সাৱধান হওঁক সকলো, অন্যথা ভূগিব গুৰুতৰ ৰোগত

আজিৰ ব্যস্ততাপূৰ্ণ জীৱন আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে আমাৰ শৰীৰত বেয়া কলেষ্টেৰল দ্ৰুতগতিত বৃদ্ধি পাইছে। যেতিয়া এই মাত্ৰা প্ৰয়োজনতকৈ অধিক হয়, তেতিয়া হৃদৰোগ হয়।

author-image
সংগীতা দাস
New Update
খাদ্য  web

ডিজিটেল ডেস্কঃ আজিৰ ব্যস্ততাপূৰ্ণ জীৱন আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে আমাৰ শৰীৰত বেয়া কলেষ্টেৰল দ্ৰুতগতিত বৃদ্ধি পাইছে। যেতিয়া এই মাত্ৰা প্ৰয়োজনতকৈ অধিক হয়, তেতিয়া হৃদৰোগ হয়। ইয়াৰ ফলত উচ্চ ৰক্তচাপ, হাৰ্ট এটেক, ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ আৰু ট্ৰিপল ভেছেল ডিজিজ আদি গুৰুতৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি হ’ব পাৰে।

Advertisment

সেইবাবেই আমাৰ খাওঁতে বিশেষ সাৱধানতা অৱলম্বন কৰাটো জৰুৰী। ট্ৰেন্স ফেটক শৰীৰৰ বাবে আটাইতকৈ বিপদজনক চৰ্বি বুলি গণ্য কৰা হয়, যিয়ে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে আৰু ধমনী বন্ধ কৰি দিব পাৰে। যদি এনে স্বাস্থ্য সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ বিচাৰে, তেন্তে আপুনি আপোনাৰ খাদ্য তালিকাৰ পৰা বিশেষ ৪বিধ খাদ্য ত্যাগ কৰিব লাগিব। সেইসমূহ হৈছে-

বিস্কুট

অধিকাংশ লোকৰে বিস্কুট প্ৰিয় আৰু সকলোৰে ধাৰণা যে বিস্কুট খালে শৰীৰৰ একো অপকাৰ নহয়। কিন্তু এয়া একেবাৰে ভুল ধাৰণা। বিশেষকৈ মিঠা আৰু মাখনযুক্ত বিস্কুটত ট্ৰেন্স ফেট আৰু চেচুৰেটেড ফেট থাকে, যি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। সেয়েহে, আজিৰে পৰা বিস্কুট খোৱা বাদ দিয়ক।

ফ্ৰ’জেন ফুড

এক কথাত কবলৈ গলে ফ্ৰ’জেন খাদ্য স্বাস্থ্যৰ বাবে শত্ৰু। এই পেকেটত ভৰোৱা খাদ্যবোৰত ট্ৰেন্স ফেট থাকে। ফ্ৰ’জেন খাদ্য কিনাৰ সময়ত ইয়াৰ পেকত দিয়া নিউট্ৰিচন লেবেলটো এবাৰ পঢ়িব।

কেক 

কেক খাই বেয়া পোৱা মানুহ হয়তো পৃথিৱীত নোলাব। কেকত খুব বেছি কেলৰি থাকে। পেকেটত উপলব্ধ কেকত ‘জিৰ' ট্ৰেন্স ফেট’ বুলি লেখা থাকে যদিও ইয়াত ০.৫ গ্ৰাম পৰ্যন্ত ট্ৰেন্স ফেট থাকে। এই চৰ্বি প্ৰতিদিনে আপোনাৰ শৰীৰত অলপ অলপকৈ জমা হৈ কলেষ্টেৰল বৃদ্ধি কৰে।

ফ্ৰেঞ্চ ফ্ৰাই

শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৰে প্ৰিয় ফ্ৰেন্স ফ্ৰাই। কিন্তু ইয়াক ভাজিবলৈ প্ৰায়ে হাইড্ৰজেনেটেড অইল ব্যৱহাৰ কৰা হয়, য’ত ট্ৰেন্স ফেট বেছি থাকে। ইয়াৰ অত্যধিক গ্ৰহণে কলেষ্টেৰল দ্ৰুতগতিত বৃদ্ধি কৰে আৰু হৃদযন্ত্ৰত বেয়া প্ৰভাৱ পেলায়।

 নিজকে কিদৰে সুৰক্ষা দিব ?

১) সতেজ, ঘৰতে ৰন্ধা খাদ্য খাওঁক।

২) ট্ৰেন্স ফেট আৰু প্ৰচেছড খাদ্যৰ পৰা দূৰত থাকক।

৩) ফল-মূল, শাক-পাচলি, অমেগা-৩ ফেটি এচিড আৰু আঁহযুক্ত খাদ্য গ্ৰহণ কৰক।

৪) নিয়মিতভাৱে ব্যায়াম কৰক আৰু ওজন নিয়ন্ত্ৰণত ৰাখক।

Also Read: