নালাগে ফেচিয়েল কিট, খাদ্য তালিকাত ৰাখক তিয়ঁহ-বিট...

নালাগে ফেচিয়েল কিট, খাদ্য তালিকাত ৰাখক তিয়ঁহ-বিট...

আপোনাৰ পাকঘৰত সততে পোৱা দুবিধ খাদ্য হৈছে তিয়ঁহ আৰু বিট। শৰীৰৰ আভ্যন্তৰ ভাগৰ পৰা বহিঃ ভাগলৈ সৌন্দৰ্য চৰ্চাটো সহায় কৰে এই দুবিধ খাদ্যবস্তুই। শৰীৰৰ বাবেও পুষ্টিকৰ তিয়ঁহ আৰু বিটৰ উপকাৰিতা সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন..

ধুনীয়া! কোনোবাই আপোনাৰ চালখন ধুনীয়া,মুখখন মিহি বুলি ক'লে কিমান যে ভালে লাগে! এয়া কৰিবলৈ কম যতন ল'ব লাগে নে আপুনি। সৌন্দৰ্য বৰ্ধনৰ বাবে লেজৰ ট্ৰিটমেন্ট,ডিপ কেমিকেল পিল, মাইক্ৰোনিডলিঙৰ নামত হাজাৰ হাজাৰ টকা উৰুৱা সকলৰ মাজৰ এগৰাকী আপুনিও নেকি? নে সৌন্দৰ্য চৰ্চাৰ নামত ব্ৰেণ্ডেদ কোম্পানীৰ ক্লিনজাৰ-টোনাৰ ক্ৰয় কৰা সকলৰ মাজৰ আপুনি?

ছালখন কিছু উজ্বল কৰা,দাগ আঁতৰোৱা,শালমইনা,চকুৰ ক'লা দাগ আঁতৰোৱা এনে সমস্যাৰ বাবে ঘৰখনতে সমাধা থকা স্বত্বেও আমি অৱহেলা কৰো। কিন্তু হাজাৰ হাজাৰ টকা খৰচ কৰি কেমিকেল ব্যৱহাৰ কৰিবলৈ দুবাৰ চিন্তা নকৰো।

আপোনাৰ পাকঘৰত সততে পোৱা খাদ্য হৈছে তিয়ঁহ আৰু অন্য এবিধ বিট। শৰীৰৰ আভ্যন্তৰ ভাগৰ পৰা বহিঃ ভাগলৈ সৌন্দৰ্য চৰ্চাটো সহায় কৰে এই দুবিধ খাদ্যবস্তুই। কেৱল সৌন্দৰ্য চৰ্চাই নহয় শৰীৰৰ বাবেও পুষ্টিকৰ তিয়ঁহ আৰু বিট।

এতিয়া গৰমৰ দিন। গৰমত চালখনৰ লগতে সম্পূৰ্ণ শৰীৰটোক পৰ্যাপ্ত পৰিমাণৰ পানী যোগান ধৰাৰ এক উৎস হৈছে তিয়ঁহ। ইয়াত ৯০ শতাংশ পানী থাকে,যিয়ে শৰীৰক হাইড্ৰেটড ৰখাত সহায় কৰে। তিয়ঁহত ভিটামিন-এ, চি, কে, পটাছিয়াম, আঁহ আদি পুষ্টিও পোৱা যায়, এই পুষ্টিবোৰে শৰীৰটো শীতল কৰি ৰখাত সহায় কৰে।গৰম দিনত তিয়ঁহ খোৱাৰ উপকাৰিতা-

তিয়ঁহৰ ৰস মুখত লগালে সুফল পোৱা যায়। তিয়ঁহে চকুৰ তলৰ ক'লা দাগ আঁতৰ কৰাত সহায় কৰে।তিয়ঁহত থকা প্ৰচুৰ পৰিমাণৰ পানীয়ে কিডনী স্বাস্থ্যৱান কৰি ৰাখে। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায় ফলত শৰীৰৰ ওজন কমাত সহায় কৰে।

তিয়ঁহত থকা ভিটামিন A হাড়ৰ ঘনত্ব বৃদ্ধি কৰে। তিয়ঁহত থকা আঁহে পাচন তন্ত্ৰক সক্ৰিয় কৰি ৰখাত সহায় কৰে।নিয়মীয়া তিয়ঁহ খোৱাৰ ফলত হজম ভাল হোৱা লগতে হজমৰ সমস্যাৰ পৰা হোৱা সমস্যা যেনে গেছ, কোষ্ঠকাঠিন্য, বদহজম আদি আঁতৰ হয়।

তিয়ঁহত পোৱা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তদুপৰি, ই শৰীৰত কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰে আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগবোৰো আঁতৰ কৰে।

