/asomiyapratidin/media/media_files/2025/06/30/web-ap-1-2025-06-30-12-44-29.jpg)
ডিজিটেল ডেস্ক: হোটেল-ৰেষ্টুৰেণ্টৰ খাদ্যত পোক-পৰুৱা-মাখি-পইতাচোৰা-জেঠী আদি ওলোৱা খবৰ আমি হয়তো বহুত শুনিছো, দেখিছো বা পঢ়িছো। কিন্তু এইবাৰ মন্দিৰৰ প্ৰসাদত পোৱা গৈছে মৰা পইতাচোৰা। হয়, ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ত এই বিষয়ে পোহৰলৈ আহিছে। ভিডিঅ'টোত দেখা গৈছে যে এজন ভক্তই খাবলৈ লোৱা প্ৰসাদৰ লাড়ুত ওলাইছে এটা মৰা পইতাচোৰা। তেতিয়াৰ পৰাই সমগ্ৰ ৰাজ্যতে মন্দিৰৰ প্ৰসাদক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।
কোন মন্দিৰত সংঘটিত হৈছে এই ঘটনা ?
এই ভিডিঅ'টো দেওবাৰে ছ'চিয়েল মেডিয়াত সৰচন্দ্ৰ নামৰ এজন ব্যক্তিয়ে প'ষ্ট কৰিছে। ভিডিঅ’টোত লাডুৰ ভিতৰত এটা ডাঙৰ মৃত পইতাচোৰা দেখা গৈছে। ভিডিঅ'টোত দাবী কৰা হৈছে যে এই লাড়ুটো হৈছে শ্ৰীশৈলাম দেৱস্থানম মন্দিৰৰ পৰা এজন ভক্তই লাভ কৰা প্ৰসাদ। সৰচন্দ্ৰই এই প'ষ্টটোত জনোৱা মতে তেওঁ লগে লগে মন্দিৰৰ কাৰ্যবাহী বিষয়াক এই বিষয়ে অভিযোগো কৰে।
কি আছে ভাইৰেল ভিডিঅ'ত ?
ভক্তজনে অভিযোগ পত্ৰত লেখিছে যে ২৯ জুনত তেওঁ শ্ৰীশৈলাম দেৱস্থানম মন্দিৰলৈ গৈছিল, য’ত তেওঁ দৰ্শনৰ পিছত প্ৰসাদ হিচাপে লাড়ুটো লাভ কৰিছিল আৰু প্ৰসাদ গ্ৰহণ কৰি থাকোঁতেই তেওঁ লাড়ুত মৃত পইতাচোৰাটো দেখিবলৈ পায়। ইয়াৰ সমান্তৰালকৈ তেওঁ মন্দিৰৰ কৰ্মচাৰীৰ কামক লৈ প্ৰশ্ন উত্থাপন কৰি উল্লেখ কৰে যে প্ৰসাদ তৈয়াৰ কৰাৰ সময়ত মন্দিৰৰ কৰ্মচাৰীয়ে অসাৱধানতাৰে কাম কৰাৰ ফল এয়া। ইয়াৰ পিছত তেওঁ মন্দিৰৰ কাৰ্যবাহী বিষয়াক এই বিষয়ত গুৰুত্ব দি এনে ঘটনা যাতে আৰু নঘটে, তাৰ প্ৰতি সতৰ্ক হ'বলৈ আহ্বান জনায়।
মন্দিৰ কৰ্তৃপক্ষৰ প্ৰতিক্ৰিয়া
ইফালে, মন্দিৰৰ কাৰ্যবাহী বিষয়া শ্ৰীনিবাস ৰাৱে ভক্ত সৰচন্দ্ৰৰ সকলো কথাক সম্পূৰ্ণ ভুল বুলি অভিহিত কৰিছে। তেওঁ কয় যে, প্ৰসাদ তৈয়াৰ কৰাৰ সময়ত মন্দিৰৰ কৰ্মচাৰীসকলে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ সম্পূৰ্ণ যত্ন লয়। কেন্দ্ৰটোৰ বিশেষ কেইজনমান কৰ্মচাৰীৰ তত্বাৱধানত প্ৰসাদৰ লাড়ু তৈয়াৰ কৰা হয়। তাত পইতাচোৰা বা কোনো ধৰণৰ পোক-পৰুৱা পোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে।