নেতা নে বৰটোকোলা প্ৰকাশ কাশ্যপ? ৩৮ বিঘা ৰাভা লোকৰ মাটি নিলে কাঢ়ি!

খিলঞ্জীয়া লোকৰ আধিয়াৰিত ভোগ কৰা এনে মাটি একালৰ মুখ্যমন্ত্ৰী অ' এচ ডি তথা বিজেপি নেতা প্ৰকাশ কাশ্যপ আৰু ৰাজেশ প্ৰসাদ গুপ্তাৰ নামত নামজাৰি হোৱাৰ পাছত সেই মাটিৰ এতিয়া গৰাকী হৈ পৰিল এই দুই বিহাৰী সম্প্ৰদায়ৰ বিজেপি নেতা।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-07-15 at 1.48.13 PM (1)

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

এফালে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাইছে। সেই সময়তে পোহৰলৈ আহিছে ভূমি পুত্ৰৰ দখলত থকা মাটি কেনেকৈ একাংশ বিজেপি নেতাই ক্ষমতাৰ জোৰত হস্তগত কৰিছে।

আপাত দৃষ্টিত এই সকল অনা অসমীয়া বিজেপি নেতাৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও প্ৰশাসনে তেওঁলোকক সহযোগ কৰাহে অভিযোগ উঠিছে।এশ বছৰৰো অধিক কাল দখলকৃত এই ম্যাদি মাটি যিকোনো মুহূৰ্ততে আইনী প্ৰক্ৰিয়াৰে সেই ভূমি পুত্ৰ সকলৰ পৰা কাঢ়ি লোৱাৰ সম্ভাৱনা তীব্ৰতৰ হৈ পৰিছে।

যি সময়ত গোৱালপাৰা জিলাৰ চাপৰত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানে বাতৰিৰ শিৰোনাম দখল কৰিছে সেই সময়তে চৰ্চা বা পোহৰলৈ অহা নাই দুজন বিজেপি নেতাই ৰাভা সম্প্ৰদায়ৰ লোকে ভোগ দখল কৰি অহা ৩৮ বিঘাৰো অধিক ভূমি কেনেদৰে নিজৰ নামত নামজাৰি কৰাৰ খবৰ।

গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইখামাৰ ৰাজহ গাঁও অন্তৰ্গত ২১ নং পত্তা আৰু ১৪৪- পৰা ৩২৭ নং দাগৰলৈ ৩৮ বিঘা ৪ কঠা ৮ লেচা মাটি দুজন বিজেপি নেতাই ইতিমধ্যে নিজৰ নামত নামজাৰি কৰিছে।

সেই মাটিখিনি প্ৰথমে লক্ষীপুৰ চক্ৰ বিষয়া ৰাজীৱ গগৈ আৰু লাট মণ্ডল সৰলা বহ্মৰ সহযোগত পৰ্যায়ক্ৰমে কমলকৃষ্ণ চৌধৰীৰ সহলত সুমন চৌধৰীৰ নামত নামজাৰি কৰা হয়। প্ৰথম ২৩/১১/২০২১ ত নামজাৰি নং GOA/LAK/2021-22/FMUT হুকুম মৰ্মে এবিঘা ১৬ লেচা মাটি সুমন চৌধৰীৰ নামত নামজাৰি কৰা হৈছিল।

এই প্ৰক্ৰিয়াৰে নামজাৰি কৰা মাটিখিনি পৰৱৰ্তী সময়ত দুজন বিজেপি নেতাৰ নামত নামজাৰি কৰা হয়। ৩১/১২/২০২৪ ত নামজাৰি নং GOA//LAK/2024-25/2025009000/OMUTC হুকুমযোগে ২০৫১ দাগৰ ১৮ লেচা মাটি প্ৰকাশ কাশ্যপৰ নামত নামজাৰি কৰা হয়। 

