মহাদেৱক উপাসনা কৰোতে এই কথা মনত ৰাখিব

হিন্দু ধৰ্মত শাওন মাহটোক অতি পৱিত্ৰ আৰু গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই মাহটো ভগৱান মহাদেৱৰ নামত উৎসৰ্গিত, য'ত ভক্তসকলে উপবাস তথা বিভিন্ন নীতি-নিয়মৰে তেওঁলোকৰ মনোকামনা পূৰণৰ বাবে মহাদেৱক পূজা-অৰ্চনা কৰে।

author-image
সংগীতা দাস
New Update
web ap dahi

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত শাওন মাহটোক অতি পৱিত্ৰ আৰু গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই মাহটো ভগৱান মহাদেৱৰ নামত উৎসৰ্গিত, য'ত ভক্তসকলে উপবাস তথা বিভিন্ন নীতি-নিয়মৰে তেওঁলোকৰ মনোকামনা পূৰণৰ বাবে মহাদেৱক পূজা-অৰ্চনা কৰে। এই মাহটোত খাদ্যৰ সন্দৰ্ভতো বহু পৰম্পৰা আৰু নিয়ম আছে। হয়, এই নিয়ম অনুসৰি শাওন মাহত দৈ তথা গাখীৰৰ পৰা তৈয়াৰী খাদ্য খাব নালাগে। 

Advertisment

কি কয় ধৰ্মীয় বিশ্বাসে ?

মহাদেৱৰ পূজাত কেঁচা গাখীৰ আগবঢ়োৱাটো এক পৰম্পৰা। এই কাৰণেই শাওন মাহটোত গাখীৰ আৰু ইয়াৰ পৰা তৈয়াৰী বস্তু খোৱা নিষিদ্ধ। বিশ্বাস অনুসৰি, ঈশ্বৰক আগবঢ়োৱা সামগ্ৰী সেই সময়ত নিজে খাব নালাগে। আনকি ধৰ্মীয় গ্ৰন্থতো শাওন মাহত দৈ আৰু ইয়াৰ পৰা উৎপাদিত সামগ্ৰী খোৱাটো নিষিদ্ধ।

বৈজ্ঞানিক-আয়ুৰ্বেদিক কাৰণ

পাচনতন্ত্ৰ দুৰ্বল

আয়ুৰ্বেদৰ মতে, শাওনৰ বতৰত শৰীৰৰ পাচন শক্তি দুৰ্বল হয়। এনে পৰিস্থিতিত দৈৰ দৰে টেঙা খাদ্য খালে গেছ, বদহজম আৰু এচিডিটিৰ সমস্যা হ’ব পাৰে।

পেটৰ সমস্যা 

দৈৰ এনে গুণ আছে, যিয়ে বায়ু উপাদান বৃদ্ধি কৰে। যাৰ ফলত এই বতৰত গাঁঠিৰ বিষ, পেটৰ গেছ আৰু অন্যান্য সমস্যাৰ সৃষ্টি হ’ব পাৰে।

বৰষুণৰ বাবে গাখীৰৰ গুণাগুণত প্ৰভাৱ

শাওন মাহত অধিক বৰষুণ হয়। এই সময়ছোৱাত পোক-পৰুৱা, আৰ্দ্ৰতাৰ বাবে গৰু-ম’হে খোৱা ঘাঁহত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। যিয়ে গৰু ম’হৰ গাখীৰৰ গুণাগুণত প্ৰভাৱ পেলায়। এই গাখীৰ আৰু ইয়াৰ গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী খালে শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে।