Superfoods: কেৱল মহিলাৰ বাবেহে যেন এই চাৰিবিধ খাদ্য

পৰিয়ালৰ দায়িত্বৰ পৰা কৰ্মজীৱনৰ সকলো চম্ভালি থকোতেই মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি খুব কমকৈ গুৰুত্ব দিবলগীয়াত পৰে। এনে পৰিস্থিতিত ব্যস্ত মহিলাসকলৰ বাবে এটা উপায় আছে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
seo  'ছুপাৰফুড'

ডিজিটেল ডেস্ক: গৃহিনীয়েই হওঁক অথবা চাকৰি-ব্যৱসায় কৰাই হওঁক, মহিলাসকলৰ দৈনন্দিন জীৱনত ব্যস্ততা কিমান, সেয়া পুনৰাই কোৱাৰ প্ৰয়োজন নাই। পৰিয়ালৰ দায়িত্বৰ পৰা কৰ্মজীৱনৰ সকলো চম্ভালি থকোতেই তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি খুব কমকৈ গুৰুত্ব দিবলগীয়াত পৰে। এনে পৰিস্থিতিত ব্যস্ত মহিলাসকলৰ বাবে এটা উপায় আছে। মহিলাসকলে দৈনিক খাদ্য তালিকাত মাত্ৰ চাৰিবিধ খাদ্যবস্তু অন্তৰ্ভূক্ত কৰিয়েই এই সকলো শাৰীৰিক সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে। হয়, আজি এই চাৰিবিধ ‘ছুপাৰফুড’ৰ বিষয়ে জানো আহক-

Advertisment

দাইল 

দাইল প্ৰ’টিনৰ ভাণ্ডাৰ। দাইলত পৰ্যাপ্ত পৰিমাণে আইৰণো থাকে। এক গৱেষণাত প্ৰমাণ হৈছে যে দৈনিক এক বাতি দাইল খোৱাটোৱে শৰীৰক ৩০ শতাংশ আইৰণৰ যোগান ধৰে। সাধাৰণতে মহিলাসকলৰ আইৰণৰ অভাৱতে বহু স্বাস্থ্য সমস্যাই দেখা দিয়ে। সেয়েহে শৰাৰটোক পৰ্যাপ্ত প্ৰ’টিন আৰু আইৰণ যোগান ধৰিবলৈ মহিলাসকলে সদায় দালিৰ লগতে মাহজাতীয় শস্য খাব লাগে। 

সেউজীয়া শাক-পাচলি

সেউজীয়া পাচলিত যথেষ্ট পুষ্টি থাকে। শাক-পাচলিৰ ভিতৰত পালেং শাক হৈছে পুষ্টিৰ এক উৎকৃষ্ট উৎস। পালেং শাকত লুটিন পোৱা যায়, য'ত ‘এণ্টিএজিং’ৰ সকলো গুণ আছে। সেয়েহে, ছালখনক সুস্থ ৰখা তথা বয়সৰ চাপ নপৰাকৈ ৰাখিবলৈ পালেং শাক খাব লাগে।

কাঠফুলা 

মহিলাসকলক সকলো পুষ্টি যোগান ধৰা এবিধ অন্যতম খাদ্য হৈছে কাঠফুলা। কাঠফুলাত কৰ্কট ৰোধী এণ্টিঅক্সিডেণ্ট থাকে। এক গৱেষণা মতে, দৈনিক এক বাতি কাঠফুলা খালে স্তনৰ কৰ্কট ৰোগৰ আশংকা বহু পৰিমাণে হ্ৰাস হয়। সেয়েহে, সুস্থ হৈ থাকিবলৈ প্ৰতিগৰাকী মহিলাই কাঠফুলাক তেওঁলোকৰ খাদ্য তালিকাত স্থান দিব লাগে।

আপেল

ইংৰাজীত এষাৰ কথা আছে-An apple a day keeps the doctor away. অৰ্থাৎ, দৈনিক এটা আপেল খালে চিকিৎসকৰ ওচৰলৈ যোৱাৰ পৰা নিজকে বচাই ৰাখিব পাৰি। সেয়েহে, প্ৰতিগৰাকী মহিলাই প্ৰতিদিনে এটা আপেল খাব লাগে। আপেলত কুৱেৰচেটিন থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব পাৰে।