মিজোৰামত বুজন পৰিমাণৰ মেথামফেটামাইন টেবলেট জব্দ

মিজোৰামত বুজন পৰিমাণৰ মেথামফেটামাইন টেবলেট জব্দ

author-image
Asomiya Pratidin
New Update
মিজোৰামত বুজন পৰিমাণৰ মেথামফেটামাইন টেবলেট জব্দ

ডিজিটেল সংবাদ, শিলচৰ: চুবুৰীয়া ৰাজ্য মিজোৰামত নিচাজাতীয সামগ্ৰীৰ‌ বিৰুদ্ধে অভিযান চলাই বিশেষ সফলতা লাভ কৰিছে অসম ৰাইফলছে। ম্যানমাৰ সীমান্তৱৰ্তী চাম্পাই জিলাৰ জোখাওথৰত অভিযান চলাই সোমবাৰে বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰিছে অসম ৰাইফলছে। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই অসম ৰাইফলছে চাম্পাই জিলাৰ জোখাওথৰ পৰা জব্দ কৰে ১ লাখ মেথামফেটামাইন টেবলেট।

Advertisment

ম্যানমাৰৰ নাগৰিক এজনৰ পৰা জব্দ কৰা টেবলেট খিনিৰ ওজন ১০ কিলোগ্রাম। জব্দকৃত টেবলেটখিনিৰ মূল্য প্ৰায় ৩০ কোটি টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে। টেবলেটখিনি ম্যানমাৰৰ পৰা মিজোৰামলৈ সৰবৰাহ কৰা হৈছিল। টেবলেটৰ সৈতে ম্যানমাৰৰ খাৱামায়িৰ বাসিন্দা মনঘোপ নামৰ সৰবৰাহকাৰী জনক আটক কৰা হয়।

Also Read: খেতিত স্থাপন কৰা অবৈধ বৈদ্যুতিক তাঁৰত বিদ্যুৎপৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু

assam rifles mizoram