ঘৰতে আছে অনিয়মীয়া মাহেকীয়াৰ ঔষধ

মহিলাসকলৰ মাহেকীয়া হোৱাত স্বাভাৱিকতে ২৮-২৯ দিনৰ ব্যৱধান থাকে। বহুসময়ত এই নিৰ্ধাৰিত ব্যৱধানৰ ২-১ দিনৰ আগ-পিছ হয়। কিন্তু যদি মাহেকীয়া হোৱাৰ ব্যৱধান  ৪০-৪৫ দিনলৈ বৃদ্ধি হয়, তেনেহ'লে সেয়া চিন্তাৰ বিষয়।

author-image
সংগীতা দাস
New Update
মাহেকীয়া seo

ডিজিটেল ডেস্ক: মহিলাসকলৰ মাহেকীয়া হোৱাত স্বাভাৱিকতে ২৮-২৯ দিনৰ ব্যৱধান থাকে। বহুসময়ত এই নিৰ্ধাৰিত ব্যৱধানৰ ২-১ দিনৰ আগ-পিছ হয়। কিন্তু যদি মাহেকীয়া হোৱাৰ ব্যৱধান  ৪০-৪৫ দিনলৈ বৃদ্ধি হয়, তেনেহ'লে সেয়া চিন্তাৰ বিষয়। বহু মহিলাই এই সমস্যাৰ সৈতে মোকাবিলা কৰি থাকে যদিও চিকিৎসকৰ ওচৰলৈ যাবলৈ সংকোচ কৰে। যদি আপোনাৰ নিয়মিতভাৱে মাহেকীয়া নহয়, তেন্তে আপুনি কিছুমান খাদ্য খাই এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। আজি এই বিষয়ে জানো আহক-

অনিয়মীয়া মাহেকীয়াৰ ঘৰুৱা প্ৰতিকাৰ

কেঁচা অমিতা

যদি মাহেকীয়া সময়মতে নহয়, কেঁচা অমিতা খাব পাৰে। কেঁচা অমিতাই ঋতুস্ৰাৱৰ প্ৰবাহ উন্নত কৰে আৰু শৰীৰক আঁহও প্ৰদান কৰে। কেইদিনমানৰ বাবে কেঁচা অমিতা একেৰাহে খালেই আপোনাৰ সময়মতে মাহেকীয়া হ'ব।

এল’ভেৰা

অনিয়মীয়া মাহেকীয়াত ভোগী থকাসকলে এল’ভেৰা খাব পাৰে। ই হৰমন নিয়ন্ত্ৰণ কৰে। এল’ভেৰাৰ বাকলিটো আঁতৰাই ইয়াক এক চামুচ মৌৰ সৈতে মিহলি কৰক আৰু ৰাতিপুৱাৰ আহাৰৰ আগতে দৈনিক খাওঁক।

হালধি

ঔষধি গুণ সমৃদ্ধ হালধিয়ে অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা আঁতৰ কৰে। ইয়াৰ বাবে গাখীৰত এক চতুৰ্থাংশ চামুচ হালধি আৰু মিঠাইৰ বাবে গুড় বা মৌ মিহলি কৰি খাব।

আদা

সময়মতে মাহেকীয়া হ’বলৈ এক চামুচ সতেজ আদা এক গিলাচ পানীত ৫ মিনিটৰ বাবে উতলাওক। এতিয়া এই পানীত চেনী মিহলি কৰি খোৱাৰ পিছত দিনত ৩ বাৰ খাওঁক। ই অনিয়মীয়া ঋতুস্ৰাৱ নিয়ন্ত্ৰণ কৰে।


বি. দ্ৰ- যদি এই ঘৰুৱা প্ৰতিকাৰবোৰ ব্যৱহাৰ কৰি আপুনি অনিয়মীয়া মাহেকীয়া সমস্যাৰ সমাধান লাভ নকৰে, তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।