বৃদ্ধ বয়সলৈকে স্বাস্থ্যৱান হৈ থাকিবলৈ আপুনিও অনুকৰণ কৰক এই জীৱনশৈলী

secret-of-healthy life
secret-of-healthy life
Published on
Updated on

ডিজিটেল ডেস্ক: বলীউডৰ কিংবদন্তী অভিনেতা অমিতাভ বচ্চনক দেখি হয়তো আপুনি বিশ্বাস নকৰিব যে তেওঁ ইতিমধ্য ৮২ বছৰীয়া হৈছে। এই মহান ভাৰতীয় অভিনেতাজনৰ দীৰ্ঘজীৱন, জীৱনশৈলী তথা ফিটনেছ বহুতৰ বাবে অনুপ্ৰেৰণা হৈ আহিছে। জীৱনত কেইবাটাও গুৰুতৰ স্বাস্থ্য সমস্যাৰ সন্মুখীন হোৱা স্বত্বেও 'বিগ বি'য়ে কেতিয়াও হাৰ মানিব লগীয়া হোৱা নাই। তেওঁ নিজৰ স্বাস্থ্য আৰু সুস্থতা বজাই ৰাখিবলৈ কিছুমান অভ্যাস অনুসৰণ কৰে।আপুনিও যদি 'বিগ বি'ৰ দৰে বৃদ্ধ বয়সলৈকে সুস্থ-সবল হৈ থাকিবলৈ বিচাৰে, তেন্তে আপুনিও তেওঁৰ ফিটনেছৰ ৰহস্য জানি লৈ সেয়া অনুসৰণ কৰিব পাৰে।সেইসমূহ হৈছে-

নিয়মীয়া ব্যায়াম

অমিতাভ বচ্চনে নিয়মীয়াকৈ ব্যায়াম কৰে। তেওঁৰ ফিটনেছ ৰুটিনত কাৰ্ডিঅ' ব্যায়াম অন্তৰ্ভুক্ত আছে।জিমত কেতিয়াও তেওঁ গধুৰ ব্যায়াম নকৰে, কিন্তু নিয়মীয়া খোজ কঢ়া আৰু পাতল শাৰীৰিক কাৰ্যকলাপৰ সৈতে নিজকে সক্ৰিয় কৰি ৰাখে।প্ৰতিদিনে ৰাতিপুৱা খোজ কঢ়াটো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ, যিয়ে গোটেই দিনটো শাৰীৰিক শক্তি বজাই ৰখাত তেওঁক সহায় কৰে।

সন্তুলিত আহাৰ

অমিতাভ বচ্চন নিৰামিষভোজী।তেওঁ স্বাস্থ্যকৰ আৰু সন্তুলিত আহাৰৰ প্ৰতি বিশেষ মনোযোগ দিয়ে। তেওঁৰ আহাৰ পুষ্টিকৰ, যাৰ ভিতৰত আছে সতেজ ফল, পাচলি, আৰু পাতল আহাৰ। তেওঁ ফাষ্ট ফুড, জাংক ফুড আৰু ভজা সামগ্ৰীৰ পৰা আঁতৰত থাকে।তদুপৰি, তেওঁ সদায় সময়মতে আহাৰ গ্ৰহণ কৰে।

পানীৰ গুৰুত্ব

বিগ বিয়ে গোটেই দিনটো পৰ্যাপ্ত পৰিমাণৰ পানী খায়। শৰীৰটো হাইড্ৰেটেড ৰখাটো তেওঁৰ ফিটনেছ ৰুটিনৰ এটা গুৰুত্বপূৰ্ণ অংশ। পানীয়ে শৰীৰটো পৰিস্কাৰ কৰি ৰখাৰ লগতে শক্তি বজাই ৰখাত সহায় কৰে।

অনুশাসন-নিয়মীয়তা

তেওঁৰ ফিটনেছৰ মূখ্য দিশটো হৈছে তেওঁৰ অনুশাসন। তেওঁ সোনকালে শুই ৰাতিপুৱা সোনকালে উঠে। নিয়মীয়াতা তেওঁৰ জীৱনৰ এক অংশ, যি তেওঁৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। তেওঁ পৰ্যাপ্ত টোপনি যোৱাত অগ্ৰাধিকাৰ দিয়ে। টোপনি পূৰণ কৰিলে শৰীৰে বিশ্ৰাম পায় আৰু গোটেই দিনটোৰ ভাগৰ হ্ৰাস কৰে।ইয়াৰ ফলত তেওঁ সতেজতাৰে তেওঁৰ কাম সম্পূৰ্ণ কৰিব পাৰে।

মনোযোগ-মানসিক শান্তি

মনোযোগ আৰু ধ্যানও তেওঁৰ দৈনন্দিন ৰুটিনৰ এটা অংশ। তেওঁ সদায় মানসিক স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ে, যিয়ে মানসিক ভাৰসাম্য বজাই ৰখাত সহায় কৰে আৰু চাপমুক্ত ৰাখে। এই মানসিক মনোযোগে তেওঁলোকক জীৱনত শান্তি আৰু প্ৰশান্তি বিচাৰি উলিওৱাত সহায় কৰে, যি তেওঁলোকৰ সুস্থতাৰ এক গুৰুত্বপূৰ্ণ দিশ।

আসক্তিৰ পৰা দূৰত্ব

অমিতাভ বচ্চনে সদায় নিজকে সুৰা আৰু ধূমপানৰ পৰা আঁতৰাই ৰাখে।যিকোনো আসক্তিয়ে শৰীৰত নেতিবাচক প্ৰভাৱ পেলায়। অমিতাভ বচ্চনৰ ফিটনেছৰ ৰহস্য হৈছে তেওঁৰ অনুশাসন, স্বাস্থ্যকৰ আহাৰ, নিয়মীয়া ব্যায়াম আৰু ইতিবাচক জীৱনশৈলী।

মিঠাইৰ পৰা দূৰত্ব

অমিতাভ বচ্চন মিঠাইৰ পৰা আঁতৰি থাকে।এই সামগ্ৰীবোৰত উচ্চ পৰিমাণৰ সংপৃক্ত চৰ্বি আৰু কেলৰি থাকে যি স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। তদুৰি, তেওঁ চাহ বা কফিৰ পৰাও দূৰত্ব বজাই ৰাখে।

secret-of-healthy life
সময় থাকোতেই সাৱধান হওঁক, জীৱনশৈলী সলনি কৰক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in