চৰকাৰী কৰ্মচাৰী নামত জবকাৰ্ডৰ ধন আত্মসাৎ কৰা কংগ্ৰছী আমিনুল এতিয়া জিলা পৰিষদৰ প্ৰাৰ্থী...

জবকাৰ্ডৰ লগতে আন ব্যাপক আৰ্থিক দুৰ্নীতিত লিপ্ত কংগ্ৰেছ নেতা এতিয়া ব্যস্ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত। অভিযুক্ত নেতাজনে এইবাৰ ভোমোৰাগুৰি জিলা পৰিষদৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ইছলাম

ক্ষমতাৰ অপপ্ৰয়োগেৰে চৰকাৰী কৰ্মচাৰীৰ লগতে আৰ্থিকভাৱে সবল বহু ব্যক্তিৰ নামত তেওঁ প্ৰস্তুত কৰিছিল জবকাৰ্ড। সেই জবকাৰ্ডৰ ধন নিজৰ জেপত ভৰাই ধনী হৈছিল গাওঁ পঞ্চায়তৰ সভাপতি আমিনুল। দুৰ্নীতি পৰায়ণ এই নেতাগৰাকীক পুনৰ কংগ্ৰেছে প্ৰদান কৰিলে জিলা পৰিষদৰ টিকট। আমিনুলৰ এই দুৰ্নীতিৰ সবিশেষ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

Advertisment

জবকাৰ্ডৰ লগতে আন ব্যাপক আৰ্থিক দুৰ্নীতিত লিপ্ত কংগ্ৰেছ নেতা এতিয়া ব্যস্ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত। অভিযুক্ত নেতাজনে এইবাৰ ভোমোৰাগুৰি জিলা পৰিষদৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।

উল্লেখযোগ্য যে, আমিনুল ইছলাম নামৰ এই কংগ্ৰেছ নেতাগৰাকী গাওঁ পঞ্চায়তৰ সভাপতি হৈ থকাৰ সময়তে জবকাৰ্ডৰ নামত চৰকাৰী চাকৰিয়ালৰ বিপৰীতেও চৰকাৰী ধন আত্মসাত কৰাৰ অভিযোগ আছে।

প্ৰাপ্ত তথ্য মতে, ২০১৯চনৰ পৰা ২০২৪চনলৈ এই কেলেংকাৰী সংঘটিত হৈছিল। বৰ্তমান নদুৱাঁৰ সমষ্টিৰ অন্তৰ্গত পাচঁমাইল গাওঁ পঞ্চায়তত সংঘটিত হৈছিল এই ব্যাপক কেলেংকাৰী।

আমিনুলৰ বাবেই আনোৱাৰ বেগম নামৰ চৰকাৰী পেঞ্চনপ্ৰাপ্ত মহিলাগৰাকীৰ নাম অন্তভূক্ত কৰা হৈছিল জবকাৰ্ড হিতাধিকাৰী হিচাপে। এম জি এন ৰেগাৰ আচঁনিৰ নামত হোৱা এই ব্যাপক অনিয়মৰ সন্দৰ্ভত ইতিমধ্যে জিলা আয়ুক্তকো অভিযোগ পত্ৰ দিয়া হৈছে।

ক্ষমতাৰ অপব্যৱহাৰ কৰি শোণিতপুৰ জিলাৰ কংগ্ৰেছৰ নেতা আৰু গাভৰু ব্লক কংগ্ৰেছৰ সভাপতিগৰাকী এই দুৰ্নীতিৰ অন্যতম পৃষ্ঠপোষক আছিল। পাঁচ মাইলৰ পঞ্চায়ত সভাপতি হৈ থকাৰ সময়তে আমিনূলে যধে-মধে জবকাৰ্ড বনাই ধন আত্মসাত কৰিছিল।

তেওঁৰ জৰিয়তেই শিক্ষক আলি আকবৰ ভূঞা, ডাক বিভাগৰ কৰ্মচাৰী ইছামুদ্দিন, অধিবক্তা চাদ্দাম হুচেইন আৰ্থিকভাৱে সবল মাহমুদ্দা বেগম আৰু মানসিকভাৱে অসুস্থ আব্দুল আলীৰ নামত জবকাৰ্ড বনোৱা হৈছিল।

 এই দুৰ্নীতিৰ সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰি ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচৰা হৈছে। আছাফুল ইছলাম নামৰ এজন আৰ টি আই কৰ্মীয়ে এই সন্দৰ্ভত অভিযোগ পত্ৰৰ প্ৰতিলিপি জিলা আয়ুক্তৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিছিল।

আনহাতে পূৰ্বতে স্বৰ্গীয় আব্দুল কাছামৰ পুত্ৰ আমিনুল ইছলামৰ নাম আলিছিঙা গাঁৱত আছিল যদিও ভোটাৰ তালিকাৰ নাম স্থানান্তৰ কৰা সময়সীমা পাৰ হৈ যোৱাৰ পাছত তেওঁৰ নাম তেজপুৰ সমষ্টিৰ ১নং দোলাবৰি অন্তৰ্গত ভোমোৰাগুৰি গাওঁ পঞ্চায়তলৈ স্থানান্তৰ কৰাৰ অভিযোগ উঠিছে।

এনে এজন দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছ নেতাক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাত জাঙুৰ খাই উঠিছে তৃণমূল কংগ্ৰেছ কৰ্মীসকল। স্থানীয় ৰাইজে এই দুৰ্নীতিগ্ৰস্ত নেতাজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাগ্ৰহণৰ দাবী তুলিছে।

 

কংগ্ৰেছ