বহু ভিটামিনৰ অভাৱত হয় এই সমস্যা, কি কৰিব লাগে জানি লওঁক

বহু ভিটামিনৰ অভাৱত হয় এই সমস্যা, কি কৰিব লাগে জানি লওঁক

ডিজিটেল ডেস্ক: কিছুমান লোকৰ খুব সঘনাই হাত আৰু ভৰি জিনজিনাই থাকে। দীঘলীয়া সময়ৰ বাবে একে স্থিতিত বহি থকা বা থিয় হৈ থাকিলে এনে হ'ব পাৰে। তদুপৰি, বহু সময় ধৰি একে স্থিতিত শুলে শৰীৰৰ প্ৰায় প্ৰতিটো অংশতে জিনজিননিৰ সমস্যা হ'ব পাৰে। একে স্থিতিত বহি-শুই থাকিলে শিৰাবোৰৰ ওপৰত চাপ পৰে, যিয়ে ৰক্ত সঞ্চালন হ্ৰাস কৰে। ইয়াৰ ফলতেই শৰীৰত জিনজিননিৰ সমস্যা হয়।প্ৰকৃততে, শৰীৰত এই সমস্যা কিছুমান ভিটামিনৰ অভাৱৰ বাবে হয়। কি ভিটামিনৰ অভাৱত জিনজিননিৰ সমস্যা হয়, আজি জানো আহক- 

ভিটামিন বি৬

ভিটামিন-বি৬ৰ অভাৱৰ বাবে হাত-ভৰিত জিনজিননি হ'ব পাৰে। সেয়েহে, আপুনি ভিটামিন-বি যুক্ত আহাৰ যেনে বাদাম, বীজ, মাংস, মাছ আদি আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে।

ভিটামিন ই  

ই ভিটামিনৰ ফলতো হাত আৰু ভৰিত জিনজিননি হয়।এই ভিটামিনৰ অভাৱৰ বাবে অন্ত্ৰত থকা চৰ্বি শোষণ প্ৰক্ৰিয়া হ্ৰাস হয়। ফলত হাত আৰু ভৰিত জিনজিননি হ'ব পাৰে। এই ভিটামিনবোৰ পূৰণ কৰিবলৈ আপুনি আহাৰত শুকান ফল, বীজ, আদি গ্ৰহণ কৰিব পাৰে।  

ভিটামিন বি ১ 

হাত-ভৰিৰ জিনজিননি শৰীৰত ভিটামিন-বি১-ৰ অভাৱৰ বাবেও হ'ব পাৰে। শৰীৰত এই ভিটামিনৰ অভাৱ পূৰণ কৰিবলৈ আপুনি মাহজাতীয় শস্য, সম্পূৰ্ণ শস্য, শুকান ফল আদি খাব পাৰে।

ভিটামিন বি১২

ভিটামিন-বি১২-ৰ অভাৱো এই সমস্যাৰ কাৰণ হ'ব পাৰে। এই ভিটামিনে কোষবোৰক শক্তি প্ৰদান কৰাত সহায় কৰে। যদি ই শৰীৰত হ্ৰাস হ'বলৈ আৰম্ভ কৰে, কোষবোৰ দুৰ্বল হ'ব পাৰে। ইয়াৰ অভাৱ পূৰণ কৰিবলৈ কণী, দুগ্ধজাত সামগ্ৰী খাব।

ভিটামিন বি৯ 

ভিটামিন-বি৯-ৰ অভাৱ হাত আৰু ভৰিত জিনজিননিৰ কাৰণ হ'ব পাৰে। এনে পৰিস্থিতিত, আপুনি ইয়াৰ অভাৱ পূৰণ কৰিবলৈ শাক, চীনাবাদাম, সম্পূৰ্ণ শস্যআদি অন্তৰ্ভুক্ত কৰিব পাৰে। 

বহু ভিটামিনৰ অভাৱত হয় এই সমস্যা, কি কৰিব লাগে জানি লওঁক
কেলচিয়ামৰ অভাৱ দূৰ কৰাৰ বাবে খাওঁক এইসমূহ খাদ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in