বজাৰৰ ৰং আৰু কিনিব নালাগে, এইদৰে ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক পকা চুলি

আজিকালি বহু লোকেই খুব কম বয়সতে চুলি পকা সমস্যাৰ সন্মুখীন হয়। পকা চুলি ঢাকিবলৈ অধিকাংশই বজাৰত উপলব্ধ বিভিন্ন ৰং ব্যৱহাৰ কৰে। কিন্তু এই ৰঙে চুলি কম আৰু মূৰৰ ছাল অধিক ক'লা কৰে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
চুলি ..

ডিজিটেল ডেস্ক: আজিকালি বহু লোকেই খুব কম বয়সতে চুলি পকা সমস্যাৰ সন্মুখীন হয়। পকা চুলি ঢাকিবলৈ অধিকাংশই বজাৰত উপলব্ধ বিভিন্ন ৰং ব্যৱহাৰ কৰে। কিন্তু এই ৰঙে চুলি কম আৰু মূৰৰ ছাল অধিক ক'লা কৰে। আনহাতে, যদি আপুনি প্ৰতি মাহে পাৰ্লাৰলৈ গৈ ৰং কৰে, তেতিয়া পকেট খৰচো যথেষ্ট হয়। এনে পৰিস্থিতিত আপুনি ঘৰতে এই সমস্যাৰ সমাধান কৰিব পাৰে।পকা চুলি ঘৰতে ক’লা কৰাৰ ঘৰুৱা প্ৰতিকাৰসমূহ হৈছে-

Advertisment

নৰসিংহ পাত

চুলি ক'লা কৰিবলৈ আমাৰ সকলোৰে ঘৰতে সহজে উপলব্ধ নৰসিংহ পাত অতি সহজে ব্যৱহাৰ কৰিব পাৰি। নৰসিংহ পাত ব্যৱহাৰ কৰাৰ বাবে ২ চাহ চামুচ আমলখি গুৰি, ২ চাহ চামুচ ব্ৰাহ্মী গুৰিৰ সৈতে ২ চামুচ নৰসিংহ পাতৰ গুৰি মিহলি কৰিব। এই গোটেইখিনি পানীৰ সৈতে ভালকৈ মিহলি কৰি চুলিত প্ৰয়োগ কৰিব পৰাকৈ এটা পেষ্ট তৈয়াৰ কৰিব। এই পেষ্টটো প্ৰায় এঘণ্টাৰ বাবে চুলিত প্ৰয়োগ কৰি পিছত পৰিস্কাৰ পানীৰে চুলিখিনি ধুই পেলাব।

নাৰিকল তেল

যদি চুলিত নাৰিকল তেল সঠিকভাৱে প্ৰয়োগ কৰিলে পকা চুলিৰ সমস্যা আঁতৰ কৰা হয়। যদি আপোনাৰ মুৰটো বগা চুলিৰে আৱৰি থাকে, তেন্তে এটা বাটিত নাৰিকল তেল লওঁক আৰু ইয়াত নেমুৰ ৰস মিহলি কৰক। এই মিশ্ৰণটো চুলিত প্ৰয়োগ কৰাৰ আগতে পাতলকৈ গৰম কৰি ইয়াক গুৰিৰ পৰা ভালকৈ চুলিখিনিত প্ৰয়োগ কৰিব। এনেদৰে ১-২ ঘণ্টা ৰাখি তাৰ পিছত মুৰটো ধুই দিব। এনে কৰিলে চুলি ক'লা হয়।

ৰঙা চাহ

চুলিৰ ৰং সলনি কৰাত ৰঙা চাহেও গুৰুতৰ ভূমিকা পালন কৰে। পকা চুলিৰ সমস্যাত ৰঙা চাহ ব্যৱহাৰ কৰিবলৈ এগিলাচ ৰঙা চাহ তৈয়াৰ কৰক। এই চাহখিনি ঠাণ্ডা হোৱাৰ পাছত চুলিত ভালদৰে প্ৰয়োগ কৰি আধা ঘণ্টাৰ পৰা এক ঘণ্টালৈ থাকিব। এনেদৰে চুলিত সপ্তাহত এবাৰকৈ প্ৰয়োগ কৰিলে পকা চুলিৰ পৰা বহুখিনি ৰেহাই পাব।

জৱাব ফুল

জৱাব ফুল চুলিৰ বাবে অতি উপকাৰী। জৱাব ফুল চুলি গজা তথা চুলি সৰাৰ সমস্যা হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে কেইটামান জৱাব ফুল ৰাতিটো পানীত তিয়াই থ’ব। পিছদিনা ৰাতিপুৱা এই পানীৰে চুলি ধুব। ইয়াক জেতুকা পাতৰ সৈতে মিহলি কৰিও চুলিত প্ৰয়োগ কৰিব পাৰি।

জেতুকা পাত

চুলিত জেতুকা পাত প্ৰয়োগ কৰাৰ ফলত চুলিৰ ৰং ক'লা নহয়, ৰঙাহে হয়়। কিন্তু যদি চুলিত সঠিকভাৱে ব্যৱহাৰ কৰিলে চুলি পকা নাইকিয়া হৈ ক'লা চুলি গজে। ইয়াৰ বাবে, জেতুকা পাত গুৰি কৰি তাৰ লগত কফি মিহলি কৰা ল’ব। এই পেষ্টটো চুলিত প্ৰয়োগ কৰি ১-২ ঘণ্টা ৰখাৰ পিছত চুলি খিনি ধুই দিব।

মেথি

মেথি গুটি গুৰি কৰি ৩-৪টা আমলখিৰ ৰস আৰু নাৰিকল তেল মিহলি কৰি পেষ্ট এটা বনাওক। এই পেষ্টটো চুলিত ভালকৈ লগাই এঘণ্টা ৰখাৰ পিছত ধুই দিয়ক। সপ্তাহত এবাৰ এই পেষ্টটো হেয়াৰ মাস্ক হিচাপে প্ৰয়োগ কৰক।পাৰ্থক্য নিজেই দেখিবলৈ পাব।

Also Read: খাদ্য তালিকাৰ পৰা বাদ দিয়ক এইবিধ খাদ্য