মানুহে পাচলিৰ বজাৰ কৰোতে গাজৰ আৰু বিলাহীক গুৰুত্ব দিয়ে৷ দাম যিমান হ'লেও সেই দুবিধ পাচলিৰ এপোৱা হ'লেও কিনে৷ কিন্তু বিটৰ প্ৰতি গ্ৰাহকৰ গুৰুত্ব কম৷ ইয়াৰ কাৰণ আন একো নহয় মাথো অজ্ঞতা৷ 

বিটক কেঁচাই চালাড কৰি অকলে বা আন পাচলিৰ সৈতে (যেনে গাজৰ, তিঁয়হ, পিঁয়াজ) মিহলাই খাব পাৰি৷ বইল কৰি বাকলি গুচাই খাব পাৰে৷ ৰস ওলিয়াই অকলে বা আন ফলৰ ৰসৰ সৈতে (যেনে নেমু, তৰমুজ)মিহলাই খাব পাৰি৷ বিটৰ সুস্বাদু আচাৰ বনাই খাব পাৰে৷ 

বিটত আছে বেটালেইচ নামৰ এক উপাদান যিয়ে দেহত ৰক্ত সঞ্চালন বৃদ্ধি কৰে ফলস্বৰূপে ছালখন উজ্বল হয়।

বিটত ভিটামিন C আৰু এন্টি অক্সিডেন্ট আছে যিয়ে ৰিংকল,ক'লা দাগ আৰু বয়সৰ চাপ আঁতৰ কৰাত সহায় কৰে। লগতে বিটৰ জুচে শালমইনাৰ সমস্যাও দূৰ কৰে।

ইয়াৰোপৰি বিটৰ জুচত প্ৰচুৰ পৰিমাণে আইৰণ আৰু ফলিক এছিড আছে যিয়ে চুলি সৰা বন্ধ কৰে। উঠজুৰি ক'লা পৰিলেও বিটৰ ব্যৱহাৰত সুফল পোৱা যায়।

শীতকালত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যত্ন ল’বলৈ বিট খাব লাগিব, ইয়াত ভিটামিন চি, আঁহ আৰু ফ’লেট থাকে, যিবোৰ হৃদৰোগ স্বাস্থ্যৰ বাবে উপকাৰী ৷ লগতে ইয়াত থকা নাইট্ৰেটে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কম হয় ৷

ক'লেষ্টেৰল, এল ডি এল ক'লেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড বিট সেৱনৰ ফলত হ্ৰাস পায়৷ আনহাতে উপকাৰী ক'লেষ্টেৰল এইচ ডি এল বৃদ্ধি পায়৷ ইয়াৰ ফলতো হৃদৰোগ হোৱাৰ সম্ভাৱনা কমি যায়৷

আকৌ বিটত থকা বিটেইন নামৰ পদাৰ্থই তেজৰ হোমচিষ্টিনৰ (Homocysteine) পৰিমান কমায়৷ হোমচিষ্টিন বাঢ়িলে এথেৰস্কেৰচিচ,ষ্ট্ৰ'ক আদিৰ সম্ভাৱনা বৃদ্ধি পায়৷

আমেৰিকান লিভাৰ ফাউণ্ডেচনে প্ৰকাশ কৰা তথ্য মতে বিটে তেজৰ পৰা দূষিত তত্ব শোধন কৰাত লিভাৰক সহায় কৰে৷ পেক্টিন নামৰ পানীত ঘোলনশীল ফাইবাৰে এই ক্ষেত্ৰত লাগতিয়াল ভূমিকা পালন কৰে৷

হাওঁফাওঁ, চৰ্ম, বক্ষ, প্ৰষ্টেট, ক'লন আদিৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে৷ বিটত থকা বিটাচায়ানিন (Betacyanin)নামৰ পিগমেন্টে টিউমাৰ কোষৰ বৃদ্ধিত বাধা দিয়ে বুলি হাংগৰীত কৰা গৱেষণাত এই কথাৰ প্ৰমাণ পোৱা গৈছে৷

বিটত থকা ফচফৰাচ,কেলচিয়াম, মেগনচিয়াম, প'টেচিয়াম, ক'পাৰ, চেলেনিয়াম, জিংক আদিয়ে হাঁড়ক শক্তিশালী কৰে আৰু ইয়াৰ ক্ষয়(Osteoporosis)ৰোধ কৰে৷

উল্লেখ্য যে, প্ৰথম মহাযুদ্ধৰ সময়ত খাদ্যৰ নাটনি হোৱাত বহু ঠাইৰ সৈনিকে কেৱল বিট খাই জীয়াই থকাৰ কথা পঢ়িবলৈ পোৱা যায়। সেয়ে সুস্থ সবল জীৱন নিৰ্বাহৰ বাবে চিকিৎসকেও পাচলিৰ তালিকাত বিট অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in