এইদৰে খুব সহজেই ছাল-কাপোৰৰ পৰা আঁতৰাব পাৰি ফাকুৰ দাগ

ফাকুৱা বা হোলী হৈছে প্ৰেম, একতা আৰু বসন্তৰ আগমনৰ এক আনন্দময় উৎসৱ। এই উৎসৱ সৰু-বৰ সকলোয়ে মিলি উদযাপন কৰে। ৰঙীন হৈ পৰে আকাশ-বতাহ। কিন্তু ফাকুৱাৰ নামত দুটা দিন আনন্দ-উল্লাস কৰাৰ পাছত অধিকাংশ লোকেই অনুশোচনাত ভোগে।

author-image
Asomiya Pratidin
New Update
২২২

ডিজিটেল ডেস্ক: ফাকু খেলিবলৈ আমি সাজু। ফাকুৱা বা হোলী হৈছে প্ৰেম, একতা আৰু বসন্তৰ আগমনৰ এক আনন্দময় উৎসৱ। এই উৎসৱ সৰু-বৰ সকলোয়ে মিলি উদযাপন কৰে। ৰঙীন হৈ পৰে আকাশ-বতাহ। কিন্তু ফাকুৱাৰ নামত দুটা দিন আনন্দ-উল্লাস কৰাৰ পাছত অধিকাংশ লোকেই অনুশোচনাত ভোগে। হয়, ৰাসায়নিক পদাৰ্থযুক্ত ফাকু ব্যৱহাৰৰ ফলত ছাল অথবা কাপোৰত ফাকুৱাৰ ৰং লাগি ধৰে। এই জেদী দাগসমূহ আঁতৰ নোহোৱাৰ ফলত অধিকাংশ লোকেই সমস্যাত পৰে। কিন্তু কিছুমান খুব সহজ উপায় অৱলম্বন কৰিয়েই ফাকুৱাৰ দাগবোৰ দূৰ কৰিব পাৰি। আজি এই বিষয়ে জানো আহক-

Advertisment

১) ফাকুৱা খেলিবলৈ যাওঁতে চুলি, মুখ, হাত আৰু শৰীৰৰ বাকী অংশত সৰিয়হৰ তেল ভালদৰে লগাব লাগে। সৰিয়হ তেল প্ৰয়োগ কৰাৰ ফলত ছালখন আঠাযুক্ত যেন লাগিলেও কিন্তু ই ছালখনক সুৰক্ষা দিয়াত এশ শতাংশই কাম কৰে। সৰিয়হ তেল প্ৰয়োগ কৰিলে ফাকুৱাৰ ৰং ছালত বেছিকৈ লাগি নাথাকে। 

২) ফাকুৱাৰ ৰং আঁতৰাবলৈ কেতিয়াও গৰম পানী ব্যৱহাৰ নকৰিব। কিয়নো ফাকুৱাৰ ৰং ৰাসায়নিক পদাৰ্থৰে তৈয়াৰ কৰা হয় আৰু গৰম পানীয়ে ৰাসায়নিক পদাৰ্থৰ সৈতে মিহলি হৈ বিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।

আনহাতে, যদি আপুনি ফাকুৱাৰ পিছত ৰং আঁতৰোৱাৰ কষ্টৰ পৰা নিজকে বচাব ৰাখিব বিচাৰে, তেন্তে ফাকুৱাৰ আগতেই আপুনি ইয়াৰ প্ৰস্তুতি চলাব লাগিব।

মুখৰ পৰা কিদৰে আঁতৰাব ফাকুৰ ৰং

তিয়ঁহ - মূখৰ পৰা ফাকুৱাৰ ৰং আঁতৰাবলৈ তিঁয়হ অত্যন্ত উপকাৰী। ইয়াৰ বাবে তিয়ঁহৰ ৰস উলিয়াই তাত অলপ গোলাপ জল আৰু এচামুচ ভিনেগাৰ দি এটা পেষ্ট তৈয়াৰ কৰিব। এই পেষ্টটো মুখত লগাই ১৫-২০ মিনিট সময় থৈ দিব। পাছত পৰিস্কাৰ পানীৰে মুখখন 
ধুব, দেখিব দাগ আঁতৰাৰ লগতে আপোনাৰ ছালখনো জিলিকি উঠিব।

