/asomiyapratidin/media/media_files/2025/05/29/HWwRB3vggp90kz9dvzS0.jpg)
ডিজিটেল ডেস্ক: ধঁপাতৰ আসক্তসকলে তেওঁলোকৰ জীৱনটোক নিজেই বিপদত পেলায়। এই কথাত হয়তো দ্বিমত কাৰো নাথাকিব। স্বাস্থ্য বিশেষজ্ঞৰ মতে, নিয়মীয়াকৈ ধঁপাত সেৱন কৰা লোকসকলৰ ক্ষেত্ৰত ইৰেক্টাইল ডিচফাংশনৰ আশংকা বহুগুণে বৃদ্ধি হয়। যিয়ে তেওঁলোকৰ পুৰুষত্বত গুৰুতৰ প্ৰভাৱ পেলায়। ফলত জীৱনৰ মানদণ্ড অৱনতি হৈ পৰে। সেয়েহে, যদি আপুনি আপোনাৰ বিবাহিত জীৱনটোত সুখী হৈ থাকিব বিচাৰে, তেন্তে যিমান সোনকালে সম্ভৱ ধঁপাতজাতীয় সামগ্ৰী, চাধা-চিগাৰেট খোৱাটো বাদ দিয়ক। ধঁপাত সেৱন এক নিচা হ'লেও কিছুমান ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ এইসমূহ নিচা আপুনি ত্যাগ কৰিব পাৰিব। আজি এই বিষয়ে জানো আহক-
১. যদি আপুনি ধঁপাতৰ প্ৰতি আসক্ত, তেন্তে আপুনি পান মছলা, মিচিৰিৰ সৈতে মিহলি কৰি চোৱাই খাব। এনে কৰাৰ দ্বাৰা আপুনি অতি সোনকালেই লাভান্বিত হ'ব।
২. অলপ আজৱাইন নেমুৰ ৰস আৰু ক'লা নিমখত দুদিনৰ বাবে তিয়াই ৰাখিব। পাছত সেইখিনি ভালকৈ শুকুৱাই ল’ব। শুকুৱাৰ পাছত সেয়া আপুনি নিয়মীয়াকৈ খোৱা আৰম্ভ কৰক।
৩. নেমুৰ ৰস আৰু নিমখৰ পানীত দুদিনৰ বাবে শিলিখা তিয়াই থৈ দিব। ইয়াৰ পাছত ভালদৰে শুকুৱাই চাধাৰ বিকল্প হিচাপে গ্ৰহণ কৰিব।
৪. যদি আপোনাৰ অত্যধিক চাধা খাবলৈ মন যায়, তেন্তে আপুনি আজৱাইন বা ইলাচী লগে লগে খাব পৰাকৈ আপোনাৰ সৈতে ৰাখিব।
৫. যদি আপোনাৰ শীতকালত চাধা খাবলৈ মন যায়, জেতুকাৰ গোন্ধ ল’ব।
৬. মনত ৰাখিব যে, তৎক্ষণাৎ চাধা খোৱাৰ অভ্যাস ত্যাগ নকৰিব, লাহে লাহেহে এই আসক্তি ত্যাগ কৰাৰ চেষ্টা কৰিব।
চাধা খালে হয় হৃদৰোগ
শেহতীয়া এক অধ্যয়ন মতে, ভাৰতীয় জনসংখ্যাৰ প্ৰতি পাঁচজনৰ ভিতৰত এজন ব্যক্তি চাধা খোৱাৰ ফলত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। সেয়েহে, যিসকলে চাধা খায়, তেওঁলোক অৱগত হোৱা উচিত যে সোনকালেই তেওঁলোক হৃদৰোগত আক্ৰান্ত হ’ব। বহুসময়ত দেখা গৈছে যে ধঁপাতৰ প্ৰতি আসক্ত একাংশ বন্ধুৱে তেওঁলোকৰ সঙ্গীকো ইয়াৰ প্ৰতি আসক্ত কৰি তোলে। সেয়েহে, যদি আপোনাৰ কোনো বন্ধুৱে ধঁপাত খাবলৈ প্ৰস্তাৱ দিয়ে, তেন্তে সেয়া স্পষ্টভাৱে অস্বীকাৰ কৰিব।
Also Read: ডায়েবেটিছেই নহয়, কৰ্কট ৰোগৰো কাৰক মিঠা