/asomiyapratidin/media/media_files/2025/04/29/yFfqSmF66Bk6akkzCxpf.jpg)
ডিজিটেল ডেস্ক: ২০৪০ চনৰ ভিতৰত প্ৰষ্টেট কেঞ্চাৰত মৃত্যুৰ হাৰ ৮৫ শতাংশ বৃদ্ধি হ'ব। যাৰ বাবে এতিয়া সাৱধানে থাকিব লাগিব পুৰুষসকল। এক গৱেষণাৰ কৰি এই বিষয়ে নিশ্চিত হৈছে প্ৰষ্টেট কেঞ্চাৰ সম্বন্ধীয় লেঞ্চেট আয়োগে।
গৱেষণাটোত প্ৰকাশ কৰা মতে, বয়সস্থ লোকৰ এই ৰোগ হোৱাৰ আশংকা খুব বেছি। বিশেষকৈ, ৫০ অথবা ইয়াতকৈ উৰ্ধৰ লোকসকলে জীৱনশৈলী পৰিৱৰ্তন কৰিও এই ৰোগৰ পৰা বাচি থাকিব নোৱাৰে। বিশেষকৈ খোৱা-বোৱাত কিছু সাৱধানতা আৰু দৈনিক ব্যায়াম কৰিলে এই ৰোগ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস হয়। এক কথাত ক'বলৈ গ'লে আজিৰ ব্যস্ততাপূৰ্ণ তথা অস্বাস্থ্যকৰ জীৱনশৈলীয়েই বহু ৰোগৰ কাৰণ।
কি এই প্ৰষ্টেট কেঞ্চাৰ ?
বিশ্বব্যাপী ২০২০ আৰু ২০৪০ চনৰ ভিতৰত প্ৰষ্টেট কেঞ্চাৰ ৰোগৰ ঘটনা দুগুণতকৈ অধিক আৰু মৃত্যুৰ হাৰ ৮৫ শতাংশ হ'ব বুলি এই গৱেষণাত স্পষ্টকৈ প্ৰকাশ কৰা হৈছে। এই ৰোগ আনুবংশিক, মেদবহুলতাৰ দৰে কাৰকৰ সৈতে সম্পৰ্কিত লোকৰ অধিক হয়। ই হৈছে মূত্ৰাশয় আৰু পুৰুষৰ ব্যক্তিগত অংশৰ মাজত অৱস্থিত এক সৰু আখৰোট আকাৰৰ গ্ৰন্থি। প্ৰষ্টেট কেঞ্চাৰ সাধাৰণতে তেতিয়া আৰম্ভ হয়, যেতিয়া প্ৰষ্টেট গ্ৰন্থিৰ কোষবোৰ নিয়ন্ত্ৰণৰ বাহিৰত বাঢ়িবলৈ আৰম্ভ কৰে।
উল্লেখ্য যে, প্ৰষ্টেট কেঞ্চাৰৰ প্ৰাৰম্ভিক পৰ্যায়ত কোনো লক্ষণ নাথাকে।সেয়েহে, বিশেষজ্ঞসকলে ৪৫-৫০ বছৰ বয়সৰ পিছত প্ৰতিজন পুৰুষক প্ৰষ্টেট কেঞ্চাৰৰ বাবে স্বাস্থ্য পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়ে।যাতে পৰীক্ষাত ধৰা পৰিলে ইয়াক প্ৰাথমিক পৰ্যায়তে চিকিৎসা কৰিব পাৰি।
Also Read: ছালৰ কৰ্কট ৰোগৰ অন্যতম কাৰক টেটু, অধ্যয়নত পোহৰলৈ আহিছে ভয়াৱহ তথ্য