কাইলৈ 'ৰেইড ২' চাবলৈ যাবনে ?

২০১৮ ত মুক্তিপ্ৰাপ্ত বলীউডৰ ছবি 'ৰেইড'ৰ জনপ্ৰিয়তাৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই। এই ছুপাৰহিট ছবিখনত ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল অজয় দেৱগনে।

author-image
সংগীতা দাস
New Update
ap seo 1 web

ডিজিটেল ডেস্ক: ২০১৮ ত মুক্তিপ্ৰাপ্ত বলীউডৰ ছবি 'ৰেইড'ৰ জনপ্ৰিয়তাৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই। এই ছুপাৰহিট ছবিখনত ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল অজয় দেৱগনে। অজয় দেৱগনৰ পত্নীৰ ভূমিকাত অভিনয় কৰিছিল ইলিয়ানা ডিক্ৰুজে। সম্প্ৰতি এই ছবিখনৰ ছিকুৱেল মুক্তিৰ পথত। হয়, কাইলৈ সমগ্ৰ দেশজুৰি মুক্তি লাভ কৰিব 'ৰেইড'ৰ ছিকুৱেল ছবি 'ৰেইড ২'।

Advertisment

কিন্তু এইবাৰ 'ৰেইড'ৰ দৰে মুক্তিৰ পাছত নহয়, মুক্তিৰ পূৰ্বেই অভিলেখ গঢ়িলে 'ৰেইড ২'য়ে। হয়, আগতীয়া টিকট বুকিঙত অভিলেখ গঢ়িলে 'ৰেইড ২'য়ে। মুক্তিৰ আগদিনা অৰ্থাৎ আজি আৰু এতিয়ালৈ 'ৰেইড-২'ৰ উপাৰ্জন ৩.১৩ কোটি।

মুক্তিৰ দিনা কিমান উপাৰ্জন কৰিব 'ৰেইড ২'য়ে?

মুক্তিৰ পূৰ্বেই বহু চৰ্চা লাভ কৰা 'ৰেইড ২'য়ে  ১ মে’ত মুক্তি লাভ কৰিব। শ্ৰমিক দিৱস বুলি এই দিনটোত সকলো বন্ধ থাকে। যাৰ পৰা লাভৱান হ’ব পাৰে এই ছবিখন। ২০১৮ চনত ‘ৰেইড’য়ে মুক্তিৰ দিনটোত ১০ কোটিৰো অধিক ধন সংগ্ৰহ কৰিছিল। আনহাতে, শেহতীয়া ট্ৰেণ্ড অনুসৰি 'ৰেইড ২'য়ে মুক্তিৰ দিনাই ৬ৰ পৰা ৮ কোটি টকা উপাৰ্জন কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, 'ৰেইড ২' পৰিচালনা কৰিছে ৰাজ কুমাৰ গুপ্তাই। প্ৰযোজনা কৰিছে ভূষণ কুমাক, অভিষেক পাঠক আৰু কৃষণ কুমাৰে।এই ছিকুৱেল ছবিখনত অজয় ​​দেৱগনৰ সৈতে মূখ্য চৰিত্ৰত অভিনয় কৰিছে ৰীতেশ দেশমুখ আৰু বানী কাপুৰে। পূৰ্বৰ ছবিখনৰ দৰেই এই ছিকুৱেল ছবিখনো আয়কৰ বিভাগৰ বিষয়াসকলে চোৰাংচোৱা সংস্থাৰ সৈতে কাম কৰি অপৰাধৰ তথ্য লাভ কৰা আয়কৰ অভিযানৰ ওপৰত আধাৰিত।

Also Read: হলীউড গায়িকাৰ মন্তব্যই কঁপাইছে ছ’চিয়েল মেডিয়া