এই ঘটনাৰ আঁৰত আছে ছানস্ক্ৰীন, কিন্তু কেনেকৈ ?

শুই থাকোতে কোনো ব্যক্তিৰ শৰীৰৰ হাড় ভঙাৰ কথা কেতিয়াবা শুনিছেনে ? হয়তো শুনা নাই ! কিন্তু আপুনি জানি আচৰিত হ'ব যে এগৰাকী মহিলাই শুই থকা অৱস্থাত বাগৰ সলাওঁতেই তেওঁৰ শৰীৰৰ অধিকাংশ হাড় ভাঙি টুকুৰা হয়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
হাড় seo

ডিজিটেল ডেস্ক: শুই থাকোতে কোনো ব্যক্তিৰ শৰীৰৰ হাড় ভঙাৰ কথা কেতিয়াবা শুনিছেনে ? হয়তো শুনা নাই ! কিন্তু আপুনি জানি আচৰিত হ'ব যে এগৰাকী মহিলাই শুই থকা অৱস্থাত বাগৰ সলাওঁতেই তেওঁৰ শৰীৰৰ অধিকাংশ হাড় ভাঙি টুকুৰা হয়। একেবাৰে আচৰিত যেন লাগিলেও এয়া সঁচা। এতিয়া প্ৰশ্ন হয়, কিয় বা কেনেকৈ মহিলাগৰকীৰ সৈতে সংঘটিত হ'ল এই ঘটনা। ?

Advertisment

চিকিৎসকৰ মতে, মহিলাগৰাকীৰ সৈতে এই ঘটনা সংঘটিত হোৱাৰ মূলতে হৈছে ছানস্ক্ৰীন। হয়, মহিলাগৰাকীয়ে খুব কম বয়সৰ পৰাই ৰ'দৰ পোহৰৰ পৰা বাচিবলৈ শৰীৰত ছানস্ক্ৰীন ব্যৱহাৰ কৰিছিল। ছানস্ক্ৰীনৰ অত্যধিক ব্যৱহাৰৰ ফলত মহিলাগৰাকীৰ শৰীৰত ভিটামিন ডিৰ তীব্ৰ অভাৱ ঘটে আৰু হাড়বোৰ অতি দুৰ্বল হৈ পৰে। ফলত শুই থাকোতেই তেওঁৰ শৰীৰৰ হাড়বোৰ ভাঙে।

মহিলাগৰাকীৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হোৱাৰ কাৰণ আছিল সূৰ্যৰ পোহৰৰ পৰা দূৰত থকা। এই মহিলাগৰাকীয়ে সৰুৰে পৰা সূৰ্যৰ পোহৰৰ পৰা বাচিবলৈ প্ৰয়োজনতকৈ অধিক ছানস্ক্ৰীন শৰীৰত প্ৰয়োগ কৰিছিল। ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত তেওঁ সদায় শৰীৰটো সম্পূৰ্ণকৈ ঢাকি ৰাখিছিল। 

হাড়ৰ ঔষধ সূৰ্যৰ পোহৰ 

সূৰ্যৰ পোহৰ আমাৰ শৰীৰ আৰু হাড়ৰ বাবে কিমান গুৰুত্বপূৰ্ণ, সেয়া হয়তো দোহৰাৰ প্ৰয়োজন নাই। স্বাস্থ্য বিশেষজ্ঞৰ মতে, সূৰ্যৰ পোহৰৰ পৰা বাচিবলৈ বহু লোকে মূৰৰ পৰা ভৰিলৈকে সম্পূৰ্ণৰূপে ঢাকি বাহিৰলৈ ওলায়, যি স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। আমাৰ শৰীৰৰ হাড়বোৰে প্ৰতি ১০ বছৰৰ মূৰে মূৰে নিজকে নতুনকৈ গঢ়ে। ইফালে, ৩০ বছৰ বয়সৰ পিছত প্ৰতি বছৰে হাড়ৰ  ঘনত্ব ০.৫ৰ পৰা ১ শতাংশ হ্ৰাস পাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত যদি শৰীৰে পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ লাভ নকৰে, তেন্তে শৰীৰৰ সীমাহীন বিপদ হোৱাটো নিশ্চিত।

কিদৰে দূৰ কৰিব ভিটামিন ডিৰ অভাৱ ?

বিশেষকৈ চহৰীয়া জীৱনশৈলী, সূৰ্যৰ পোহৰৰ সংস্পৰ্শ কম হোৱা আৰু পুষ্টিৰ অভাৱৰ বাবে আজিকালি ভিটামিন ডিৰ অভাৱ অতি সাধাৰণ সমস্যা হৈ পৰিছে। এই ভিটামিনৰ অভাৱে  হাড়ৰ দুৰ্বলতা, ক্লান্তি, হতাশা, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল আৰু পেশীৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

১) ৰদ লওঁক

ভিটামিন ডিৰ আটাইতকৈ কম খৰচী আৰু ফলপ্ৰসূ উৎস হ’ল সূৰ্যৰ পোহৰ। পুৱা ৮ বজাৰ পৰা ১১ বজাৰ ভিতৰত ১৫–৩০ মিনিট সূৰ্যৰ পোহৰ শৰীৰৰ বাবে যথেষ্ট হ’ব পাৰে। মন কৰিব যাতে ছালখন সূৰ্যৰ পোহৰৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহে।

২) ভিটামিন ডি সমৃদ্ধ খাদ্য খাব

তেলীয়া মাছ, ৰঙা মাংস, কণীৰ কুহুম ভিটামিন ডি সমৃদ্ধ খাদ্য। দৈনন্দিন খাদ্য তালিকাত আপুনি এইসমূহ খাদ্য অন্তৰ্ভূক্ত  কৰিব।

৩) ভিটামিন ডিৰ পৰিপূৰক 

যদি শৰীৰত এই ভিটামিনৰ অভাৱ বেছি হয়, তেন্তে চিকিৎসকে ভিটামিন ডি ৩ পৰিপূৰক বা বেজী দিব পাৰে। পৰীক্ষা আৰু পৰামৰ্শ অনুসৰি সপ্তাহত এবাৰ বা মাহত এবাৰ এই ঔষধ খাব।

৪) শাৰীৰিক ক্ৰিয়া-কলাপ

গোটেই দিনটো ঘৰৰ ভিতৰত বহি থকাৰ পৰিৱৰ্তে লঘু ব্যায়াম বা খোজ কাঢ়িব, যাতে শৰীৰে ভিটামিন ডি ভালদৰে ব্যৱহাৰ কৰিব পাৰে।

শৰীৰত ভিটামিন ডিৰ অভাৱৰ লক্ষণ

অহৰহ ভাগৰ লগা।

হাড়ৰ বিষ বা দুৰ্বলতা।

সঘনাই অসুস্থ হৈ পৰা।

চুলি সৰা।

হতাশা।

যদি আপোনাৰ শৰীৰতো ওপৰোক্ত লক্ষণসমূহে দেখা দিয়ে, পলম নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। উল্লেখ্য যে, বিচনাত বাগৰ সলাওঁতে শৰীৰৰ হাড় ভঙা মহিলাগৰাকী চীনৰ চেংডু চহৰৰ বাসিন্দা। তেওঁৰ বয়স ৪৮ বছৰ।

বি.দ্ৰ: এই লেখাটো ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত লেখা হৈছে।