কিয় ১৪ৰ পৰিৱৰ্তে ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰে যাত্ৰা কৰে ভক্তই ?

আজিৰে পৰা আৰম্ভ হৈছে বাৰ্ষিক অমৰনাথ যাত্ৰা। আজি প্ৰথমটো তীৰ্থযাত্ৰীৰ দল বালতাল আৰু নুনৱান বেছ কেম্পৰ পৰা গুহা মন্দিৰলৈ ৰাওনা হয়। দক্ষিণ কাশ্মীৰৰ ৩৮৮০ মিটাৰ উচ্চতাত অৱস্থিত অমৰনাথ গুহালৈ  দুটা পথ।

author-image
সংগীতা দাস
New Update
অমৰনাথ যাত্ৰা

ডিজিটেল ডেস্ক: আজিৰে পৰা আৰম্ভ হৈছে বাৰ্ষিক অমৰনাথ যাত্ৰা। আজি প্ৰথমটো তীৰ্থযাত্ৰীৰ দল বালতাল আৰু নুনৱান বেছ কেম্পৰ পৰা গুহা মন্দিৰলৈ ৰাওনা হয়। দক্ষিণ কাশ্মীৰৰ ৩৮৮০ মিটাৰ উচ্চতাত অৱস্থিত অমৰনাথ গুহালৈ  দুটা পথ, ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ নুনৱান-পাহলগাম পথ আৰু ১৪ কিলোমিটাৰ দৈঘ্যৰ বাল্টাল পথৰে ভক্ত ৰাওনা হৈছে। বাল্টাল পথটো অত্যন্ত ঠেক। যাৰ বাবে অধিকাংশ ভক্তই যাত্ৰাৰ বাবে এই পথ বাচনি নকৰে। এই যাত্ৰা ভগৱান শিৱৰ নামত উৎসৰ্গিত, য'ত পূজা কৰা মন্দিৰৰ ভিতৰত প্ৰাকৃতিক বৰফ শিৱলি থাকে। আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা ২০২৫ চনৰ অমৰনাথ যাত্ৰা ৯ আগষ্টত সমাপ্ত হ’ব।

Advertisment

Amarnath Yatra 2025: কেতিয়া কৰিব পঞ্জীয়ন ? 

তীৰ্থযাত্ৰাৰ ৰুক্ষ ভূখণ্ড আৰু উচ্চতাৰ বাবে নিৰ্ধাৰিত কেইবাটাও নিয়মৰ সৈতে এছ এ এছ বিয়ে এই যাত্ৰা পৰিচালনা কৰে। এই যাত্ৰাত অংশগ্ৰহণৰ বাবে প্ৰতিজন তীৰ্থযাত্ৰীয়েই অনলাইন বা অফলাইন পঞ্জীয়ন কৰাটো বাধ্যতামূলক। অমৰনাথ যাত্ৰা ২০২৫ৰ পঞ্জীয়ন বৰ্তমান খোলা আছে। তীৰ্থযাত্ৰীসকলে অফিচিয়েল SASB ৱেবছাইটৰ জৰিয়তে অনলাইন বা সমগ্ৰ ভাৰতৰ অনুমোদিত কেন্দ্ৰ আৰু বেংকত অফলাইনত পঞ্জীয়ন কৰিব পাৰিব। এইবেলিৰ যাত্ৰাৰ পঞ্জীয়ন ১৪ এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল আৰু ৯ আগষ্ট অৰ্থা.. যাত্ৰা শেষ নোহোৱালৈকে খোলা থাকিব।

কেনেকৈ কৰিব পঞ্জীয়ন ?

অনলাইন পঞ্জীয়ন: অফিচিয়েল SASB পৰ্টেল (jksasb.nic.in) লৈ গৈ যাত্ৰা অনুমতি পঞ্জীয়ন বাছি লৈ ব্যক্তিগত তথ্য প্ৰদান কৰাৰ পাছত পাছপ’ৰ্ট আকাৰৰ ফটো আৰু বাধ্যতামূলক স্বাস্থ্য প্ৰমাণপত্ৰ আপলোড কৰি প্ৰায় ২২০ টকা পঞ্জীয়ন মাচুল দিব। পেমেণ্টৰ পিছত আপুনি আপোনাৰ যাত্ৰাৰ অনুমতি পত্ৰ ডাউনলোড কৰিব পাৰিব।

অফলাইন পঞ্জীয়ন: যাত্ৰাৰ ৩ দিন আগতে টোকেন স্লিপ (জম্মুৰ নিৰ্দিষ্ট স্থানৰ পৰা) সংগ্ৰহ কৰি নিৰ্দিষ্ট চিকিৎসালয়ত চিকিৎসা পৰীক্ষা, সকলো আধাৰ পৰীক্ষণ আৰু বায়’মেট্ৰিক পঞ্জীয়ন, আৰ এফ আই ডি কাৰ্ড লাভ কৰি যাত্ৰা আৰম্ভ কৰিব পাৰিব।

মূল তাৰিখ                                                   বিৱৰণ

যাত্ৰা                                                                                    ৩ জুলাই – ৯ আগষ্ট, ২০২৫

পঞ্জীয়ন আৰম্ভ                                                                      ১৪ এপ্ৰিল, ২০২৫

পঞ্জীয়নৰ শেষ তাৰিখ                                                             ৯ আগষ্ট, ২০২৫

দৈনিক তীৰ্থযাত্ৰীৰ সীমা                                                          প্ৰায় ১৫ হাজাৰ তীৰ্থযাত্ৰী

বয়সৰ সীমা                                                                            ১৩ৰ পৰা ৭০ বছৰ

পঞ্জীয়ন মাচুল                                                                         প্ৰায় ২২০ টকা