World Environment Day 2025: অভাৱনীয়ভাৱে বৃদ্ধি পোৱা উষ্ণতা কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?

প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। এই দিৱসে পৃথিৱী আৰু পৰিবেশৰ সুৰক্ষাৰ বিষয়ে সজাগতা বিয়পোৱাৰ সুযোগ দিয়ে, আমাক সোঁৱৰাই দিয়ে পৰিবেশৰ প্ৰতি থকা দায়িত্বৰ কথা।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
seo পৰিৱেশ web

World Environment Day 2025

ডিজিটেল ডেস্ক: প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। এই দিৱসে পৃথিৱী আৰু পৰিবেশৰ সুৰক্ষাৰ বিষয়ে সজাগতা বিয়পোৱাৰ সুযোগ দিয়ে, আমাক সোঁৱৰাই দিয়ে পৰিবেশৰ প্ৰতি থকা দায়িত্বৰ কথা। ২০২৫ চনৰ বিশ্ব পৰিবেশ দিৱসৰ 'থিম' হৈছে 'বিট প্লাষ্টিক পলিউশ্যন', অৰ্থাৎ পৰিৱেশ ধ্বংশৰ মূল কাৰক প্লাষ্টিক প্ৰদূষণ দূৰ কৰাত গুৰুত্ব আৰোপ কৰা।

Advertisment

গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে পৃথিৱীৰ উষ্ণতা দ্ৰুতগতিত বৃদ্ধি পাইছে। যদি আমি এতিয়াই এই বিষয়টোত সচেতন নহওঁ, তেন্তে আগন্তুক সময়ত পৰিস্থিতি অধিক ভয়াৱহ হোৱাটো নিশ্চিত। এনে পৰিস্থিতিত আমি সকলোৱে পৰিৱেশ সুৰক্ষাৰ বাবে সৰু সৰু কিন্তু ফলপ্ৰসূ পদক্ষেপ লোৱাটো গুৰুত্বপূৰ্ণ। বেছি একো নকৰিলেও দৈনন্দিন জীৱনত আমি সকলোয়ে সৰু সৰু কেতবোৰ দিশত সচেতন হলেই পৃথিৱীখনক ৰক্ষা কৰিব পাৰো।

World Environment Day 2025: বৃদ্ধি পোৱা উষ্ণতা নিয়ন্ত্ৰণৰ বাবে ঘৰত কি কৰিব ?

১) পৃথিৱীখনক ৰক্ষা কৰাৰ পদক্ষেপ আপুনি নিজৰ ঘৰখনৰ পৰাই ল'ব পাৰে। ক্ৰমান্বয়ে বৃদ্ধি পোৱা উষ্ণতা বা তাপ হ্ৰাস কৰিবলৈ  আপোনাৰ বাৰী, বেলকনি বা ছাঁদত গছ-গছনি ৰোপণ কৰি সেউজীয়া বৃদ্ধি কৰক।

২) ঘৰৰ বাহিৰৰ অংশ বগা বা পাতল ৰঙেৰে ৰং কৰিব লাগে।

৩) বৈদ্যুতিক সঁজুলিৰ ব্যৱহাৰ হ্ৰাস কৰক। প্ৰয়োজন অনুসৰিহে ফ্ৰীজ আৰু এচি ব্যৱহাৰ কৰক।

৪) কোনোয়ে প্ৰকৃতি ধ্বংশ কৰা প্ৰত্যক্ষ কৰিলে পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত মাত মাতিব।

৫) ঘৰৰ ভিতৰৰ অংশটো গৰমৰ পৰা সকাহ পাবলৈ আপুনি বতৰ উপযোগী পৰ্দা, বাঁহৰ মেট আদি ব্যৱহাৰ কৰিব পাৰে।

World Environment Day 2025: পৰিৱেশ সুৰক্ষাৰ বাবে এই কথা মনত ৰাখিব

  • গছ ৰোপণ কৰক, পৃথিৱী ৰক্ষা কৰক। হয়, প্ৰতিজন ব্যক্তিয়ে এবছৰৰ অন্তত কমেও এজোপা গছ ৰোপণ কৰি লাগিব। গছে কেৱল ছাঁ দিয়াই নহয়, বায়ুমণ্ডলো পৰিস্কাৰ কৰি ৰাখে।
  • প্লাষ্টিকৰ ব্যৱহাৰ কম কৰক। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জন কৰক। কাপোৰৰ মোনা কঢ়িয়াই লৈ ফুৰিব আৰু প্লাষ্টিকৰ বটলৰ সলনি ষ্টীল বা কাঁচ ব্যৱহাৰ কৰিব।
  • পানীৰ অপচয় একেবাৰে নকৰিব। ৱাশ্বিং মেচিন, বাথৰুম, পাকঘৰ বা বাগিচাত পানী বিবেচনাপূৰ্ণভাৱে ব্যৱহাৰ কৰক। বৰষুণৰ পানী সংগ্ৰহ গ্ৰহণ কৰিব।
  • শক্তি ৰাহি কৰক। প্ৰয়োজন নহ’লে বৈদ্যুতিক সঁজুলি বন্ধ কৰি ৰাখিব। ইয়াৰ বিপৰীতে সৌৰশক্তিৰ দৰে বিকল্পৰ আপুনি সহায় ল'ব পাৰে।
  • স্থানীয় আৰু বতৰৰ খাদ্য খাব। স্থানীয় খাদ্যক অগ্ৰাধিকাৰ দিলে পৰিবহণৰ পৰা প্ৰদূষণ হ্ৰাস হয়।।
  • গাড়ীৰ সলনি চাইকেল বা ৰাজহুৱা পৰিবহণ বাছনি কৰিব। কম দূৰত্বৰ বাবে পাৰিলে খোজকাঢ়িব।
  • পৰিৱেশ অনুকূল সামগ্ৰীক গুৰুত্ব দিয়ক। চাফাই, সজ্জা বা পাকঘৰত পৰিৱেশক হানি নকৰা বিকল্প গ্ৰহণ কৰক।
  • ই-আৱৰ্জনা আৰু জাবৰ সঠিকভাৱে পেলাব লাগে। আৱৰ্জনাবোৰ পৃথকে পৃথকে পেলাব লাগে। যেনে তিতা, শুকান আৰু ইলেক্ট্ৰনিক আৱৰ্জনা। ইয়াৰ ফলত পুনঃব্যৱহাৰ প্ৰসাৰিত হয়।