/asomiyapratidin/media/media_files/2025/05/22/QOUZ5bzKU72k5xHWjWFC.jpg)
ডিজিটেল ডেস্ক: প্ৰতিটো চৰকাৰী বা বেচৰকাৰী কামত আধাৰ কাৰ্ড হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ নথি। বেংক একাউণ্ট খোলাৰ ক্ষেত্ৰতেই হওঁক বা চৰকাৰী আঁচনিৰ সুবিধা লাভৰ বাবে হওঁক, সকলো ক্ষেত্ৰতে আধাৰ কাৰ্ডৰ প্ৰয়োজন। যদি আধাৰ কাৰ্ডত কিবা ভুল হয়, তেন্তে এই গুৰুতৰ কামবোৰ কৰাত বাধা আহি পৰে।
ইফালে, বহু এনে লোক আছে, যিসকলে আধাৰ কাৰ্ডত কিবা ভুল থাকিলে, তাক কিদৰে শুদ্ধ কৰিব বুলি বিমোৰত পৰে। কিন্তু আধাৰ কাৰ্ডৰ ভুলবোৰ শুধৰোৱাৰ নিয়ম আছে। হয়, ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনত আধাৰ কাৰ্যসূচী পৰিচালনাৰ বাবে থকা ৱেবছাইট আধাৰ হৈছে ভাৰতীয় বাসিন্দাক ইউআইডিএআইৰ দ্বাৰা প্ৰদান কৰা এক অনন্য ১২ সংখ্যাৰ চিনাক্তকৰণ নম্বৰ UIDAI অৰ্থাৎ Unique Identification Authority of Indiaয়ে প্ৰতিটো তথ্য ‘আপডেট’ কৰাৰ বাবে এটা সীমা নিৰ্ধাৰণ কৰিছে। নাম, ঠিকনা, বয়স, লিংগ আৰু ম’বাইল নম্বৰ কিমানবাৰ আৰু কেনেকৈ আপডেট কৰিব পাৰি, জানো আহক-
নাম সলনিৰ বাবে নিয়ম, সুযোগ মাত্ৰ দুটা
যদি আধাৰ কাৰ্ডত আপোনাৰ নাম ভুলকৈ ছপা হয় বা বিয়াৰ পিছত উপাধি সলনি কৰিব বিচাৰে তেন্তে আপুনি নাম সলনি কৰিব পাৰে। কিন্তু আপুনি এনে সুযোগ দুবাৰহে পাব। ইয়াৰ বাবে আপুনি পেন কাৰ্ড, পাছপ’ৰ্ট বা বিবাহৰ প্ৰমাণ পত্ৰৰ দৰে বৈধ নথি-পত্ৰ দিব লাগিব।
জন্ম তাৰিখৰ পৰিৱৰ্তন, মাত্ৰ এবাৰৰ সুযোগ
ইউআইডিএআই(UIDAI)য়ে আপোনাক জন্মৰ তাৰিখ মাত্ৰ এবাৰহে সলনি কৰাৰ অনুমতি দিয়ে। যদি আপোনাৰ আধাৰ কাৰ্ডত জন্মৰ তাৰিখ ভুলকৈ ছপা হয়, তেন্তে শুধৰণিৰ বাবে জন্মৰ প্ৰমাণপত্ৰ বা স্কুলৰ প্ৰমাণ পত্ৰ প্ৰমাণ হিচাপে দিব লাগিব। এবাৰ সংশোধন কৰিলে পুনৰাই আৰু সলনি কৰিব নোৱাৰিব।
ঠিকনা: যিমান বিচাৰে সিমান কৰিব পাৰিব সলনি
যদি আপুনি নতুন চহৰলৈ স্থানান্তৰিত হৈছে বা ভাড়াঘৰত থাকে, তেন্তে আপুনি আধাৰ কাৰ্ডৰ ঠিকনা সলনি কৰিব লাগিব। ভাল কথাটো হ’ল ঠিকনাটো যিমানবাৰ বিচাৰে সলনি কৰিব পাৰে। ইয়াৰ বাবে বিদ্যুতৰ বিল, পানীৰ বিল বা ভাড়া চুক্তিৰ দৰে নথি-পত্ৰ বিচৰা হয়। এই কাম আপুনি অনলাইন বা আধাৰ সেৱা কেন্দ্ৰত গৈ কৰিব পাৰে।
লিংগৰ পৰিৱৰ্তন, এবাৰ সুযোগ
যদি আপোনাৰ আধাৰত লিংগ ভুলকৈ লিপিবদ্ধ কৰা হৈছে, তেন্তে আপুনি এবাৰহে সলনি কৰিব পাৰিব। আপুনি এই পৰিবৰ্তনৰ প্ৰমাণ দিব লাগিব আৰু এবাৰ আপডেট কৰা হ'লে আপুনি আন এটা সুযোগ নাপাব।
ম’বাইল নম্বৰ সলনি, কোনো সীমা নাই
অ'টিপি ভিত্তিক সেৱাৰ বাবে আধাৰৰ প্ৰয়োজন হোৱাৰ বাবে আপোনাৰ ম’বাইল নম্বৰটো আধাৰৰ সৈতে লিংক কৰাটো গুৰুত্বপূৰ্ণ। আপুনি ম’বাইল নম্বৰ সকলো সময়তে সলনি কৰিব পাৰে। কিন্তু আধাৰ সেৱা কেন্দ্ৰলৈ গৈহে এই আপডেট কৰিব পাৰিব।
আপডেটৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ
সকলো আপডেটৰ বাবে বৈধ দস্তাবেজ প্ৰয়োজন। কিছুমান ক্ষেত্ৰত মূল নথি-পত্ৰ দেখুৱাবলগীয়া হ’ব পাৰে। আপডেট অনলাইন আৰু অফলাইন দুয়োটাতে কৰিব পাৰি।
Also Read: