খাওঁতে এই ভুল কৰিলে দিনক দিনে অধিক শকতহে হ'ব

বৰ্ধিত ওজন বা মেদবহুলতা আজিৰ সময়ৰ এক ডাঙৰ সমস্যা হৈ পৰিছে। পেটৰ অতিৰিক্ত চৰ্বিয়ে স্বাস্থ্যৰ বহু প্ৰকাৰৰ ক্ষতি কৰে। ইয়াৰ ফলত উচ্চ ৰক্ত শৰ্কৰা, উচ্চ কলেষ্টেৰল আৰু হৃদৰোগ হ'ব পাৰে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
চৰ্বি  seo

ডিজিটেল ডেস্ক : বৰ্ধিত ওজন বা মেদবহুলতা আজিৰ সময়ৰ এক ডাঙৰ সমস্যা হৈ পৰিছে। পেটৰ অতিৰিক্ত চৰ্বিয়ে স্বাস্থ্যৰ বহু প্ৰকাৰৰ ক্ষতি কৰে। ইয়াৰ ফলত উচ্চ ৰক্ত শৰ্কৰা, উচ্চ কলেষ্টেৰল আৰু হৃদৰোগ হ'ব পাৰে।প্ৰকৃততে, আমাৰ কেতবোৰ বদ অভ্যাসৰ বাবেই পেটৰ চাৰিওফালে চৰ্বি বৃদ্ধি হৈ গৈ থাকে।সেইসমূহ হৈছে-

সময়মতে ৰাতিৰ আহাৰ গ্ৰহণ নকৰা

Advertisment

আমি বহুতেই ৰাতিৰ খাদ্য বেছিকৈ আৰু বহু পলমকৈ গ্ৰহণ কৰো। আমাৰ এই অভ্যাসেই মেদবহুলতাৰ এক অন্যতম মূল কাৰণ।ৰাতি সদায়েই সোনকালে খাদ্য গ্ৰহণ কৰিব লাগে।বিশেষজ্ঞৰ মতে, ৰাতি খাদ্য খোৱা আৰু শোৱাৰ মাজত কমেও তিনি ঘণ্টাৰ ব্যৱধান থাকিব লাগে। 

অত্যাধিক ফোনৰ ব্যৱহাৰ

বহুতো অধ্যয়নে প্ৰমাণ কৰিছে যে যদি আপুনি নিশা বিচনালৈ যাওঁতে ফোনটো ব্যৱহাৰ কৰে, তেন্তে ফোনৰ পোহৰে টোপনিত বাধা দিয়ে।নিশা টোপনিৰ অভাৱৰ বাবে বিপাক ক্ৰিয়া হ্ৰাস হয় আৰু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক খাদ্য খোৱাৰ আকাংক্ষা জন্মে। ই ভৱিষ্যতে মেদবহুলতা আৰু পেটৰ চৰ্বি বৃদ্ধি কৰে।

টিভি বা ম'বাইল চোৱাৰ সময়ত খাদ্য গ্ৰহণ

আজিকালি বহুলোকে টিভি, লেপটপ বা ফোন চাই খাদ্য খায়। এনেকৈ খাওঁতে স্ক্ৰীণত অধিক মনোযোগ দিয়া হয়।যাৰ বাবে কি খাদ্য কিমান পৰিমাণত খোৱা হয়, তাৰ প্ৰতি গুৰুত্ব নাথাকে। বহুসময়ত এইদৰে জোখতকৈ বহু বেছি খাদ্য খাই দিয়া হয়।যি মেদবহুলতাৰ অন্যতম কাৰণ হ'ব পাৰে।

বাহিৰৰ খাদ্য বেছিকৈ খোৱা 

আজিকালি অধিকাংশ লোকেই ঘৰত বহি পিজ্জা, বাৰ্গাৰ, ম’ম’ বিৰিয়ানি আদি অৰ্ডাৰ কৰি খায়। যি আমাৰ পেটৰ সমস্যা আৰু চৰ্বি বৃদ্ধি হোৱাৰ অন্যতম কাৰণ।সেয়েহে, পৰাপক্ষত বাহিৰৰ খাদ্য নাখাব।ঘৰতে কমকৈ তেল-মছলা দি খাদ্য বনাই খাব।  

ডাঙৰ কাহীত খোৱা

বহু লোকে খাদ্য ডাঙৰ কাহী বা প্লেটত খাবলৈ ভাল পায়।কিন্তু ডাঙৰ প্লেটত খাদ্য গ্ৰহণ কৰিলে বেছিকৈ খোৱা হয়, যিয়ে পেটৰ চৰ্বি বৃদ্ধি কৰে।এয়া পিছে আমি কোৱা কথা নহয়, কনৱেল বিশ্ববিদ্যালয়ৰ এক গৱেষণাত এই কথা ইতিমধ্যে প্ৰমাণিত হৈছে।সেয়েহে, খোৱাৰ কাহীখন সদায় সৰু হ'ব লাগে। 

Also Read: এচিৰ বাবে যে আপুনি ৰোগীয়া হৈছে জানেনে ?