/asomiyapratidin/media/media_files/2025/07/29/hrtjygmjhutkm-2025-07-29-13-39-53.jpg)
ডিজিটেল ডেস্ক: নেমুৰ পানীক প্ৰাকৃতিক, সতেজ আৰু স্বাস্থ্যকৰ পানীয় হিচাপে গণ্য কৰা হয়। বিশেশকৈ গ্ৰীষ্মকালত ই আৰু অধিক উপকাৰী বুলি প্ৰমাণিত। অধিকাংশ লোকেই সুস্বাস্থ্যৰ বাবে ৰাতিপুৱা খালী পেটত নেমু পানী খায়। কিন্তু খালী পেটত নেমু পানী খোৱাটো সকলোৰে বাবে উপকাৰী নহয়। হয়, কোন লোকৰ বাবে খালী পেটত নেমু পানী খোৱাটো অপকাৰী তথা নেমু পানীৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আজি জানো আহক-
নেমু পানীৰ স্বাস্থ্য উপকাৰিতা
নেমুৰ পানীত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে শৰীৰক বহু দিশত উপকাৰ কৰে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, যাৰ ফলত ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ শক্তি বৃদ্ধি পায়। নেমুৰ পানীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাতো যথেষ্ট সহায় কৰে। ই হজম শক্তি উন্নত কৰে আৰু পেটটোক লঘু অনুভৱ কৰায়। ই ছালখনক সুস্থ আৰু উজ্জ্বল কৰি তোলে। নেমু পানীয়ে বিপাকীয় ক্ৰিয়াও ক্ষিপ্ৰ কৰে, যিয়ে ওজন কমোৱাত সহায় কৰে।
কাৰ বাবে উপকাৰী নহয় নেমু পানী ?
যদিও নেমুৰ পানীৰ বহু উপকাৰ আছে, তথাপিও খালী পেটত সকলোৱে ইয়াক খাব নোৱাৰে। নেমুত অধিক পৰিমাণৰ চাইট্ৰিক এচিড থাকে, যি কিছুমান মানুহৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। খালী পেটত বহু দিন ধৰি নেমুৰ পানী সেৱন কৰিলে পি এইচ ভাৰসাম্য বিঘ্নিত, হাৰ্টবাৰ্ণ আৰু এচিড ৰিফ্লাক্সৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে। ই দাঁতৰ ইনামেলত প্ৰভাৱ পেলায়, যাৰ বাবে দাঁত দুৰ্বল আৰু সংবেদনশীল হয়।
খালী পেটত নেমুৰ পানী কোনে খাব নালাগে ?
পেটৰ সমস্যা থকা লোক
যিসকলৰ গেষ্ট্ৰিক আলচাৰ, এচিড ৰিফ্লাক্স, হাৰ্টবাৰ্ণ বা সঘনাই পেট ফুলাৰ সমস্যা থাকে, তেওঁলোকে খালী পেটত নেমুৰ পানী খাব নালাগে। নেমুত থকা শক্তিশালী এচিডে পেটৰ ভিতৰৰ আৱৰণ অধিক সংবেদনশীল কৰি তুলিব পাৰে।
দাঁতৰ সংবেদনশীলতা থকা লোক
যদি আপোনাৰ দাঁতৰ সংবেদনশীলতা থাকে বা ইতিমধ্যে ইনামেল দুৰ্বল হয়, তেন্তে নেমুৰ পানীয়ে আপোনাৰ দাঁতৰ অধিক ক্ষতি কৰিব পাৰে।
বৃক্ক আৰু ৰক্তচাপ ৰোগী
বৃক্কৰ ৰোগ বা নিম্ন ৰক্তচাপ থকা লোকেও খালী পেটত নেমুৰ পানী খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
নেমু পানী খোৱাৰ পূৰ্বে এই কথা মনত ৰাখিব
যদি আপুনি নেমু পানী খাবলৈ বিচাৰে, তেন্তে এই কথা মনত ৰাখিব। আধা টুকুৰা নেমু কুহুমীয়া পানীত মিহলাই খালে অধিক উপকাৰ হয়। নেমু খোৱাৰ পিছত পৰিষ্কাৰ পানীৰে দাঁত ধুব যাতে দাঁতৰ ক্ষতি নহয়। যিসকল লোকৰ এলাৰ্জী, নিম্ন ৰক্তচাপ বা বৃক্কৰ সমস্যা আছে, তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে নেমু পানী খাব লাগে। দাঁতৰ সংবেদনশীলতা থাকিলেও নেমু পানীয়ে অপকাৰ কৰিব পাৰে। যদি আপোনাৰ এচিডিটিৰ সমস্যা আছে, তেন্তে খালী পেটত নেমু পানী খোৱাৰ পৰা বিৰত থাকিব। নেমু পানী স্বাস্থ্যৰ বাবে অতি উপকাৰী হ’ব পাৰে, কিন্তু সঠিক সময়ত, সঠিক পৰিমাণত আৰু সঠিকভাৱে গ্ৰহণ কৰিলেহে ই আপোনাৰ শৰীৰৰ উপকাৰ কৰে।