/asomiyapratidin/media/media_files/2025/04/28/7EjxHravdZLBzPHXsd1e.jpg)
ডিজিটেল ডেস্ক: আমৰ প্ৰতি থকা লোভৰ বাবেই বহুতৰ বাবে প্ৰিয় গ্ৰীষ্মৰ বতৰ। এই সময়ছোৱাত আন বহু ফল প্ৰকৃতিয়ে দিয়ে যদিও আম তুলনাবিহীন। ফলৰ ৰজা আম অতি স্বাস্থ্যকৰ। ইয়াত আঁহ, ভিটামিন চি, ভিটামিন এ আৰু আন বহুতো পুষ্টিকৰ উপাদান থাকে। কিন্তু আজিকালি বজাৰত উপলব্ধ অধিকাংশ আমেই ৰাসায়নিক পদাৰ্থযুক্ত।
কিয় আমত ৰায়াসনিক পদাৰ্থ ব্যৱহাৰ কৰা হয় ?
বহু বেপাৰীয়ে ব্যৱসায়ৰ স্বাৰ্থত আমত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে। এইদৰে অস্বাভাৱিকভাৱে আম পকিলে ইচ্ছামতে ইয়াৰ যোগান বৃদ্ধি কৰিব পাৰি আৰু দীৰ্ঘদিনলৈ আম সতজে হৈ থাকে। আমত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ ফলত ইয়াৰ ৰং, আকৃতি আৰু সোৱাদ সলনি হয়। কিন্তু প্ৰথম দৃষ্টিত কৃত্ৰিমভাৱে পকা আমবোৰ প্ৰাকৃতিক যেনেই লাগে আৰু আমিও চিকচিকিয়া আৰু মসৃণ আমবোৰ দেখি তাকে ক্ৰয় কৰো। কিন্তু এইবোৰ খোৱা আৰু বিহ খোৱা একেই। এনে আম খাই আপুনি এদিন ৰোগীয়া হোৱাটো প্ৰায় নিশ্চিত।
কি কয় FSSAI বা ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষয়ে ?
ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষৰ তথ্য অনুসৰি কৃত্ৰিম প্ৰক্ৰিয়াৰে আম পকাবলৈ কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰা হয়, যাৰ ফলত এচিটাইলিন গেছ নিৰ্গত হয়। এই গেছেই আম পকায়। কেলচিয়াম কাৰ্বাইড আমৰ লগতে কল, অমিতাৰ দৰে ফল পকোৱাতো ব্যৱহাৰ কৰা হয়।
ৰাসায়নিক পদাৰ্থযুক্ত আম খালে হোৱা স্বাস্থ্য সমস্যা
মূৰ ঘূৰোৱা।
অত্যধিক পিয়াহ অনুভৱ কৰা।
খিংখিঙীয়া হোৱা।
দুৰ্বলতা।
গিলিবলৈ অসুবিধা।
বমি।
ছালৰ আলচাৰ।
কিদৰে চিনাক্ত কৰিব ৰাসায়নিক পদাৰ্থযুক্ত ভুৱা আম
১) কিনাৰ সময়ত সাৱধান হওঁক
আম কিনোতে মন কৰিব যাতে আমত কোনো ধৰণৰ বগা বা নীলা দাগ নাথাকে। ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ বাবে আমৰ ৰং এনে হয়।
২) বাল্টি পৰীক্ষা
ঘৰলৈ আম অনাৰ পিছত আপুনি আমকেইটা পানীৰ বাল্টি এটাত ডুবাই ৰাখিব। যদি আমকেইটা ডুব যায়, তেতিয়া জানিব আমকেইটা প্ৰকৃতিকভাৱেই পকিছে আৰু স্বাস্থ্যৰ বাবে উপকাৰী। যদি ওপঙি থাকে, তেতিয়া গম পাব এই আমবোৰত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছে।
৩) আম এটা কাটি পৰীক্ষা কৰিব
ৰাসায়নিক দ্ৰব্যযুক্ত আমৰ ৰং আৰু কেন্দ্ৰত থকা আমঠুৰ ৰং বেলেগ বেলেগ হয়। প্ৰাকৃতিকভাৱে পকা আমৰ ৰং পাতল হালধীয়া আৰু আমঠু তথা গোটেই আমটোৰ ৰং একেই হ'ব। আনহাতে, ৰাসায়নিক পদাৰ্থ থকা আম কেতিয়াও ৰসাল নহয়। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষৰ মতে, যিকোনো ফল খোৱাৰ আগতে পানীত ভালদৰে ধুব লাগে।
Also Read: অৱলম্বন কৰক এই উপায়, কেতিয়াও কাষ নাচপে ঘামচি-খজুৱতি