আজিৰে পৰা আৰু এইসমূহ খাদ্য নাখাব

আজিৰে পৰা আৰু এইসমূহ খাদ্য নাখাব

ডিজিটেল ডেস্ক: হাড় স্বাস্থ্যৱান ৰাখিবলৈ দৈনন্দিন খাদ্য তালিকাত কেলচিয়াম আৰু ভিটামিন ডি যুক্ত খাদ্য অন্তৰ্ভুক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ। কেলচিয়াম আৰু ভিটামিন ডি-য়ে হাড়ৰ বিকাশত সহায় কৰাৰ লগতে ইয়াক শক্তিশালী কৰি ৰাখে।কিন্তু আমি খোৱা কেতবোৰ খাদ্য হাড়ৰ পক্ষে একেবাৰে ক্ষতিকাৰক।হাড় শক্তিশালী কৰি ৰাখিবলৈ আমি কোনবোৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে, আজি জানো আহক-

ঠাণ্ডা পানীয় 

কল ডিংকছ বা ঠাণ্ডা পানীয়ত ফছফৰিক এচিড থাকে, যিয়ে হাড়ৰ পৰা কেলচিয়াম আঁতৰ কৰি হাড়বোৰ দুৰ্বল কৰে। সেয়েহে হাড়ৰ স্বাস্থ্য ভালে ৰাখিবলৈ ঠাণ্ডা পানীয় খোৱাৰ পৰা নিজকে দূৰত ৰাখিব লাগে।

উচ্চ ফ্ৰুক্টোজ কন চিৰাপ 

এইটো চেনী চিৰাপৰ দৰে এক মিঠা তৰল, যি কৰ্ণ ষ্টাৰ্চ ভাঙি তাত অন্যান্য এনজাইম যোগ দি প্ৰস্তুত কৰা হয়।এই চিৰাপেও খুব কম সময়ৰ ভিতৰতে আমাৰ হাড় দুৰ্বল কৰিব পাৰে।

কেফেইন 

স্বাভাৱিক পৰিমাণত কেফেইন খালে ই শৰীৰৰ বেছি ক্ষতি নকৰে। কিন্তু কফি, এনাৰ্জী ডিংক আৰু কেফেইনযুক্ত খাদ্যবোৰ বেছিকৈ খালে ই শৰীৰত কেলচিয়াম শোষণ প্ৰক্ৰিয়াত বাধা দিয়ে, যিয়ে হাড়ৰ ঘনত্ব হ্ৰাস কৰে। 

অত্যাধিক নিমখ

কিছুমান লোকে খাদ্য খাওঁতে কেচা নিমখ খুব খায়।নিমখে প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা কেলচিয়াম আঁতৰ কৰি থাকে, যিয়ে লাহে লাহে হাড় দুৰ্বল কৰে, ফলত অষ্টিওপোৰোচিছৰ আশংকা বৃদ্ধি হয়। 

প্ৰ'টিন

সুস্বাস্থ্যৰ বাবে প্ৰ'টিন অতি গুৰুত্বপূৰ্ণ। কিন্তু অত্যাধিক প্ৰ'টিনে শৰীৰৰ পৰা কেলচিয়াম আঁতৰ কৰা আৰম্ভ কৰে। এনে পৰিস্থিতিত, যদি আপুনি অত্যাধিক প্ৰ'টিন খায়, তেন্তে সাৱধান হ'ব। 

ফাষ্ট ফুড 

ফাষ্ট ফুডত অস্বাস্থ্যকৰ চৰ্বি, উচ্চ ছ’ডিয়াম থাকে আৰু ইয়াত একেবাৰে পুষ্টি নাথাকে।ফাষ্ট ফুড  বেছিকৈ খালেও হাড়ৰ সমস্যা হয়। এনে পৰিস্থিতিত, যদি আপুনি হাড়ৰ সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে আপোনাৰ আহাৰৰ পৰা ফাষ্ট ফুড বাদ দিয়ক। 

আজিৰে পৰা আৰু এইসমূহ খাদ্য নাখাব
বায়ু প্ৰদূষণে দুৰ্বল কৰিছে শিশুৰ মগজু, বৃদ্ধি কৰিছে উশাহ-নিশাহৰ সমস্যা
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in