চন্দ্ৰই সলাব ৰাশি, বহুতৰে বাবে কঢ়িয়াব সৌভাগ্য

জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ গ্ৰহৰ বিশেষ গুৰুত্ব আছে। প্ৰতি দুই চতুৰ্থাংশ দিনৰ মূৰে মূৰে চন্দ্ৰই ৰাশি সলনি কৰে। এইবাৰ ১৪ মাৰ্চত ৰঙৰ উৎসৱ ফাকুৱা। ফাকুৱাৰ দুদিন পিছতে চন্দ্ৰই ৰাশি সলনি কৰিব।

author-image
Asomiya Pratidin
New Update
22

ডিজিটেল ডেস্ক: জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ গ্ৰহৰ বিশেষ গুৰুত্ব আছে। প্ৰতি দুই চতুৰ্থাংশ দিনৰ মূৰে মূৰে চন্দ্ৰই ৰাশি সলনি কৰে। এইবাৰ ১৪ মাৰ্চত ৰঙৰ উৎসৱ ফাকুৱা। ফাকুৱাৰ দুদিন পিছতে চন্দ্ৰই ৰাশি সলনি কৰিব। ১৭ মাৰ্চৰ মাজ নিশা ১:১৫ বজাত চন্দ্ৰ কন্যা ৰাশিৰ পৰা ওলাই আহি তুলা ৰাশিত অৱস্থান কৰিব।

Advertisment

শুক্ৰক তুলা ৰাশিৰ অধিপতি বুলি গণ্য কৰা হয়। চন্দ্ৰৰ গতিপথ সলনিয়ে বিশেষ ভাৱে তিনিটা ৰাশিৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব। আজি এই  ভাগ্যবান ৰাশিকেইটাৰ বিষয়ে জানো আহক-

মিথুন ৰাশি

ফাকুৱাৰ পিছত মিথুন ৰাশিৰ লোকসকলে চন্দ্ৰ দেৱতাৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। যদি কোনো সম্পত্তি সম্পৰ্কীয় বিষয় আদালতত দীৰ্ঘদিন ধৰি থাকে, তেন্তে তাত আপুনি সফলতা লাভ কৰিব পাৰে। যদি পৰিয়ালৰ সদস্যৰ মাজত বিবাদ চলি থাকে, তেন্তে অতি সোনকালে মতানৈক্যৰ সমাধান হ’ব। ব্যৱসায়ী আৰু কৰ্মৰত লোকসকলে পুৰণি বিনিয়োগৰ দ্বাৰা লাভৱান হ’ব। তেওঁলোকৰ ঋণৰ সমস্যাও সমাধান হব।

কৰ্কট ৰাশি

এই ৰাশিৰ লোকসকলৰো ভাল দিন  আহি আছে। তেওঁলোকে প্ৰকৃত প্ৰেম বিচাৰি পাব। আদালতৰ সৈতে জড়িত বাকী থকা কাম শীঘ্ৰে সম্পূৰ্ণ হ’ব। পাৰিবাৰিক পৰিবেশ ভাল হ’ব। সম্পৰ্কত প্ৰেম বাঢ়িব। শেহতীয়াকৈ চাকৰি পোৱা লোকসকলে কম সময়ৰ ভিতৰতে পদোন্নতি পাব পাৰে। তেওঁলোকে পদোন্নতিৰ লগতে বোনাছ পোৱাৰ সম্ভাৱনাও আছে। এই ৰাশিৰ লোকৰ বিদেশ ভ্ৰমণৰো সম্ভাৱনা আছে। 

তুলা ৰাশি

মিথুন আৰু তুলা ৰাশিৰ লগতে তুলা ৰাশিৰ লোকসকলৰো ফাকুৱাৰ পিছত  ভাগ্য উদয় হ’ব। অবিবাহিত লোকসকলৰ বিবাহ আৰু বিবাহিত দম্পতীয়ে হয়তো ভাল খবৰ শুনিবলৈ পাব। দোকানীসকলৰ লাভ বাঢ়িব। এই ৰাশিৰ লোকসকলৰ ভূমি-গৃহ আৰু বাহন লাভৰ যোগো আছে।

বি.দ্ৰ: এই লেখাটো ইণ্টাৰনেটত উপলব্ধ তথ্যৰ পৰা লেখা হৈছে।

Also Read: ডিজিটেল যুগতো সমাদৰ আছে হাতৰ আখৰৰ !