মৰমৰ পাৰ্ণিকা, এইবাৰ গৰমৰ বন্ধত মই শিৱসাগৰ আৰু কাজিৰঙা ফুৰিলো...

তুমি ভালে আছানে? মই আৰু মোৰ মা-দেউতা ভালে আছো। আশা কৰিছো তোমাৰ ঘৰতো সকলো ভালে আছে। তুমি মোলৈ বহুত দিন চিঠি লিখা নাছিলা। সেই বাবে ময়ে তোমাৰ খবৰ ল’বলৈ আৰু গৰম বন্ধত কি কৰিলা জানিবলৈ চিঠিখন লিখিলো।

author-image
Asomiya Pratidin
New Update
চিঠি  main file

অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজি এই প্ৰতিযোগিতাত অসম জাতীয় বিদ্যালয়ৰ সপ্তম মান ছাত্ৰী ধৃতাশ্ৰী ভৰদ্বাজে লিখা এই চিঠিখন আগবঢ়োৱা হৈছে....

Advertisment

 

মৰমৰ পাৰ্ণিকা

তুমি ভালে আছানে? মই আৰু মোৰ মা-দেউতা ভালে আছো। আশা কৰিছো তোমাৰ ঘৰতো সকলো ভালে আছে। তুমি মোলৈ বহুত দিন চিঠি লিখা নাছিলা। সেই বাবে ময়ে তোমাৰ খবৰ ল’বলৈ আৰু গৰম বন্ধত কি কৰিলা জানিবলৈ চিঠিখন লিখিলো।


আমাৰ স্কুল বন্ধ হোৱাৰ পিছদিনাই অৰ্থাত ৬তাৰিখে দেউতা-মা আৰু মই গুৱাহাটী পল্টন বজাৰ ৰে’ল ষ্টেচনৰ পৰা শিৱসাগৰত থকা মোৰ মামাৰ ঘৰলৈ গৈছিলো। আমি তাত এসপ্তাহ থাকিলো। আমাৰ মামাৰ ঘৰ শিৱসাগৰ টাউনতেই হোৱাৰ বাবে আমি ৰিক্সাত উঠিয়েই বৰপুখুৰীৰ পাৰত থকা শিৱদৌল, বিষ্ণুদৌল আৰু দেৱী দৌল চালো। তাত মই, দেউতা আৰু মামাৰ লগত ৰংঘৰ, তলাতল ঘৰ চাবলৈ গ’লো। তাৰ পিছদিনা জয়সাগৰ পুখুৰী আৰু জয় দৌল চাবলৈ গ’লো। এনেদৰেই শিৱসাগৰত ৭তাৰিখৰ পৰা ১৩তাৰিখলৈ ৭দিন থাকি ১৩তাৰিখে নিশা বাছেৰে আহি কাজিৰঙাৰ কহৰাঁত থকা মোৰ জেঠাইৰ ঘৰ পালোহি।

UJUJA

শিৱসাগৰতকৈ কাজিৰঙাত মোৰ বেছি ভাল লাগিল। তাতেই দুদিন থাকিলো, ১৪আৰু ১৫। জেঠাইৰ হতঁৰ লগত আমি গাঁৱৰ ঘৰলৈ গৈছিলো। তাত আমি হাঁহৰ মাংসৰে ভাত খালো। তাতে দাদাৰ লগত পথাৰলৈ যাওঁতে সেই মাটিৰ ৰাস্তাত ডাঙৰ ভৰিৰ চিন দেখিলো। দাদাই ক’লে এইবোৰ হেনো গড় আৰু কেইটামান হাতীৰ ভৰিৰ চিন। আচৰিত কথা আছিল, যিবোৰ জন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মানুহে টকা দি চাবলৈ যায়, সেইবোৰ জন্তু ইয়াতে ইমান মুকলিকৈ ওলায়। এনেদৰে কাজিৰঙাত দিন কটাই আমি বাছেৰে গুৱাহাটীলৈ উভতি আহিলো। 

তোমাৰ মা-দেউতাক মোৰ সেৱা জনাবা আৰু তুমি গৰম বন্ধ কি কৰিলা ক’বলৈ নাপাহৰিবা। 

ইতি 
তোমাৰ বান্ধৱী
ধৃতাশ্ৰী ভৰদ্বাজ

ঠিকনা 
পাৰ্ণিকা চৌধুৰী
গণেশ নগৰ, গুৱাহাটী
গুৱাহাটী-২১

অসম জাতীয় বিদ্যালয়