এইসমূহ হৈছে শিৱলিংগত পূজা কৰাৰ নিয়ম

সনাতন ধৰ্মৰ বিশ্বাস মতে, মহাদেৱক উপাসনা কৰিলে ভক্তসকলৰ সকলো দুখ-কষ্ট আঁতৰ হয়। এতিয়া শাওন মাহ। এই মাহটোৰ লগতে প্ৰতিটো সোমবাৰেই মহাদেৱৰ প্ৰতি উৎসৰ্গিত।

author-image
সংগীতা দাস
New Update
web ap shivling

ডিজিটেল ডেস্ক: সনাতন ধৰ্মৰ বিশ্বাস মতে, মহাদেৱক উপাসনা কৰিলে ভক্তসকলৰ সকলো দুখ-কষ্ট আঁতৰ হয়। এতিয়া শাওন মাহ। এই মাহটোৰ লগতে প্ৰতিটো সোমবাৰেই মহাদেৱৰ প্ৰতি উৎসৰ্গিত। যদি এই দিন বা মাহটোত ভগৱান শিৱক উপাসনা কৰা হয়, তেন্তে তেওঁ অতি সোনকালে সন্তুষ্ট হৈ ভক্তৰ সকলো ইচ্ছা পূৰণ কৰে। সেইবাবেই সোমবাৰে সকলো শিৱ মন্দিৰত ভক্তৰ লানি নিছিগা সোঁত বয়। পিছে এই উপাসনাৰো কেতবোৰ নিয়ম আছে। 

Advertisment

শিৱক কেতিয়া উপাসনা কৰিব লাগে ?

হিন্দু ধৰ্ম অনুসৰি, আপুনি জীৱনত সুখ আৰু শান্তিৰ বাবে যিকোনো সময়তে ভোলেনাথৰ উপাসনা কৰিব পাৰে। কিন্তু প্ৰদোষ কালত মহাদেৱক উপাসনা কৰিলে অধিক ফলপ্ৰসূ হয় বুলি বিশ্বাস কৰা হয়। সেয়েহে, প্ৰদোষ কালত মহাদেৱৰ উপাসনা কৰক, যি প্ৰতি সন্ধিয়া সূৰ্যাস্তৰ প্ৰায় ৪৫ মিনিট আগতে আৰম্ভ হয়। 

হিন্দু ধৰ্মত বিভিন্ন ধৰণৰ শিৱলিংগ আছে আৰু সকলো শিৱলিংগৰে উপাসনাৰ বিভিন্ন ফল পোৱা যায়। উদাহৰণ স্বৰূপে, পাৰাৰে নিৰ্মিত শিৱলিংগৰ বিষয়ে এটা বিশ্বাস আছে যে যি স্থানত এই শিৱলিংগৰ উপাসনা কৰা হয়, সেই স্থানত ধনৰ দেৱী লক্ষ্মী আৰু ধনৰ দেৱতা কুবেৰে বাস কৰে। ক'লা শিলেৰে নিৰ্মিত শিৱলিংগক উপাসনা কৰিলে ভক্তৰ সকলো ইচ্ছা পূৰণ হয়। আনহাতে, বিশুদ্ধ মাটিৰে নিৰ্মাণ কৰা শিৱলিংগক উপাসনা কৰি ভক্তই জীৱনত অপাৰ সফলতা অৰ্জন কৰিব পাৰে।

কিদৰে উপাসনা কৰিব লাগে শিৱলিংগক ?

সোমবাৰে ৰাতিপুৱা সোনকালে উঠি গা ধুই প্ৰথমে শিৱলিংগত তামৰ ঘটিৰে শিৱলিংগত বিশুদ্ধ পানী আগবঢ়াব। ইয়াৰ পিছত গৰুৰ কেঁচা গাখীৰৰে অভিষিক্ত কৰিব আৰু অভিষিক্তৰ পিছত আকৌ এবাৰ বিশুদ্ধ পানীৰে ধুৱাই দিব। এইসমূহ হোৱাৰ পাছত শিৱলিংগত বগা চন্দন কাঠৰে ফোঁট দিব আৰু বগা ফুল, ধুতুৰা, বেলপাত আদি আগবঢ়াব। ইয়াৰ পিছত ৰুদ্ৰাক্ষৰ জপমালাৰে শিৱ মন্ত্ৰ জপ কৰি চাকি জ্বলাই আৰতি প্ৰদৰ্শন কৰিব। পূজাৰ শেষত, শিৱলিংগ স্পৰ্শ কৰি আৰ্শীবাদ গ্ৰহণ কৰিব।