মূলা - ফাকুৱাৰ ৰং আঁতৰোৱাত মূলা ফলপ্ৰসূ। মূলাৰ ৰস উলিয়াই তাত গাখীৰ আৰু বেচন দি এটা পেষ্ট তৈয়াৰ কৰিব। এই পেষ্টটো মুখ, হাত, ডিঙিত লগাই অলপ সময়ৰ পাছত  লাহে লাহে ধুই দিব। 

নেমু- ছালৰ পৰা ৰং আঁতৰাবলৈ ছালত নেমু লাহে লাহে ১৫ মিনিটমান ঘঁহি থাকিব লাগে। তাৰ পিছত ক্লিনজাৰ ব্যৱহাৰ কৰি কুহুমীয়া পানীৰে ধুই পেলাব। 

এল'ভেৰা জেল- ছাল আৰু চুলিৰ পৰা হোলীৰ ৰং আঁতৰাবলৈও আপুনি এল'ভেৰা জেল ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি আপোনাৰ গোটেই ছালত এল'ভেৰা জেল লগাব। এল'ভেৰা জেল আপুনি চুলিতো ব্যৱহাৰ কৰিব পাৰে। দেখিব আপোনাৰ ছালৰ পৰা ফাকুৱাৰ ৰং দূৰ হৈছে।

দৈ- দৈ এটা বাটিত লৈ তাত অলপ হালধি মিহলাই লাহে লাহে ছালত লগাব। আধা ঘণ্টাৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাব।

ফাকুৱাৰ ৰঙৰ প্ৰভাৱ চুলিতো দীৰ্ঘদিন ধৰি থাকে। চুলিৰ পৰা ফাকুৱাৰ ৰং দূৰ কৰিবলৈ দৈ আৰু বেচন মিহলাই পেষ্ট তৈয়াৰ কৰি চুলিত লগাব। আধা ঘণ্টামান থৈ তাৰ পিছত চুলিখিনি ধুই পেলাব। যদি ৰং সম্পূৰ্ণৰূপে আঁতৰি নাযায়, তেন্তে বেচনৰ সলনি দৈত নেমু মিহলাই চুলিত লগাব পাৰে। 

এইদৰে দূৰ কাপোৰৰ পৰা দূৰ কৰক ফাকুৰ ৰং

বেকিং ছ’ডা – ফাকুৱাৰ ৰং আঁতৰোৱাত বেকিং ছ’ডা যথেষ্ট সহায়ক। ইয়াৰ বাবে বাল্টি এটাত গৰম পানীত বেকিং চডা মিহলাই তাত ৰং লগা কাপোৰখিনি এক-ডেৰ ঘণ্টা তিয়াই ৰাখিব। ইয়াৰ পিছত পানীৰ পৰা কাপোৰ উলিয়াই চাবোন বা চাৰ্ফৰে ধুই পেলাব। 

নেমু- নেমু এবিধ প্ৰাকৃতিক ব্লিচিং এজেণ্ট। ফাকুৱাৰ সময়ত কাপোৰৰ পৰা সৰু সৰু ৰঙৰ দাগ আঁতৰাবলৈ নেমুৰ ৰস ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে নেমুৰ ৰস উলিয়াই কাপোৰত ভালদৰে লগাব লাগে। কিছু সময়ৰ পাছত এই কাপোৰবোৰ গৰম পানীৰে ধুব।দেখিব সকলো ৰং নাইকিয়া হৈছে।

Also Read: চন্দ্ৰই সলাব ৰাশি, বহুতৰে বাবে কঢ়িয়াব সৌভাগ্য