ছালৰ কৰ্কট ৰোগৰ অন্যতম কাৰক টেটু, অধ্যয়নত পোহৰলৈ আহিছে ভয়াৱহ তথ্য

শৰীৰত টেটু অংকন কৰাটো এতিয়া ফেশ্বনৰে এক অংশ হৈ পৰিছে। বহুলোক টাটুৰ প্ৰতি ইমান আসক্ত যে গোটেই শৰীৰটোতে টেটুৰ নতুন নতুন ডিজাইনবোৰ অংকন কৰি থাকে। কিন্তু এই চখ খুবেই বিপদজনক।হয়, শেহতীয়া এক অধ্যয়নত পোহৰলৈ আহিছে ভয়াৱহ তথ্য।এনালিটিকল কেমেষ্টি জাৰ্নেলত প্ৰকাশিত এক অধ্যয়নত দাবী কৰা হৈছে যে টেটুৰ চিয়াহীত থকা ৰাসায়নিক পদাৰ্থবোৰ ছালৰ কৰ্কট ৰোগৰ অন্যতম কাৰণ। ই ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল কৰাৰ লগতে শৰীৰৰ বহু অঙ্গৰ ক্ষতি কৰে।

author-image
Asomiya Pratidin
New Update
ছালৰ কৰ্কট ৰোগৰ অন্যতম কাৰক টেটু, অধ্যয়নত পোহৰলৈ আহিছে ভয়াৱহ তথ্য

ডিজিটেল ডেস্ক: শৰীৰত টেটু অংকন কৰাটো এতিয়া ফেশ্বনৰে এক অংশ হৈ পৰিছে। বহুলোক টাটুৰ প্ৰতি ইমান আসক্ত যে গোটেই শৰীৰটোতে টেটুৰ নতুন নতুন ডিজাইনবোৰ অংকন কৰি থাকে। কিন্তু এই চখ খুবেই বিপদজনক।হয়, শেহতীয়া এক অধ্যয়নত পোহৰলৈ আহিছে ভয়াৱহ তথ্য।এনালিটিকল কেমেষ্টি জাৰ্নেলত প্ৰকাশিত এক অধ্যয়নত দাবী কৰা হৈছে যে টেটুৰ চিয়াহীত থকা ৰাসায়নিক পদাৰ্থবোৰ ছালৰ কৰ্কট ৰোগৰ অন্যতম কাৰণ। ই ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল কৰাৰ লগতে শৰীৰৰ বহু অঙ্গৰ ক্ষতি কৰে।

Advertisment

আমেৰিকা যুক্তৰাষ্ট্ৰত কৰা এই অধ্যয়নত ৫৪ টা টেটু চিয়াহীৰ নমুনা সংগ্ৰহ কৰা হৈছিল।অধ্যয়নৰ ফলাফলবোৰে দেখুৱাইছে যে ৯০ শতাংশ নমুনাত পলিইথিলিন গ্লাইকল আৰু ২-ফেনক্সিইথানলৰ দৰে ৰাসায়নিক পদাৰ্থ আছে, যি স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। পলিইথিলিন গ্লাইকলে বৃক্কৰ নেক্ৰোচিছকে ধৰি শৰীৰৰ অন্যান্য অঙ্গবোৰ ক্ষতিগ্ৰস্ত কৰে। আনহাতে, ২-ফেনোক্সিইথানলে স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰে।এই অধ্যয়নটোৰ মুখ্য বিশেষজ্ঞ জন শ্বেৰ্কে উল্লেখ কৰা মতে, চিয়াহী প্ৰস্তুত কৰা কোম্পানীটোৱে টেটুৰ উন্নত ফলাফলৰ বাবে এই ৰাসায়নিক পদাৰ্থবোৰ ব্যৱহাৰ কৰে।সেয়েহে শৰীৰত টেটু অংকন কৰাৰ আগতে চিয়াহীৰ মানদণ্ড আৰু শৰীৰত ইয়াৰ ফলত হ'ব পৰা সমস্যাৰ বিষয় জানি ল'ব লাগে।

উল্লেখ্য যে, টেটু প্ৰস্তুত কৰোতে শৰীৰৰ ভিতৰত চিয়াহী সুমুৱাই দিয়া হয়, যিসমূহক শ্বেত ৰক্ত কোষৰ মেক্ৰোফেজে শোষণ কৰে।যাৰ ফলত চিয়াহীত থকা ৰাসায়নিক পদাৰ্থ তেজৰ সৈতে মিহলি হৈ সমগ্ৰ শৰীৰত বিয়পি পৰে আৰু ছালৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয়।আনহাতে,টাটু কৰিলে এলাৰ্জিয়েও ভয়াৱহ ৰূপ ল'ব পাৰে।

টেটু কৰাৰ আগতে এই সাৱধানতাসমূহ  অৱলম্বন কৰিব-

- সদায় ভাল পেছাদাৰী শিল্পীৰ দ্বাৰাহে টেটু কৰাব।

- টেটু কৰাৰ আগত ইয়াৰ ফলত হোৱা স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে ভালদৰে জানি ল’ব।

- টেটু কৰাৰ পিছত ছালৰ ভালকৈ যত্ন ল'ব।

- কিবা সমস্যাৰ সন্মুখীন হ’লে চিকিৎসকৰ পৰামৰ্শ লওঁক। 

Also Read: মাইগ্ৰেণৰ কাৰণ, প্ৰতিৰোধৰ বিষয়ে জানি লৈ সাৱধান হওঁক