এইসমূহ খাদ্য খালে হাড় দুৰ্বল হয়

এইসমূহ খাদ্য খালে হাড় দুৰ্বল হয়

ডিজিটেল ডেস্ক: শৰীৰৰ গোটেই প্ৰণালীটো হাড়ৰ ওপৰতে নিৰ্ভৰ কৰে। যদি আমাৰ হাড়বোৰ দুৰ্বল হয়, তেন্তে শৰীৰৰ কাম-কাজবোৰ সূচাৰুৰূপে পালন নহয়।স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ২০ বছৰ বয়সৰ পিছত হাড়ৰ বিকাশ বন্ধ হৈ পৰে। হাড় শক্তিশালী কৰিবলৈ খাদ্য তথা গুৰুত্বপূৰ্ণ পুষ্টিৰ প্ৰয়োজন। যদি আমি খোৱা খাদ্যত পৰ্যাপ্ত পুষ্টি নাথাকে, তেনেহ'লে হাড়বোৰ দুৰ্বল হৈ হাড় ভঙা আৰু অষ্টিওপোৰোচিছৰ দৰে সমস্যাৰ সৃষ্টি হয়। ইয়াৰ বাহিৰেও, কিছুমান খাদ্য আছে যিসমূহ খালে হাড় দুৰ্বল হোৱাৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি হয়। হাড় শক্তিশালী কৰি ৰাখিবলৈ কি খাব লাগে আৰু কি খাব নালাগে, আজি সেই বিষয়ে জানো আহক-

কণী

আজিৰ যুৱ প্ৰজন্মই হাড় আৰু পেশী শক্তিশালী কৰিবলৈ যথেষ্ট কণী খায়। কিন্তু অত্যাধিক কণী খোৱাটোয়ে স্বাস্থ্যৰ বহু পৰিমাণে ক্ষতি কৰিব পাৰে। কণীত ভিটামিন-এ প্ৰচুৰ পৰিমাণে পোৱা যায়। সেয়েহে দিনে ২-৩ টাতকৈ অধিক কণী খোৱাটো হাড় তথা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। 

মাংসৰ লিভাৰ

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, পশুৰ লিভাৰত ভিটামিন-এ যথেষ্ট পৰিমাণে পোৱা যায়। ইয়াত আমাৰ শৰীৰত প্ৰয়োজন হোৱাতকৈ বহুগুণে বেছি ভিটামিন-এ থাকে। সেয়েহে, সপ্তাহত এবাৰতকৈ অধিক মাংসৰ লিভাৰ খালে বৃদ্ধ বয়সত হাড় ভঙাৰ আশংকা বহু পৰিমাণে বৃদ্ধি হয়। 

মাছৰ তেল 

মাছত ভিটামিন-এ যথেষ্ট পৰিমাণে থাকে। এনে পৰিস্থিতিত, তেলযুক্ত মাছ অথবা মাছৰ তেল খোৱাটো স্বাস্থ্যৰ বাবে বিপদজনক হ'ব পাৰে। বহুলোকে মাছৰ পৰিপূৰক হিচাপে মাছৰ যকৃতৰ তেল খায়। কিন্তু স্বাস্থ্য বিশেষজ্ঞৰ মতে, মাছৰ যকৃতৰ তেলে অষ্টিওপোৰোচিছৰ আশংকা বৃদ্ধি কৰিব পাৰে।

 প্ৰতিদিনে কেৱল ইমানহে ভিটামিন-এ খাব 

বিশেষজ্ঞসকলৰ মতে, এজন ব্যক্তিয়ে প্ৰতিদিনে মাত্ৰ ১.৫ মিগ্ৰা বা ১৫০০ মাইক্ৰ'গ্ৰাম ভিটামিন-এ খাব পাৰে।ইয়াতকৈ অধিক আমাৰ শৰীৰলৈ গ’লে স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। 

এইসমূহ খাদ্য খাওঁক 

পশুৰ লিভাৰ খোৱাৰ সলনি আপুনি সেউজীয়া পাচলি, পালেং শাক, গাজৰ, মিঠা আলু, আম, অমিতা, এপ্ৰিকট খাব পাৰে।যিসমূহে আপোনাক পৰ্যাপ্ত ভিটামিন-এ গ্ৰহণ কৰাত সহায় কৰিব পাৰে।এই ক্ষেত্ৰত আপুনি বিশেষজ্ঞৰো সহায় ল'ব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in