এচিৰ বাবে যে আপুনি ৰোগীয়া হৈছে জানেনে ?

গৰম যিমানেই বাঢ়িছে, সিমানেই মানুহ এচিৰ প্ৰতি আসক্ত হৈ পৰিছে। আমাৰ অধিকাংশ লোকেই অফিচেই হওঁক বা ঘৰতেই হওঁক এচি ৰূমত বহি নিজকে সুৰক্ষিত অনুভৱ কৰে।কিন্তু প্ৰকৃততে এচিৰ আৰাম লোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক। হয়, এচিয়ে যিদৰে আমাক গৰমক পৰা সকাহ দিয়ে, সেইদৰেই আমাৰ স্বাস্থ্যৰ বহু ক্ষতিও কৰে।

author-image
Asomiya Pratidin
New Update
এচিৰ বাবে যে আপুনি ৰোগীয়া হৈছে জানেনে ?

ডিজিটেল ডেস্ক: গৰম যিমানেই বাঢ়িছে, সিমানেই মানুহ এচিৰ প্ৰতি আসক্ত হৈ পৰিছে। আমাৰ অধিকাংশ লোকেই অফিচেই হওঁক বা ঘৰতেই হওঁক এচি ৰূমত বহি নিজকে সুৰক্ষিত অনুভৱ কৰে।কিন্তু প্ৰকৃততে এচিৰ আৰাম লোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক। হয়, এচিয়ে যিদৰে আমাক গৰমক পৰা সকাহ দিয়ে, সেইদৰেই আমাৰ স্বাস্থ্যৰ বহু ক্ষতিও কৰে।আমাৰ স্বাস্থ্যক এচিয়ে কিদৰে প্ৰভাৱ বিস্তাৰ কৰে, জানো আহক-

Advertisment

ডিহাইড্ৰেচন 

দীঘলীয়া সময় এচিত থাকিলে ডিহাইড্ৰেচনৰ সমস্যা হ'ব পাৰে। কিয়নো এচিয়ে আমাৰ শৰীৰৰ আৰ্দ্ৰতা শোষণ কৰে আৰু ইয়াৰ ফলত শৰীৰত পানীৰ অভাৱ হয়।

শুকান ছাল 

এচিত দীঘলীয়া সময় থকাৰ ফলত ছাল শুকান হৈ পৰে।সেয়েহে, এচিত থাকিলে আপুনি পৰ্যাপ্ত পানী খাই নিজকে হাইড্ৰেটেড কৰি ৰাখিব।

গাঁঠিৰ বিষ 

এচিত দীঘলীয়া সময় ধৰি বহি থাকিলে গাঁঠিৰ বিষকে ধৰি অন্যান্য বহু সমস্যা হয়। যিসকল লোকে ইতিমধ্যে আৰ্থ্ৰাইটিছ, পিঠিৰ বিষ বা শৰীৰৰ আন তেনে কোনো বিষত ভূগি আছে, তেওঁলোকে এচিত থকাৰ ফলত এই সমস্যা আৰু অধিক বৃদ্ধি হ'ব পাৰে।

চৰ্বি 

এচিত থকাৰ ফলত স্বাভাৱিকভাৱেই মানুহ এলেহুৱা হয়। ই শৰীৰৰ কাম কৰাৰ ক্ষমতাও হ্ৰাস কৰে।যিয়ে মেদবহুলতা বৃদ্ধি কৰি আমাক আৰু অধিক ৰোগীয়া কৰে।

যদি এচি অবিহনে থাকিব নোৱাৰে, কি কৰিব? 

-এচিত শোৱাৰ আগতে যথেষ্ট পৰিমাণে পানী খাব আৰু শৰীৰত তেল বা ময়েশ্চাৰাইজাৰ প্ৰয়োগ কৰিব। 

- সূৰ্য পোহৰৰ পৰা অহাৰ পিছত পোনপটীয়াকৈ এচি কোঠালৈ নাযাব, শৰীৰৰ তাপমাত্ৰা স্বাভাৱিক হ'লেহে এচি ৰূমলৈ সোমাব।

- এচি চলাওঁতে তাপমাত্ৰা ২৪ ডিগ্ৰীত ৰাখিব।

Also Read: আলিংগনৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব