অনুৰাগীৰ দুখ ! কি ক'লে অক্ষয় কুমাৰে ?

‘হেৰা ফেৰী’, বলীউডৰ এই ব্লকবাষ্টাৰ ছবিখন উপভোগ নকৰা মানুহ  হয়তো খুব কমহে ওলাব। ছবিখন মুক্তি পোৱা ২৫ বছৰ হ’ল যদিও আজিও সিমানেই জনপ্ৰিয়। এতিয়া নিৰ্মিয়মান অৱস্থাত আছে ‘হেৰা ফেৰী’ৰ ছিকুৱেল ‘হেৰা ফেৰী ৩’। 

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
‘হেৰা ফেৰী

ডিজিটেল ডেস্ক: ‘হেৰা ফেৰী’, বলীউডৰ এই ব্লকবাষ্টাৰ ছবিখন উপভোগ নকৰা মানুহ  হয়তো খুব কমহে ওলাব। ছবিখন মুক্তি পোৱা ২৫ বছৰ হ’ল যদিও আজিও সিমানেই জনপ্ৰিয়। এতিয়া নিৰ্মিয়মান অৱস্থাত আছে ‘হেৰা ফেৰী’ৰ ছিকুৱেল ‘হেৰা ফেৰী ৩’। 

Advertisment

ছবিখনত পূৰ্বে অভিনয় কৰা আটাইকেইজন অভিনেতা অক্ষয় কুমাৰ, সুনীল ছেট্টী, পৰেশ ৰাৱলে ‘হেৰা ফেৰী ৩’ত অভিনয় কৰাৰ কথা আছিল যদিও কেইদিনমান পূৰ্বে পৰেশ ৰাৱলে ছবিখনত অভিনয় নকৰাৰ কথা ঘোষণা কৰে। ইয়াৰ পাছতে স্বাভাৱিকভাৱেই চৌদিশে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। অনুৰাগীৰ লগতে সুনীল ছেট্টী, অক্ষয় কুমাৰ আৰু পৰিচালক প্ৰিয়াদৰ্শনেও এই সিদ্ধান্তক লৈ স্তম্ভিত আৰু হতাশা প্ৰকাশ কৰে। ছবিখনৰ প্ৰতি আৱেগিক একাংশই খুব বেছিকৈ পৰেশ ৰাৱলক মন্তব্যৰে আক্ৰমণ কৰে।

কি ক'লে অক্ষয় কুমাৰে ?

অক্ষয় কুমাৰে ‘হাউচফুল ৫’ ছবিখনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত এই সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পৰেশ ৰাৱলক একাংশই ‘মূৰ্খ’ বুলি কোৱাত অভিনেতাজনে দুখ প্ৰকাশ কৰে। অক্ষয়ে কয়, ‘প্ৰথমেই কওঁ, মোৰ সহ অভিনেতাক এই ধৰণৰ শব্দ ব্যৱহাৰ কৰি মন্তব্য কৰিলে মই সহ্য নকৰো। মই তেওঁৰ সৈতে ৩৫ বছৰ ধৰি কাম কৰি আহিছো। আমি বহুত ভাল বন্ধু আৰু তেওঁ এজন মহান অভিনেতা। মই তেওঁক বহুত সন্মান কৰো।’

উল্লেখ্য যে, সৃষ্টিশীল পাৰ্থক্যৰ বাবে পৰেশ ৰাৱলে এই ছবিখনত অভিনয় নকৰে বুলি চৰ্চা হৈছে। অৱশ্যে, এই সন্দৰ্ভত পৰেশ ৰাৱলে কয়, 'মই জানো যে মোৰ এই সিন্ধান্তই বহুতকে দুখ দিব। কিন্তু মই এই ছবিখনৰ অংশ বুলি অনুভৱ নকৰো। মোৰ এই সিন্ধান্ত চূড়ান্ত। কিন্তু ভৱিষ্যতে কি হ'ব, সেয়া আজি ক’ব নোৱাৰি।