পুৰুষৰ তুলনাত মহিলা বেছিকৈ আক্ৰান্ত হয় থাইৰইডত

পুৰুষৰ তুলনাত মহিলা বেছিকৈ আক্ৰান্ত হয় থাইৰইডত

ডিজিটেল ডেস্ক: মানৱ দেহৰ এটা অতি গুৰুত্বপুৰ্ণ অন্তঃস্ৰাৱী গ্ৰন্হি হৈছে থাইৰয়ড। পখিলা আকৃতিৰ এই গ্ৰন্থিটো কণ্ঠনলীৰ সম্মুখভাগত অৱস্হিত।সাধাৰণ অৱস্হাত এই গ্ৰন্হিটো হাতেৰে অনুভৱ কৰা নাযায় । থাইৰয়ড গ্ৰন্হিটো দেখাত তেনেই সামান্য যেন লাগিলেও কিন্তু মানৱদেহত ইয়াৰ গুৰুত্ব অপৰিসীম। এই গ্ৰন্হিটোৱে থাইৰ'ক্সিন,ট্ৰাই আয়'ড'থাইৰনিন আৰু কেলচিট'নিন নামৰ হ'ৰমন ক্ষৰণ কৰে। গ্ৰন্হিটোৰপৰা নিঃসৃত এই হৰমনসমুহে দেহৰ বিভিন্ন জৈৱ-ৰাসায়নিক ক্ৰিয়া সুচাৰু ৰুপে সম্পন্ন হোৱাত সহায় কৰে। বিশেষকৈ এই গ্ৰন্হিটোৱে অন্ত্রত খাদ্য দ্ৰব্যৰ অৱশোষণ নিয়ন্ত্রণ কৰাৰ লগতে কেলচিয়াম, হৃদযন্ত্রৰ মাংসপেশী সুস্থ কৰি ৰখাত সহায় কৰে।তদুপৰি ই শিশুৰ বিকাশ,মহিলাসকলৰ ঋতুস্ৰাৱ নিয়ন্ত্রণ,মানসিক সন্তুলন ৰক্ষা কৰা আদি বিভিন্ন কাৰ্য্য সম্পাদনত সহায় কৰে।আনহাতে, ইয়াৰ বিসংগতিৰ ফলত দেহত বিভিন্ন সমস্যাই দেখা দিব পাৰে।বৰ্তমান সময়ত এই থাইৰইড ৰোগত আক্ৰান্তৰ সংখ্যা ক্ৰমাণ্বয়ে বৃদ্ধি হ’বলৈ ধৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘নেচনেল লাইব্ৰেৰী অফ মেডিচিন’য়ে দাবী কৰা মতে, পুৰুষৰ তুলনাত মহিলাৰ থাইৰইডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আঠগুণ বেছি।প্ৰায় ১২% লোকে তেওঁলোকৰ জীৱনকালত যি কোনো সময়ত দেহত অস্বাভাৱিক থাইৰইডৰ উপস্থিতি অনুভৱ কৰিব পাৰে। উচ্চ বা নিম্ন স্তৰৰ থাইৰইড হৰমনৰ ফলত আপোনাৰ বিপাক ক্ৰিয়া লেহেমীয়া হ'ব পাৰে আৰু হাইপোথাইৰয়ডিজম (থাইৰইডৰ স্তৰ নিম্ন) বা হাইপাৰথাইৰইডিজম (উচ্চ থাইৰইডৰ স্তৰ) সৃষ্টি কৰিব পাৰে।পিছে আপুনি থাইৰইডত ভূগিছে বুলি কেনেকৈ গম পাব ? থাইৰইড হ’লে শৰীৰত দেখা দিয়া লক্ষণসমূহৰ বিষয়ে আজি জানো আহক-

হঠাতে ওজন বৃদ্ধি বা হ্ৰাস

হঠাতে ওজনৰ পৰিৱৰ্তন হোৱাটো থাইৰইড বিকাৰৰ আটাইতকৈ সচৰাচৰ লক্ষণবোৰৰ ভিতৰত এটা। হাইপোথাইৰয়ডিজমত কেলৰি গ্ৰহণ স্থিৰ থাকিলেও হঠাতে ওজন বৃদ্ধি হ'লে থাইৰইড হৰমনৰ নিম্ন স্তৰৰ সংকেত দিব পাৰে।অৱশ্যে, যদি আপুনি অপ্ৰত্যাশিতভাৱে ওজন হ্ৰাস কৰিবলৈ আৰম্ভ কৰে, তেনেহ'লে এয়া এক সংকেত যে থাইৰইড গ্ৰন্থিয়ে আপোনাৰ শৰীৰৰ প্ৰয়োজনতকৈ অধিক হৰমন প্ৰস্তুত কৰি আছে, যি হাইপাৰথাইৰয়ডিজমৰ ক্ষেত্ৰত হয়। সেয়েহে, যদি আপোনাৰ ওজন হঠাতে উঠা-নমা হোৱা যেন লাগে, আপুনি জীৱনশৈলী পৰিৱৰ্তন কৰক, নিয়মিত ব্যায়াম কৰক আৰু অতি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওঁক।

