/asomiyapratidin/media/media_files/2025/03/06/o9ZWOcHrYexPwxNH8hlU.jpg)
ডিজিটেল ডেস্কঃ বিষাক্ত হৈ পৰিছে বলিউডৰ পৰিবেশ ! সকলোকে কেৱল বক্স অফিচৰ সংখ্যাই খেদি ফুৰিছে। সকলোৰে দৃষ্টি কেৱল কোটিৰ ক্লাবত। এই নিগনিৰ দৌৰত ধ্বংস হৈছে সৃষ্টিশীলতা। এই গুৰুতৰ অভিযোগ বলিউডৰ জনপ্ৰিয় নিৰ্দেশক অনুৰাগ কাশ্যপৰ।
শেহতীয়াকৈ তেওঁ বলিউডত কাম কৰাৰ বৰ্তমানৰ পৰিবেশ সন্দৰ্ভত কয় যে, হিন্দি চলচ্চিত্ৰ জগতৰ পৰিবেশ এতিয়া একেবাৰে বিষাক্ত হৈ পৰিছে। ইয়াত কেৱল বক্স অফিচৰ সংখ্যাই সকলোকে খেদি ফুৰিছে। সকলোৰে চকু থাকে কেৱল কোটিৰ ক্লাবত। কোটি টকাৰ প্ৰতিযোগিতাৰ এনে নিগনি দৌৰত শেষ হৈ গৈছে সৃষ্টিশীলতা।
এনে পৰিবেশ, পৰিস্থিতিৰ বাবেই তেওঁ বলিউড ত্যাগ কৰিছে বুলিও জনাইছে। 'গেংছ অৱ ৱাছেইপুৰ'ৰ দৰে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে দুমাহ পূৰ্বেই বলিউড এৰিব বুলি ঘোষণা কৰিছিল। সেই মতেই বলিউড এৰি তেওঁ এতিয়া প্ৰবেশ কৰিছে দক্ষিণৰ ছবি উদ্যোগত।
বলিউডত এতিয়া কাম কৰাৰ পৰিবেশ নাই বুলি মুকলি অভিযোগ কৰি এই উদ্যোগটোৰ কাম কৰাৰ শৈলীকো যথেষ্ট সমালোচনা কৰিছিল অনুৰাগ কাশ্যপে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ কয়, মই বলিউডৰ মানুহৰ পৰা আঁতৰি থাকিব বিচাৰো। এই উদ্যোগটো বহু বেছি বিষাক্ত হৈ পৰিছে। সকলোৱে এটা ভ্ৰমৰ পাছে পাছে দৌৰি ফুৰিছে। সকলোৱে বিচাৰে ৫০০-৮০০ কোটি টকীয়া ব্যৱসায়।
এনেদৰেই বলিউডৰ পৰা সৃষ্টিশীলতা আঁতৰি যোৱাৰ কথা কৈ ক্ষোভ উজৰা অনুৰাগে মুম্বাই এৰি এতিয়া থিতাপি লৈছে বেংগালুৰুত। দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগটোৰ সৃষ্টিশীলতাই তেওঁক মুগ্ধ কৰিছে। অনুৰাগৰ ভাষাত- ''দক্ষিণৰ কাম দেখি মোৰ ঈৰ্ষা ওপজে''।
বলিউডে সকলো সময়তে তেওঁক হতাশ কৰিছে বুলি কৈ চিনেমা নিৰ্মাণত যি আনন্দ পাব লাগে সেই আনন্দ এতিয়া ক’ৰবাত হেৰাই যোৱা বুলিও কৈছিল পৰিচালকগৰাকীয়ে। অৱশ্যে এতিয়া তেওঁ হয়তো সেই আনন্দ ঘূৰাই পাইছে।
তেওঁক দেখা গৈছে মালায়লম থ্ৰিলাৰ ছবিৰ ‘ফুটেজ’ৰ প্ৰচাৰত। এই চিনেমাখন পৰিচালনা কৰিছে ছাইজু শ্ৰীধৰণে। যোৱা বছৰৰ আগষ্ট মাহতেই এই ছবিখনে মুক্তি পাইছিল যদিও ইয়াৰ হিন্দী ভাৰ্ছন অহা ৭ মাৰ্চত মুক্তি পাব।
তাৰোপৰি তেওঁ ডকাইত নামৰ আন এখন চিনেমাত এগৰাকী সাহসী আৰক্ষী বিষয়াৰ চৰিত্ৰতো অভিযন কৰিছে। এই চিনেমাখন হিন্দী আৰু তেলেগু দুয়োটা ভাষাতে মুক্তি লাভ কৰিব। চিনেমাখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আদিভী ছেশ আৰু ম্ৰোণাল ঠাকুৰে। অৱশ্যে চিনেমাখন কেতিয়া মুক্তি পাব সেই দিন এতিয়াও ঘোষণা কৰা হোৱা নাই।