গৰমত পৰিহাৰ কৰিলে এই খাদ্য, পেটৰ অসুখৰ পৰা বাচিব

বাৰিষাৰ বৰষুণৰ ঠাণ্ডা টোপাল, বতাহ তথা সেউজীয়া পৰিৱেশ সকলোৱে উপভোগ কৰে। কিন্তু এই দিনকেইটাত খাদ্য-পানীয়ৰ প্ৰতি অলপ সাৱধান নহ’লে আপুনি বিপদত পৰিব পাৰে। হয়, আৰ্দ্ৰতা আৰু ঠাণ্ডাৰ বাবে এই সময়ছোৱাত বেক্টেৰিয়া আৰু ভাইৰাছ দ্ৰুতগতিত বৃদ্ধি পায়।

author-image
সংগীতা দাস
New Update
এই ভুল নকৰিব

ডিজিটেল ডেস্ক: বাৰিষাৰ বৰষুণৰ ঠাণ্ডা টোপাল, বতাহ তথা সেউজীয়া পৰিৱেশ সকলোৱে উপভোগ কৰে। কিন্তু এই দিনকেইটাত খাদ্য-পানীয়ৰ প্ৰতি অলপ সাৱধান নহ’লে আপুনি বিপদত পৰিব পাৰে। হয়, আৰ্দ্ৰতা আৰু ঠাণ্ডাৰ বাবে এই সময়ছোৱাত বেক্টেৰিয়া আৰু ভাইৰাছ দ্ৰুতগতিত বৃদ্ধি পায়। যাৰ ফলত বিভিন্ন ৰোগ বিয়পি পৰাৰ আশংকা বৃদ্ধি পায়। এনে পৰিস্থিতিত কিছুমান খাদ্য একেবাৰেই খাব নালাগে।

Advertisment

এই দিনকেইটাত সুস্থ হৈ থাকিবলৈ আপুনি ত্যাগ কৰিব লগীয়া খাদ্য-

ষ্ট্ৰীট ফুড

বাৰিষাত বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। বিশেষকৈ পথৰ দাঁতিত উপলব্ধ খাদ্য। বৰষুণৰ বাবে বাট-পথবোৰ বোকাময় হৈ থাকে, যাৰ বাবে পথৰ দাঁতিৰ খাদ্যৰ ভিতৰলৈ সহজে ধূলি-বালি সোমাই যায়। ইয়াৰ ফলত খাদ্য তৎক্ষণাত নষ্ট হয়। এই খাদ্য খোৱাৰ পিছত পেটৰ বিষ, এচিডিটি, বমি আৰু ডায়েৰিয়া আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। কেতিয়াবা বাহিৰত খাব লগা হ’লেও সদায় পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন ল’ব আৰু খাদ্য সতেজ আৰু গৰমহে খাব। পৰাপক্ষত ঘৰতে সতেজ আৰু পৰিষ্কাৰ খাদ্য ৰান্ধি খাব।

পকা ফল, কটা চালাড

বৰষুণৰ সময়ত মুকলি ঠাইত ৰখা কটা ফল-মূল আৰু চালাড নাখাব। বৰষুণৰ আৰ্দ্ৰতা আৰু বতাহত থকা বীজাণু এই ফল-মূল আৰু চালাডৰ লগত সোনকালে লাগি যায়। যদি এনে ফল-মূল আৰু চালাড ভালদৰে ধোৱা নহয়, তেন্তে বেক্টেৰিয়া আৰু পোক-পৰুৱা সহজেই সেইবোৰৰ ওচৰ পায়গৈ। ইয়াৰ ফলত পেটৰ সংক্ৰমণ হ’ব পাৰে। যাৰ ফলত বমি, ডায়েৰিয়া, পেটৰ বিষ আদি হয়। এই দিনতকেইটাত ফলবোৰ ভালদৰে ধুই খাব লাগে। চালাড পৰাপক্ষত ঘৰতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে তৈয়াৰ কৰি খাব। যদি বাহিৰত খাবলৈ মন যায়, তেন্তে পেকেটত ভৰোৱা আৰু ভালদৰে পেক কৰা ফল বা চালাডহে খাব।

দুগ্ধজাত সামগ্ৰী 

বাৰিষাৰ সময়ত গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰী খোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰটো খুবেই জৰুৰী। এইকেইটা দিনত গাখীৰ সোনকালে নষ্ট হয়। যাৰ ফলত ইয়াত বেক্টেৰিয়া বৃদ্ধি পায়। এনে গাখীৰ খালে পেটৰ সংক্ৰমণ, ডায়েৰিয়া আৰু বদহজম হ’ব পাৰে। পনীৰ আৰু দৈও ভালদৰে সংৰক্ষণ নকৰিলে স্বাস্থ্যজনিত সমস্যাৰ হয়। সকলো দুগ্ধজাত সামগ্ৰী শীতল আৰু পৰিষ্কাৰ পৰিবেশত ৰাখিব লাগে। 

ভজা, টেঙা খাদ্য

বাৰিষাত ভজা আৰু টেঙা খাদ্য খোৱাৰ পৰা বিৰত থাকিব। এই সময়ত পাচনতন্ত্ৰ দুৰ্বল হৈ পৰে আৰু বেছিকৈ বজা-পোৰা খালে পেটৰ বিভিন্ন সমস্যা হ’ব পাৰে। টেঙা খাদ্যই পেটৰ সমস্যাও বহুগুণে বৃদ্ধি কৰে। বাৰিষাত সদায় লঘু আৰু পুষ্টিকৰ খাদ্য খাব লাগে। সিজোৱা খাদ্য, চূপ, দাইল আৰু শাক-পাচলি বেছিকৈ খাব যাতে আপোনাৰ হজম শক্তি ভাল হৈ থাকে।

আগতে ৰন্ধা খাদ্য

এই সময়ছোৱাত খাদ্য সোনকালে নষ্ট হৈ যায়। বাহি খাদ্য খালে পেটৰ সংক্ৰমণ, বমি, ডায়েৰিয়া আৰু পেটৰ বিষ আদি সমস্যা হ’ব পাৰে। বিশেষকৈ বাৰিষাৰ সময়ত খাদ্য ভালদৰে ঢাকি ৰাখিব লাগে। সতেজ খাদ্য বনাই লগে লগে খাব। বাকী থকা খাদ্যখিনি ফ্ৰীজত ৰাখি পুনৰ ব্যৱহাৰ কৰাৰ আগতে ভালদৰে গৰম কৰিব। 

বাৰিষাত সুৰক্ষিত হৈ থাকিবলৈ কেইটামান বিশেষ টিপছ

১) পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে।

২) খোৱাৰ আগত আৰু খোৱাৰ পিছত ভালদৰে হাত ধুব লাগে।

৩) প্ৰচুৰ পৰিমাণে পানী খাব।

৪) বাহিৰত থকা ঢাকোন নিদিয়া পানী কেতিয়াও নাখাব।

৫) সতেজ আৰু উন্নত মানৰ ফলমূল, শাক-পাচলি খাব।

৬) চৌপাশ পৰিষ্কাৰ কৰি ৰাখিব যাতে মহ আৰু বীজাণুৰ প্ৰাদুৰ্ভাৱ নহয়।