ডিঙি ফুলা

আপোনাৰ থাইৰইড গ্ৰন্থিত কিবা খেলি-মেলি হোৱাৰ আটাইতকৈ দৃশ্যমান লক্ষণটো হৈছে ডিঙি ফুলা। হাইপাৰথাইৰয়ডিজম আৰু হাইপোথাইৰয়ডিজম দুয়োটাৰ ফলতে ফুলা বা গইট্ৰে হ'ব পাৰে। থাইৰইড কৰ্কট ৰোগ বা থাইৰইড গ্ৰন্থিৰ ভিতৰত বাঢ়ি অহা নোডুলৰ ফলতো এনে হ'ব পাৰে। গতিকে যদি আপুনি কেতিয়াবা ডিঙিটো ফুলা যেন অনুভৱ কৰে, লগে লগে ইয়াৰ চিকিৎসা কৰক।

হৃদস্পন্দনৰ হাৰৰ পৰিৱৰ্তন

অস্বাভাৱিক থাইৰইড স্তৰে আমাৰ হৃদযন্ত্ৰক পোনপটীয়াকৈ প্ৰভাৱিত কৰিব পাৰে। সেয়েহে আমি আমাৰ হৃদস্পন্দনৰ হাৰৰ বিষয়ে প্ৰতিদিনে সচেতন হ'ব লাগিব।হাইপোথাইৰয়ডিজম থকা লোকসকলৰ হৃদস্পন্দনৰ হাৰ স্বাভাৱিকতকৈ লেহেম হোৱাৰ বিপৰীতে হাইপাৰথাইৰইডিজমৰ ফলত হৃদস্পন্দন দ্ৰুত হ'ব পাৰে।সেয়ে, কোনো শাৰীৰিক সক্ৰিয়তা বা উত্তেজনা বা হঠাতে ৰক্তচাপ বৃদ্ধি নোহোৱাকৈ যদি আপোনাৰ হৃদযন্ত্ৰ স্পন্দিত হোৱা আৰম্ভ হৈছে, অনুগ্ৰহ কৰি সোনকালে চিকিৎসকৰ কাষ চাপক।

মনোভাৱ- শক্তিৰ হঠাৎ পৰিৱৰ্তন

থাইৰইড বিকাৰৰ এটা লক্ষণীয় প্ৰভাৱ হৈছে আমাৰ মনোভাৱ আৰু শক্তিৰ স্তৰৰ পৰিৱৰ্তন। ভাগৰুৱা, লেহেম আৰু হতাশাগ্ৰস্ত অনুভৱ আদি হৈছে হাইপোথাইৰয়ডিজমৰ লক্ষণ। আনহাতে, যদি আপুনি উদ্বিগ্ন, অস্থিৰ, খিংখিঙীয়া স্বভাৱৰ হৈ উঠে অথবা টোপনি যোৱাত সমস্যা হয়, তেনেহ'লে আপুনি হাইপাৰথাইৰইডিজমত ভুগিব পাৰে।

চুলি সৰা

এক স্বাস্থ্যকৰ থাইৰইড কাৰ্যই আমাৰ চুলিৰ ফলিকলকে ধৰি সকলো কোষ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘নেচনেল লাইব্ৰেৰী অৱ মেডিচিন’ৰ মতে, থাইৰইড হৰমনৰ পৰিমাণ কম হলে অতিমাত্ৰা চুলি সৰা আৰম্ভ হয়। এক অধ্যয়নত দেখা গৈছে যে চুলি ডাঠ হোৱা বা চুলি সৰা হাইপোথাইৰয়ডিজমৰ লক্ষণ।অৱশ্যে আন হৰমনৰ সমস্যাৰ ফলতো অপ্ৰত্যাশিতভাৱে চুলি সৰিব পাৰে।সেয়ে এনে সমস্যাই দেখা দিলে চিকিৎসকৰ কাষ চাপিব লাগে।

পুৰুষৰ তুলনাত মহিলা বেছিকৈ আক্ৰান্ত হয় থাইৰইডত
Heart Health: হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ উপায়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in