হাৰ্ট এটেকৰ এমাহ আগতেই শৰীৰত দেখা দিয়ে এই ৫ লক্ষণ

আজিকালি হাৰ্ট এটেকৰ ঘটনা খুব দ্ৰুতগতিত বৃদ্ধি পাইছে। সকলো বয়সৰ লোকেই হাৰ্ট এটেকত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে। বহুতেই ভাবে যে হাৰ্ট এটেক হঠাতে হয় আৰু ইয়াক প্ৰতিৰোধ কৰা সম্ভৱ নহয়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
seo web   হাৰ্ট এটেক

ডিজিটেল ডেস্ক: আজিকালি হাৰ্ট এটেকৰ ঘটনা খুব দ্ৰুতগতিত বৃদ্ধি পাইছে। সৰুৰ পৰা বৃদ্ধলৈকে সকলো বয়সৰ লোকেই হাৰ্ট এটেকত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে। বহুতেই ভাবে যে হাৰ্ট এটেক হঠাতে আহে আৰু ইয়াক প্ৰতিৰোধ কৰা সম্ভৱ নহয়। কিন্তু স্বাস্থ্য বিশেষজ্ঞৰ মতে, হাৰ্ট এটেকৰ লক্ষণ বহু মাহৰ আগতেই দিবলৈ আৰম্ভ কৰে। প্ৰয়োজন মাথোঁ সেই লক্ষণবোৰ সময়ত চিনি সঠিক চিকিৎসা আৰু জীৱনশৈলীৰ পৰিৱৰ্তন লাভ কৰা।

Advertisment

হাৰ্ট এটেক 'ছাইলেন্ট কিলাৰ' নহয়

সকলোয়ে ভবাৰ দৰে হাৰ্ট এটেক 'ছাইলেন্ট কিলাৰ' নহয়। হাৰ্ট এটেকৰ পূৰ্বে শৰীৰে আমাক বহুতো সংকেত দিয়ে, যিবোৰ নজনাৰ বাবে আমি আওকাণ কৰো আৰু বিপদ পৰো। যদি আপুনি আপোনাৰ হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিব বিচাৰে, তেন্তে এই লক্ষণসমূহ বুজি সময়মতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।

হাৰ্ট এটেকৰ বাট মুকলি কৰে ফাষ্ট ফুডে 

অধিকাংশ লোকেই ফাষ্ট ফুড প্ৰেমী। ফাষ্ট ফুড অস্বাস্থ্যকৰ চৰ্বিৰে ভৰপূৰ। যিয়ে শৰীৰত এল ডি এল কলেষ্টেৰল বৃদ্ধি কৰে। এল ডি এল কলেষ্টেৰল শিৰাত জমা হৈ তেজৰ সোঁত বন্ধ কৰি দিয়ে আৰু তাৰ পিছত ইয়েই হাৰ্ট এটেকৰ আটাইতকৈ ডাঙৰ কাৰণ হৈ পৰে।

হাৰ্ট এটেকৰ আগতে শৰীৰত দেখা দিয়া ৫ লক্ষণ

মূৰ ঘূৰোৱা বা চকুৰে অন্ধকাৰ দেখা

যদি আপুনি বাৰে বাৰে মূৰ ঘূৰোৱা অনুভৱ কৰে বা বহি থকাৰ পৰা উঠাৰ সময়ত চকুৰ সন্মুখত আন্ধাৰ দেখে, তেন্তে সাৱধান হ'ব। যেতিয়া হৃদযন্ত্ৰ দুৰ্বল হৈ পৰে, তেতিয়া ই শৰীৰত পৰ্যাপ্ত পৰিমাণৰ তেজ পাম্প কৰিবলৈ অক্ষম হয়। ইয়াৰ ফলত মগজুত অক্সিজেনৰ অভাৱ হৈ মূৰ ঘূৰোৱা আৰম্ভ হয়। এয়া হৃদযন্ত্ৰৰ তেজ পাম্প কৰাৰ ক্ষমতা হ্ৰাস পোৱাৰ স্পষ্ট ইংগিত হ’ব পাৰে।

