মুক্তিৰ বাবে সাজু বিশ্বৰ প্ৰথম AI ৰ দ্বাৰা নিৰ্মিত ছবি 'Love You'

বিশ্বজুৰি কৃত্ৰিম বৃদ্ধিমত্তা চমুকৈ এ আইৰ উত্থান ঘটাৰ সময়তে মুক্তিৰ বাবে সাজু হৈছে বিশ্বৰ প্ৰথমখন এ আইৰ দ্বাৰা নিৰ্মিত কানাড়া ভাষাৰ ছবি Love You

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মুক্তিৰ বাবে সাজু কানাড়া ভাষাত নিৰ্মাণ বিশ্বৰ প্ৰথম AI ৰ দ্বাৰা নিৰ্মিত ছবি Love You

ডিজিটেল ডেস্কঃ যি সময়ত বিশ্বজুৰি কৃত্ৰিম বৃদ্ধিমত্তা চমুকৈ এ আইৰ উত্থান ঘটিছে, সেই সময়তে ভাৰতত মুক্তি পাবলৈ গৈ আছে প্ৰথমখন এ আইৰ দ্বাৰা নিৰ্মিত ছবি। কানাড়া ভাষাত নিৰ্মাণ কৰা বিশ্বৰ প্ৰথমখন বোলছবি 'Love You' ৰ প্ৰচাৰ আৰম্ভ হোৱাৰ লগে লগে চৰ্চা লাভ কৰিছে।

Advertisment

মাত্ৰ ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এ আই প্ৰযুক্তিৰ এই ছবিখন অহা মাহত মুক্তি লাভ কৰাৰ কথা।ছবিখনৰ পৰিচালক আৰু প্ৰযোজক নৰসিংহ মূৰ্তিয়ে জনোৱা মতে ছবিখনৰ সৈতে জড়িত সকলো কাম এ আইৰ দ্বাৰা কৰা হৈছে।

ছবিখনৰ অভিনয় আৰু সংগীত, বেকগ্ৰাউণ্ড স্কোৰ, ডাবিংলৈকে সকলো এ আইৰ দ্বাৰা কৰা হৈছে। উল্লেখ্য যে, ছবিখনৰ পৰিচালক, প্ৰযোজক নৰসিংহ মূৰ্তি পূৰ্বে আছিল বেংগালুৰুৰ বাগালাগুণ্টে অঞ্জনেয়া মন্দিৰৰ পুৰোহিত। অৱশ্যে তেওঁ ইয়াৰ পূৰ্বে কেইবাখনো ছবি পৰিচালনাৰে অভিজ্ঞ।

ছবিখনৰ সহকাৰী পৰিচালক তথা সম্পাদনাৰ সৈতে জড়িত এ আই ইঞ্জিনীয়ৰ নুটান। তেওঁ এগৰাকী এল এল বি স্নাতক। অৱশ্যে তেওঁৱো চলচ্চিত্ৰ উদ্যোগত এক দশকৰো অধিক সময় অতিবাহিত কৰিছে।

তেওঁ এটা দশকৰ অভিজ্ঞতাৰ সৈতে আধুনিক এ আই প্ৰযুক্তিৰ সমাহাৰেৰে এখন ছবি নিৰ্মাণ কৰাৰ লক্ষ্যৰে এই ছবিখন নিৰ্মাণ কৰিছে। ছবিখনৰ সকলো প্ৰডাকচনৰ কাৰিকৰী দিশ চোৱাচিতা কৰাৰ লগতে পৰিচালনা কৰিছে। 

ছবিখনৰ কাৰিকৰী দিশসমূহ চোৱাচিতা কৰা এ আই ইঞ্জিনীয়াৰ নুটানে কয়, ‘ চিনেমাখনৰ বাবে আমি ৰাণৱে এম এল, ক্লিং এ আই, মিনিমেক্সকে ধৰি ২০ৰ পৰা ৩০টা সঁজুলি ব্যৱহাৰ কৰিছিলো। যিসকলে ছবিখন চাইছে তেওঁলোকে এইখনক নিয়মীয়া চিনেমাতকৈ ভাল বুলি মতামত দিছে।'

এআইৰ সকলো কাম চম্ভালি লোৱা পৰিচালক আৰু প্ৰযোজক নৰসিংহ মূৰ্তি আৰু নুটানৰ বাহিৰেও ছবিখনৰ প্ৰতিটো দিশ— অভিনয়, সংগীত ৰচনা, গীত, পটভূমিৰ স্ক’ৰ, ডাবিংকে ধৰি—সম্পূৰ্ণৰূপে এআই প্ৰযুক্তি ব্যৱহাৰ কৰি পৰিচালনা কৰা হৈছে। সংগীত আৰু গীতৰ পৰা আৰম্ভ কৰি ডাবিং আৰু ভিজুৱেললৈকে Love Youৰ সকলোবোৰ এ আইৰ সহায়ত সৃষ্টি।

 

চিনেমা এ আই প্ৰযুক্তি