/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/3b88cf54-c426-43bb-b4bc-637d7259335d/AP_FOR_WEB_jackpot.jpg)
ডিজিটেল ডেস্ক: আমাৰ মাজৰ বহুতেই হয়তো ভাবিয়েই সুখ লৈ ভাল পায়।ভাৱনাত সকলোবোৰ ঢুকি পায়। ভাগ্যই কোনোবা দিনা আমাক জিলিকাই তুলিব, সেই মনোভাৱতো আমাৰ সকলোৰে আছে।সেয়ে হয়তো আমি লটাৰী টিকটত ধন বিনিয়োগ কৰি ভাগ্য পৰীক্ষা কৰি থাকো।একমাত্ৰ লটাৰীৰ যোগে কোটীপতি হোৱা কেইজনমান অতি ভাগ্যৱান ব্যক্তিৰ বিষয়ে আজি জনো আহক-
কেচিন’ত কোটীপতি হোৱা এজন পৰ্যটক
চলিত বৰ্ষৰ ৪ জানুৱাৰীত ৰবাৰ্ট টেইলৰ নামৰ এৰিজোনাৰ এজন ব্যক্তি তেওঁৰ বন্ধৰ দিন উপভোগ কৰিবলৈ লাছ ভেগাছলৈ গৈছিল।য'ত তেওঁ ট্ৰেজাৰ আইলেণ্ড হোটেল এণ্ড কেচিন’ত কিছু ভাগ্যৱান ড্ৰ'ত ভাগ্য চেষ্টা কৰি ১.৭ কোটী টকা জিকিবলৈ সক্ষম হৈছিল।কিন্তু ‘ছফ্টৱেৰ’ৰ বিজুতিৰ বাবে কেচিন’ত কোনেও এই বিষয়ে গম পোৱা নাছিল। এই বিজুতিৰ সমাধান হোৱাৰ পাছত যেতিয়া কেচিন’ৰ কৰ্মচাৰীসকলে এই বিষয়ে জানিব পাৰিছিল, টেইলৰ ইতিমধ্যে এৰিজোনালৈ ঘৰলৈ উভতি গৈছিল।পাছত অৱশ্যে কেচিন’ কৰ্তৃপক্ষই টেইলৰক তেওঁৰ প্ৰাপ্য ৰাশি হস্তান্তৰ কৰিছিল।
কোটীপতি হোৱাৰ আশাত তিনি দশক ধৰি কিনিছিল লটাৰী টিকট
পঞ্জাৱৰ বাথিণ্ডাৰ এখন গাঁৱৰ বাসিন্দা তথা কাপোৰৰ দোকান দি জীৱন নিৰ্বাহ কৰা ৰোশন সিঙে সৰুৰে পৰাই মনত লটাৰীৰ যোগেদি ধনৱান হোৱাৰ আশা পুহি ৰাখিছিল।এই আশাতে তেওঁ ১৯৮৭ চনৰ পৰা তিনি দশক ধৰি লটাৰী টিকট ক্ৰয় কৰি মাজে মাজে ১০০-২০০ টকা জিকি আহিছে। কিন্তু চলিত বৰ্ষৰ এপ্ৰিলত তেওঁৰ ভাগ্য উদয় হল।এপ্ৰিল মাহৰ সেই বিশেষ দিনটোত ৰোশনে পঞ্জাৱ ৰাজ্যবৈশাখী বাম্পাৰ লটাৰীত ২.৫ কোটি টকা লাভ কৰে।
৩০ বছৰৰ বাবে প্ৰতি মাহে ৯.৫ লাখ লাভ কৰা মহিলাগৰাকী
যদি আপুনি গম পায় যে আপুনি একো নকৰাকৈয়ে প্ৰতি মাহে ৯.৫ লাখ টকা লাভ কৰিব। আপোনাৰ প্ৰতিক্ৰিয়া বাৰু কি হ'ব ? ইংলেণ্ডৰ লৰা হয়েলৰ ক্ষেত্ৰত প্ৰকৃততেই এই ঘটনা ঘটিছিল। এই গৰাকী ভাগ্যৱান মহিলাই লটাৰীত ৩০ বছৰৰ বাবে মাহে ৯.৫ লাখ টকা লাভ কৰিবলৈ সক্ষম হয়। উক্ত লটাৰী খেলখনত শীৰ্ষ পুৰস্কাৰ লাভ কৰা বুলি গম পোৱাত হয়েল স্তম্ভিত হৈ পৰে যদিও কিছু সময়ৰ পাছতে এই সত্য স্বীকাৰ কৰি স্বাভাৱিকভাৱেই উৎফুল্লিত হৈ পৰে।
দুবছৰত দুবাৰকৈ ১.৫ কোটী লাভ কৰা আমেৰিকাৰ মহিলাগৰাকী
২০২০ চনত ১.৯ কোটি টকাৰ লটাৰী জয় কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেৰোলিনাৰ এগৰাকী মহিলাই ২০২২ চনৰ জুন মাহত একেখন দোকানৰ পৰা ক্ৰয় কৰা টিকটত পুনৰ ১.৫ কোটি টকাৰ লটাৰী লাভ কৰে।দুবাৰকৈ কোটীটকাৰ লটাৰী লাভ কৰা মহিলাগৰাকীয়ে উল্লেখ কৰা মতে, ‘ভাগ্যৰ জোৰত লাভ কৰা এই ধনৰাশিৰে মই জীৱনটো উপভোগ কৰিম।এই ধনৰে মই এই বিলাসী ঘৰ কিনিম।
৪ কোটীৰ গৰাকী হ’ল ট্ৰাক চালক
মিচিগানৰ এজন ট্ৰাক চালকে এটা স্ক্ৰেচ টিকট কিনি তেওঁৰ ভাগ্য পৰীক্ষা কৰে আৰু এই টিকটটোৱেই সলনি কৰে তেওঁৰ জীৱন।এই টিকটটোত তেওঁ ৪ কোটী টকাৰ ধনৰাশি লাভ কৰে।অফিচিয়েল মিচিগান লটাৰী ৱেবছাইট অনুসৰি, ট্ৰাক চালকজনে মাট্টাৱানৰ ক'ল এভিনিউৰ স্পিডৱে গেছ ষ্টেচনৰ পৰা এটা স্ক্ৰেচ-অফ টিকট ক্ৰয় কৰিছিল। এই টিকটৰ ধনৰাশি লাভ কৰাৰ পাছত ট্ৰাক চালকজন স্বাভাৱিকভাৱেই হতবাক হৈ পৰিছিল।
Also Read: মুক্তিৰ বাবে সাজু ‘ব্লাইণ্ড’