হলীউড গায়িকাৰ মন্তব্যই কঁপাইছে ছ’চিয়েল মেডিয়া

জেচিকা ছিম্পছন, নামেই যাৰ পৰিচয় ! বিগত কেইদিনমানৰ পৰা খুব চৰ্চাত আছে এইগৰাকী আমেৰিকান গায়িকা তথা অভিনেত্ৰী। তেওঁৰ এক বিশেষ মন্তব্যই এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে।

author-image
সংগীতা দাস
New Update
৫৫৫৫৫৫৫৫

ডিজিটেল ডেস্ক: জেচিকা ছিম্পছন, নামেই যাৰ পৰিচয় ! বিগত কেইদিনমানৰ পৰা খুব চৰ্চাত আছে এইগৰাকী আমেৰিকান গায়িকা তথা অভিনেত্ৰী। তেওঁৰ এক বিশেষ মন্তব্যই এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে।

Advertisment

প্ৰকৃততে জেচিকা ছিম্পছনে শেহতীয়াকৈ তেওঁৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত হালধীয়া আৰু নীলা ৰঙৰ বিশেষ সাজ পৰিধান কৰি ব্ৰেণ্ডৰ সদস্যসকলৰ সৈতে জেচিকাই নিজৰ পানীয়ৰ বিষয়ে আলোচনা কৰা দেখা গৈছে। জনপ্ৰিয় গায়িকাগৰাকীয়ে উল্লেখ কৰে যে গায়কীৰ প্ৰদৰ্শন উন্নত কৰিবলৈ তেওঁ এক বিশেষ চিৰাপ গ্ৰহণ কৰিছে।

তেওঁ কয়, ‘তেওঁলোকে মোক সুধিছে যে মই কণ্ঠৰ যত্নৰ বাবে  কি খাই আছো ? মই তেওঁলোকক কওঁ যে ই এটা চীনা বনৌষধি পানীয়। মোৰ কণ্ঠ প্ৰশিক্ষকে যেতিয়া ইয়াক গুগল কৰিলে তেতিয়া দেখা গ’ল যে ইয়াত সাপৰ শুক্ৰাণু আছে। ই মৌৰ দৰে। ভাল কণ্ঠ বিচাৰিলে সাপৰ শুক্ৰাণু খাব লাগিব।’ জেচিকাৰ সুৰীয়া কণ্ঠৰ আঁৰত সাপৰ শুক্ৰানু থকাৰ বিষয়টো পোহৰলৈ অহাৰ পাছতে এতিয়া চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে ইয়াক অদ্ভুট বুলি বিবেচনা কৰাৰ পৰিৱৰ্তে কিছুমান অনুৰাগীয়ে ইয়াক কেৱল হাস্যৰসময়ী বুলি গণ্য কৰিছিল। অৱশ্যে বহুতেই জেচিকাৰ স্পষ্টবাদী শৈলীৰো শলাগ লৈছিল।

সঁচাকৈয়ে সাপৰ শুক্ৰাণুৱে কণ্ঠ উন্নত কৰেনে?

চীনা বনৌষধি চিকিৎসাত বিভিন্ন বনৌষধি আৰু পশুজাতীয় সামগ্ৰী ব্যৱহাৰ কৰা হয়। কিন্তু কণ্ঠৰ গুণাগুণৰ ওপৰত সাপৰ শুক্ৰাণুৰ প্ৰভাৱ সন্দৰ্ভত কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা নাই। বিশেষজ্ঞসকলৰ মতে, কণ্ঠৰ উন্নতিৰ বাবে সঠিক কৌশল, অনুশীলন আৰু স্বাস্থ্যসন্মত খাদ্যাভ্যাস আটাইতকৈ গুৰুত্বপূৰ্ণ।

Also Read: এই কাম কৰিলে আপোনাৰ বিপদ নিশ্চিত