাকে, তেন্তে ২০৬০ চনৰ ভিতৰত প্লাষ্টিকৰ আৱৰ্জনা তিনিগুণ বৃদ্ধি পাব, যিয়ে পৰিৱেশ তন্ত্ৰ আৰু মানৱ স্বাস্থ্য উভয়ৰ বাবেই ভয়াৱহ পৰিণতি হ’ব।
অ’চেন কনজাৰ্ভেটৰীৰ তথ্য অনুসৰি, ইতিমধ্যে আমাৰ সাগৰীয় পৰিৱেশৰ মাজেৰে বৈ যোৱা আনুমানিক ২০ কোটি মেট্ৰিক টন প্লাষ্টিকৰ উপৰিও প্ৰতি বছৰে কেৱল আমাৰ সাগৰত এঘাৰ মিলিয়ন মেট্ৰিক টন প্লাষ্টিক প্ৰৱেশ কৰে।
বৰ্তমানৰ উৎপাদনৰ হাৰত শতিকাৰ মাজভাগলৈকে সাগৰত মাছতকৈ অধিক প্লাষ্টিক থাকিব বুলি ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ বাৰ্বাডোছ আৰু ইষ্টাৰ্ণ কেৰিবিয়ান ব্লু ইকনমি এক্সিলেটৰ লেবৰ মুৰব্বী নিকোলা চিম্পছনে শেহতীয়াকৈ উল্লেখ কৰিছে।
World Environment Day 2025: আপুনি কেনেকৈ পৰিৱৰ্তন আনিব ?
প্লাষ্টিক প্ৰদূষণৰ সৈতে মোকাবিলা কৰাটো ভয়ংকৰ যেন লাগিব পাৰে। কিন্তু পৰিৱৰ্তন আৰম্ভ হয় দৈনন্দিন জীৱনৰ পৰাই। পৃথিৱীখনক সুৰক্ষিত কৰাত সহায় কৰিবলৈ আপুনি গ্ৰহণ কৰিব পৰা কিছুমান সহজ কিন্তু শক্তিশালী উপায় হৈছে-
১) এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীবোৰ সম্পূৰ্ণৰূপে ত্যাগ কৰক।
২) সকলো সময়তে পুনৰ ব্যৱহাৰযোগ্য কাপোৰৰ বেগ এটা লগত ৰাখিব, যাতে আপুনি দৰকাৰবোধ কৰিলেই প্লাষ্টিকৰ সলনি কাপোৰৰ বেগটো ব্যৱহাৰ কৰিব পাৰে।
৩) নূন্যতম প্লাষ্টিক পেকেজিঙৰ সৈতে সামগ্ৰী বাছনি কৰিব আৰু পৰিৱেশক সমৰ্থন কৰা ব্ৰেণ্ডসমূহ সমৰ্থন কৰক।
৪) বন্ধু-বান্ধৱ, পৰিয়াল তথা সকলোৰে সৈতে একক ব্যৱহাৰৰ প্লাষ্টিকৰ ক্ষতিৰ বিষয়ে সজাগতা সৃষ্টিৰ চেষ্টা কৰক আৰু বহনক্ষম বিকল্পক উৎসাহিত কৰক।