ভৰি ফুলা

ভৰি বা ভৰিৰ গোৰোহা ফুলাটোও হাৰ্ট এটেকৰ গুৰুতৰ লক্ষণ হ’ব। যেতিয়া হৃদযন্ত্ৰই সঠিকভাৱে কাম নকৰে, তেতিয়া শৰীৰৰ পৰা অতিৰিক্ত তৰল পদাৰ্থ ওলাই আহিব নোৱাৰে। এই তৰল পদাৰ্থ ভৰিত জমা হৈ ফুলা হয়। ইয়াৰ দ্বাৰা হৃদযন্ত্ৰৰ বিকলতাৰ ইংগিত পোৱা যায়।

সকলো সময়তে ভাগৰুৱা অনুভৱ কৰা

কোনো বিশেষ কাম নকৰাকৈও যদি সদায় ভাগৰুৱা অনুভৱ হয়, তেন্তে এইটো স্বাভাৱিক নহয়। হৃদযন্ত্ৰৰ কাম হ’ল শৰীৰৰ প্ৰতিটো অংগলৈ অক্সিজেন যোগান ধৰা। যেতিয়া হৃদযন্ত্ৰ দুৰ্বল হৈ পৰে আৰু সঠিকভাৱে তেজ পাম্প কৰিব নোৱাৰে, তেতিয়া শৰীৰৰ পেশীবোৰত অক্সিজেনৰ অভাৱ হয়। ইয়াৰ ফলত পেশীবোৰ দুৰ্বল হৈ পৰে আৰু ব্যক্তিজনে সদায় ভাগৰুৱা অনুভৱ কৰে।

উশাহ-নিশাহ চুটি হোৱা

খোজ কঢ়া, দৌৰা বা চিৰি বগাই যোৱাৰ সময়ত উশাহ চুটি হোৱা, নাৰ্ভাছ বা অস্থিৰতা অনুভৱ কৰা আৰু বহি থকাৰ লগে লগে সকাহ পোৱা আদিবোৰ এক্সাৰচনেল ডিছফেচিয়াৰ লক্ষণ। যেতিয়া হৃদযন্ত্ৰৰ তেজ পাম্প কৰাৰ ক্ষমতা কমি যায়, তেতিয়া হাওঁফাওঁত তেজ জমা হ’বলৈ আৰম্ভ কৰে আৰু শৰীৰত অক্সিজেন কম হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা হয়, যিটো হাৰ্ট এটেকৰ এটা ডাঙৰ লক্ষণ।

বুকুখন গধুৰ যেন লগা বা টান হোৱা

 বুকুত অনবৰতে গধুৰ অনুভৱ হোৱা, ডিঙি বা বাওঁহাতলৈ বিষ বিয়পি পৰাও হাৰ্ট এটেকৰ লক্ষণ। হৃদযন্ত্ৰই পৰ্যাপ্ত পৰিমাণৰ তেজ নাপালে এই লক্ষণসমূহ দেখা দিয়ে। যাক আওকাণ কৰিলে আপোনাৰ প্ৰাণ যাব পাৰে।

কেনেকৈ হাত সাৰিব পাৰি ?

১) মাজে মাজে হৃদযন্ত্ৰৰ পৰীক্ষা কৰাব।

২)অস্বাস্থ্যকৰ আৰু তেলীয়া খাদ্যৰ পৰা দূৰত থাকিব।

৩)দৈনিক লঘু শাৰীৰিক কাৰ্য্যকলাপ কৰিব।

৪) মানসিক চাপৰ পৰা দূৰ আৰু অতিৰিক্ত ওজন নিয়ন্ত্ৰণ কৰিব।

৫) কোনো লক্ষণ দেখা দিলে লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।

Also Read: জীৱনশৈলী, মেদবহুলতাই নহয়, ব্লাড গ্ৰুপৰ বাবেও হয় হৃদযন্ত্ৰৰ ৰোগ