অমৰনাথ যাত্ৰাৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা

যাত্ৰীৰ সুৰক্ষাৰ বাবে ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত চিআৰপিএফে চোৰাংচোৱা বৃদ্ধি কৰাৰ লগতে কে-৯ মোতায়ন কৰা হৈছে। বিশেষকৈ উধামপুৰ খণ্ডৰ দৰে স্পৰ্শকাতৰ অঞ্চলত বিশেষ গুৰুত্ব দিছে চিআৰপিএফৰ দলে।

author-image
Asomiya Pratidin
New Update
web ap amarnath

ডিজিটেল ডেস্কঃ ৩ জুলাইৰ পৰা আৰম্ভ হ'ব অমৰনাথৰ যাত্ৰা। অমৰনাথ যাত্ৰাৰ বাবে এতিয়া কটকটীয়া কৰি তুলা হৈছে নিৰাপত্তা ব্যৱস্থা। যাত্ৰীৰ সুৰক্ষাৰ বাবে ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত চিআৰপিএফে চোৰাংচোৱা বৃদ্ধি কৰাৰ লগতে কে-৯ মোতায়ন কৰা হৈছে। বিশেষকৈ উধামপুৰ খণ্ডৰ দৰে স্পৰ্শকাতৰ অঞ্চলত বিশেষ গুৰুত্ব দিছে চিআৰপিএফৰ দলে।

Advertisment

উল্লেযোগ্য যে, ২ জুলাইত শিবিৰৰ পৰা প্ৰথমটো তীৰ্থযাত্ৰীক দলক ফ্লেগ অফ কৰা হ’ব। আনহাতে বাল্টাল আৰু পহলগাম পথৰ পৰা ৩ জুলাইৰ পৰা আনুষ্ঠানিকভাৱে যাত্ৰা আৰম্ভ হ’ব। একেদৰে, ২ জুলাইৰ পৰা ভাগৱতী নগৰৰ পৰা যাত্ৰা আৰম্ভ হ’ব। অমৰনাথ তীৰ্থযাত্ৰীসকলে যাতে থকা-খোৱা আৰু খাদ্যৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে পৰ্যাপ্ত খোৱাপানী আৰু বিদ্যুতৰ যোগান নিশ্চিত কৰা হৈছে বুলিও আয়ুক্ত ৰমেশ কুমাৰে উল্লেখ কৰিছে। বেছ কেম্পত তীৰ্থযাত্ৰীসকলৰ বাবে এচি হল, হেংগাৰ, কমিউনিটি লংগৰ সেৱা, পৰিষ্কাৰ ভ্ৰাম্যমাণ শৌচাগাৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ কথুৱাৰ লখনপুৰৰ পৰা ৰামবনৰ লামবাৰ আৰু বানিহাললৈ যাত্রাৰ পথত পৰা জিলাসমূহৰ আৱাস কেন্দ্রসমূহতো তীর্থযাত্ৰীসকলে একেধৰণৰ সুবিধা লাভ কৰিব৷

এই যাত্ৰাৰ বাবে ১ জুলাইৰ পৰা আৰম্ভ হ’ব অফলাইন পঞ্জীয়ন। আয়ুক্তগৰাকীয়ে সদৰি কৰা অনুসৰি অনলাইনৰ পিছত ১ জুলাইৰ পৰা তীৰ্থযাত্ৰীসকলক অফলাইন পঞ্জীয়নৰ সুবিধা প্ৰদান কৰা হৈছে। যাত্ৰীসকলে এদিন আগতে ভাগৱতী নগৰ যাত্ৰা বেছ কেম্পত উপস্থিত হ’ব, তাৰ পিছত পিছদিনা পহলগাম বেছ কেম্পৰ বাল্টাললৈ ৰাওনা হ’ব।

উল্লেখযোগ্য যে, জম্মু, কাঠুৱা, চাম্বা, উধামপুৰ আৰু ৰামবন জিলাত ৫২ টা লংগৰ আৰু ৬০ টা আৰএফআইডি কেন্দ্ৰ স্থাপন কৰাৰ লগতে জম্মুৰ সৰস্বতী ধামত এটা টোকেন চেণ্টাৰ স্থাপন কৰা হৈছে। এইবাৰ ৰে’লৱেৰ জৰিয়তে এই যাত্ৰাৰ অনুমতি দিয়া নহ’ব। সকলো তীৰ্থযাত্ৰী দল কেৱল পথেৰেহে যাব। পবিত্ৰ যাত্ৰাৰ সৈতে জড়িত তথ্য নিয়ন্ত্ৰণ কক্ষৰ পৰা লাভ কৰিব পাৰিব যাত্ৰীসকলে।

অমৰনাথ যাত্ৰা