তাৰ পাছত সেইদিনাই প্ৰকাশ কাশ্যপৰ নামত নামজাৰি কৰা হয় ক্ৰমে ১ কঠা ৫ লেচা মাটি। একেদিনাই প্ৰকাশ কাশ্যপৰ নামত এবিঘা এক কঠা ১৬ লেচা মাটিও নামজাৰি কৰাৰ তথ্য পোহৰলৈ আহিছে। দখলকৃত লোক সকলে সেই কথা গমকে নাপালে।

উক্ত দিনাই আন এক নামজাৰি হুকুমযোগে প্ৰকাশ কাশ্যপৰ নামত এবিঘা ৩ কঠা ৪ লেচা মাটি নামজাৰি কৰা হয়। এই নামজাৰি হুকুম নম্বৰ GOA/LAK/2024/25/2025009002/0MUTC। অতি সংগোপন আৰু পৰিকল্পিতভাৱে প্ৰকাশ কাশ্যপৰে ঘনিষ্ঠ বন্ধু তথা লক্ষীপুৰৰ বিজেপি নেতা ৰাজেশ প্ৰসাদ গুপ্তাৰ নামতো আন কিছু ভূমি নামজাৰি কৰা হয় ৩১ ডিচেম্বৰ ২০২৪ ৰ দিনাই।

উল্লেখযোগ্য যে এনেদৰে এই দুই বিজেপি নেতাৰ নামত ৩৮ বিঘাৰো অধিক ভূমি নামজাৰি কৰা হয় যদিও উক্ত ভূমি দখল কৰি থকা ৰাভা সম্প্ৰদায়ৰ লোক সকলক এই বিষয়ে কোনো কথাই জনোৱা নহয়। ইফালে এই মাটি তেওঁলোকৰ পূৰ্ব পুৰুষৰ বুলি দাবী কৰি দেৱজ্যোতি চৌধৰীয়ে আয়ুক্তক মাটি বেচা-কিনা সম্পৰ্কে আপত্তি দৰ্শাইছিল যদিও সেই অভিযোগৰ কোনো গুৰুত্ব দিয়া নহ'ল।

খিলঞ্জীয়া লোকৰ আধিয়াৰিত ভোগ কৰা এনে মাটি একালৰ মুখ্যমন্ত্ৰী অ' এচ ডি তথা বিজেপি নেতা প্ৰকাশ কাশ্যপ আৰু ৰাজেশ প্ৰসাদ গুপ্তাৰ নামত নামজাৰি হোৱাৰ পাছত সেই মাটিৰ এতিয়া গৰাকী হৈ পৰিল এই দুই বিহাৰী সম্প্ৰদায়ৰ বিজেপি নেতা।

উল্লেখযোগ্য যে, প্ৰকাশ কাশ্যপৰ পিতৃ বিহাৰৰ পৰা আহি লক্ষীপুৰত শিক্ষকতা কৰিছিল। তেওঁৰে পুত্ৰ এতিয়া বিজেপিৰ অন্যতম ক্ষমতাশালী নেতা আৰু পূৰ্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ কৰ্তব্যৰত বিষয়া আছিল।

আনহাতে ৰাজেশ প্ৰসাদ গুপ্তা প্ৰকাশ কাশ্যপৰ ল'ৰালি কালৰ বন্ধু। পূৰ্বতে কংগ্ৰেছত থকা গুপ্তা এতিয়া বিজেপিৰ স্থানীয় নেতা আৰু লক্ষীপুৰ টাউন কমিটীৰ চেয়াৰমেন। যিখিনি মাটি তেওঁলোকৰ নামত নামজাৰি কৰা হৈছিল সেইখিনি আছিল লক্ষীপুৰৰ জমিদাৰ চৌধৰী পৰিয়ালৰ মাটি। 

উক্ত মাটিত দীৰ্ঘকাল ধৰি বাস কৰি আহিছিল ২২ টাকৈ ৰাভা সম্প্ৰদায়ৰ পৰিয়াল। সেই পৰিয়াল কেইটা আছিল ক্ৰমে ৰঞ্জিত ৰাভা, ঠিজেন্দ্ৰ ৰাভা,কিনা ৰাভা, মোহন ৰাভা,ৰিগেন ৰাভা,কল্পনা ৰাভা, পৰিমল ৰাভা, ভক্ত ৰাভা,গৌতম ৰাভা আদি।

ইফালে চৌধৰী পৰিয়ালে দাবী কৰা মতে এই মাটিৰ প্ৰকৃত গৰাকী আছিল জমিদাৰ পৃথ্বীৰাম চৌধৰী। জমিদাৰে উক্ত মাটি ৰাভা লোক সকলৰ আধিয়াৰি ভোগ কৰিবলৈ দিছিল। জমিদাৰ পৃথ্বীৰাম চৌধৰীৰ আজু নাতি দেৱজ্যোতি চৌধৰীয়ে জানিবলৈ দিয়া মতে সেই মাটি কোনো কাৰণতে কমলকৃষ্ণ চৌধৰীৰ বংশধৰে বিক্ৰি কৰিব নোৱাৰে।

এই সন্দৰ্ভত তেওঁলোকে আদালতো কাষ চাপিছে। গোৱালপাৰা আয়ুক্তক আপত্তিদৰ্শাই আৱেদন দিছে। মাটিৰ কাগ-পত্ৰত কমলকৃষ্ণ চৌধৰীৰ পিতৃ বুলি বিভিন্ন ঠাইত তিনিটা নাম উল্লেখ আছে। জমিদাৰৰ পৰিয়ালৰ উত্তৰাসুৰীয়ে আপত্তিবিহীন প্ৰমাণ পত্ৰ প্ৰদানেৰে এই মাটিখিনি দীৰ্ঘকাল ধৰি ভোগ কৰি অহা ৰাভা সম্প্ৰদায়ৰ লোক সকলকহে প্ৰদান কৰিব পাৰে।

তেনেস্থলত কেৱল ক্ষমতাৰ অপব্যৱহাৰে বিজেপি নেতা প্ৰকাশ কাশ্যপ আৰু ৰাজেশ প্ৰসাদ গুপ্তাৰ নামত নামজাৰি কৰা হ'ল। বিহাৰীমূলৰ লোকৰ নামত অসমৰ ভূমিপুত্ৰসকলৰ কৃষিভূমি নামজাৰি কৰাত স্থানীয় ৰাভা সম্প্ৰদায়ৰ লোক সকলো ক্ষোভিত হৈ পৰিছে।

এতিয়ালৈ কোনেও জাননী এই ৰাভা লোকসকলে লাভ কৰা নাই। যিকোনো মুহূৰ্ততে তেওঁলোকলৈ উক্ত ভূমি এৰি দিবলৈ জাননী আহিব পাৰে। ৰাজহ চক্ৰ বিষয়া আৰু মণ্ডল গৰাকীয়ে অনিয়মেৰে কৰা এই মাটিৰ নামজাৰি বাতিলৰ দাবী তুলিছে শংকাত থকা লোকসকলে।

মুখ্যমন্ত্ৰীক সাক্ষাত বিচাৰিছে তেওঁলোকে। মুখ্যমন্ত্ৰীক দিব খোজে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি এক স্মাৰক পত্ৰ। ক'ব খোজে মুখ্যমন্ত্ৰীৰ আগত এজন মুখ্যমন্ত্ৰীৰ প্ৰাক্তন অ' এচ ডি,বিজেপি ৰাজ্যিক কাৰ্য নিৰ্বাহক সদস্য তথা এপিডিচিএলৰ সঞ্চালকৰ পদত থকা প্ৰকাশ কাশ্যপৰ দুৰ্নীতিৰ বহু কাহিনী।

গোৱালপাৰা ভূমি পট্টা ভূমি বিবাদ ভূমি বেদখল