বিশ্ব বজাৰত হ্ৰাস পাইছে অশোধিত খাৰুৱা তেলৰ মূল্যঃ ভাৰতত তথাপিও নকমে পেট্ৰ'ল, ডিজেলৰ মূল্য...

বিশ্ববজাৰত অশোধিত খাৰুৱা তেলৰ প্ৰতি বেৰেলৰ মূল্য ৭১ ৰ পৰা ৭২ ডলাৰত উপনীত হৈছে। তাৰোপৰি ডব্লিউ টি আই ক্ৰুড অইলৰো মূল্য হ্ৰাস পাই প্ৰায় ৬৮ ডলাৰত উপনীত হৈছে।

author-image
Asomiya Pratidin
New Update
বিশ্ব বজাৰত হ্ৰাস পাইছে অশোধিত খাৰুৱা তেলৰ মূল্যঃ ভাৰতত তথাপিও নকমে পেট্ৰ'ল, ডিজেলৰ মূল্য...

ডিজিটেল ডেস্কঃ বিশ্ববজাৰত খাৰুৱা তেলৰ মূল্য পুনৰ হ্ৰাস পাইছে। অশোধিত খাৰুৱা তেলৰ প্ৰতি বেৰেলৰ মূল্য ৭১ ৰ পৰা ৭২ ডলাৰত উপনীত হৈছে। তাৰোপৰি ডব্লিউ টি আই ক্ৰুড অইলৰো মূল্য হ্ৰাস পাই প্ৰায় ৬৮ ডলাৰত উপনীত হৈছে। ফলত ভাৰতৰ তেল কোম্পানীসমূহেও কম মূল্যতে বিশ্ব বজাৰৰ পৰা অশোধিত খাৰুৱা তেল ক্ৰয়ৰ সুযোগ লাভ কৰিছে।

Advertisment

সাধাৰণতে বিশ্ব বজাৰত ক্ৰুড অইলৰ মূল্য হ্ৰাস পালে ঘৰুৱা বজাৰতো ইয়াৰ প্ৰভাৱ পৰি পেট্ৰ’ল, ডিজেলৰ মূল্য হ্ৰাস হয় যদিও এইবাৰ অৱশ্যে ভাৰতীয় গ্ৰাহকে সেই সুযোগ লাভ নকৰিব। ডলাৰৰ বিপৰীতে টকাৰ মূল্যই ইতিহাস সৃষ্টি কৰি সৰ্বকালৰ সৰ্বনিম্ন স্থানত উপনীত হোৱাৰ বাবেই বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পাছতো ভাৰতৰ ঘৰুৱা বজাৰত গ্ৰাহকক কম মূল্যৰ সুবিধা প্ৰদান কৰিব নোৱাৰিব বুলি বিশেষজ্ঞসকলে দাবী কৰিছে।

ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস হোৱাৰ বাবেই তেল কোম্পানীসমূহৰ আমদানি ব্যয় হ্ৰাস হোৱা নাই। অৱশ্যে আন একাংশই তেলৰ মূল্য হ্ৰাস নোহোৱাৰ আঁৰত ৰাজনৈতিক কাৰণো বিচাৰি পাইছে।

তেওঁলোকৰ মতে অনেক সমস্যাৰ পাছতো, পৰিস্থিতি যিয়েই নহওক কিয় কেৱল নিৰ্বাচন চমু চাপি আহিলেহে তেলৰ মূল্য হ্ৰাস হয়। ইফালে আন একাংশই আকৌ বিশ্ব বজাৰত ক্ৰুড অইলৰ মূল্য হ্ৰাস পোৱাৰ বাবে ভাৰতৰ ঘৰুৱা বজাৰত তেলৰ মূল্য হ্ৰাস কৰিব পৰা পৰিস্থিতিৰ সৃষ্টি হৈছে নে নাই সেয়া পৰ্যালোচনা কৰাৰ দাবী উত্থাপন কৰিছে।

এইসকলৰ মতে যিহেতু কেন্দ্ৰীয় বাজেটত বৃহৎ পৰিমাণৰ কৰ কৰ্তনৰ কথা ঘোষণা কৰাৰ পাছত উৎপাদন কৰ হ্ৰাস কৰাৰ সুযোগো বহু পৰিমাণে হ্ৰাস পাইছে। কাৰণ সেই ৰেহাই খণ্ডত তেওঁলোকে ১ লাখ কোটি টকা ৰাজহ ত্যাগ কৰিবলগীয়া হৈছে।

মন কৰিবলগীয়া যে, যোৱা বছৰৰ এপ্ৰিল মাহত বিশ্ব বজাৰত ক্ৰুড অইলৰ মূল্য প্ৰায় ৯০ ডলাৰ স্পৰ্শ কৰাৰ পিছত ছেপ্টেম্বৰ মাহত ৭০ ডলাৰলৈ হ্ৰাস পাইছিল। ডিচেম্বৰ-জানুৱাৰী মাহত ইয়াৰ মূল্য সামান্য বৃদ্ধি হৈছিল যদিও এতিয়া পুনৰ ৭১ৰ পৰা ৭২ ডলাৰৰ ভিতৰত আছে।

এই দীঘলীয়া সময়ত এনে উত্থান-পতনৰ মাজতো ভাৰতত কেৱল লোকসভা নিৰ্বাচনৰ সময়ত প্ৰতি লিটাৰ পেট্ৰ’ল, ডিজেলত ২ টকা হ্ৰাস কৰাৰ বাহিৰে বেলেগ কোনো পৰিবৰ্তন নহ’ল। একাংশ অৰ্থনীতিবিদে ইয়াৰ বাবে ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস হোৱাৰ বিষয়টোকে প্ৰধানকৈ জগৰীয়া কৰিছে।

তেওঁলোকৰ মতে যদিও খাৰুৱা তেলৰ মূল্য ডলাৰত হ্ৰাস পাইছে তাৰ বিপৰীতে কিন্তু প্ৰতি ডলাৰত ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাইছে। ভাৰতীয় টকা প্ৰতি ডলাৰৰ বিপৰীতে ৮৬ ৰ পৰা ৮৭ লৈ হ্ৰাস পাইছে।

ফলত লাভ-লোকচানৰ হিচাপতো ইয়াৰ প্ৰভাৱ পৰিছে। ইফালে শোধনৰ খৰচো একেই আছে। টকাৰ মূল্য হ্ৰাস হোৱাৰ বাবেই খাৰুৱা তেল কোম্পানীসমূহৰো আমদানি ব্যয় বৃদ্ধি হৈছে। সেয়ে বিশ্ববজাৰত মূল্য হ্ৰাস হলেও ঘৰুৱা বজাৰত তাৰ কোনো প্ৰভাৱ পৰা নাই বুলিব বিচাৰিছে একাংশ অৰ্থনীতিবিদে। 
 

খাৰুৱা তেল