খেতিত স্থাপন কৰা অবৈধ বৈদ্যুতিক তাঁৰত বিদ্যুৎপৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু

খেতিত স্থাপন কৰা অবৈধ বৈদ্যুতিক তাঁৰত বিদ্যুৎপৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু

ডিজিটেল সংবাদ, চিৰাং: চিৰাঙৰ বিজনীৰ কুকলুঙৰ ১২ নং নতুন মাটিত এক শোকাৱহ ঘটনা সংঘটিত হয়। বন্যহস্তীৰ উপদ্ৰৱৰ পৰা খেতি পথাৰক ৰক্ষা কৰিবলৈ অবৈধ ভাৱে স্থাপন কৰা বৈদ্যুতিক তাঁৰৰ বেৰত লাগি সোমবাৰে নিশা এগৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

নিহত শ্ৰমিকজন ২৮ বছৰীয়া ভুৱন বৰ্মন বুলি চিনাক্ত কৰা হৈছে । প্ৰাপ্ত খবৰ অনুযায়ী অঞ্চলটোৰ খৰ্গেশ্বৰ ৰায় নামৰ এজন লোকে নিজৰ কৃষিভূমিত বন্যহস্তীৰ উপদ্ৰৱৰ পৰা নিজৰ খেতিডৰা ৰক্ষা কৰিবলৈ অবৈধ ভাৱে বৈদ্যুতিক তাৰৰ বেৰ দিছিল। সোমবাৰে নিশাৰ ভাগত ভুৱন বৰ্মনে বাট চমুৱাই খৰ্গেশ্বৰ ৰায়ৰ কৃষিভূমিৰে নিজ ঘৰলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। অজ্ঞাতভাৱে অবৈধ বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শত লাগি কৰুণ মৃত্যু হয় যুৱ শ্ৰমিক ভুৱন বৰ্মনৰ।

মঙলবাৰে ৰাতিপুৱাৰ ভাগত বিদ্যুৎপৃষ্ট এজন শ্ৰমিকৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পিছতেই আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাৱে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে। ঘটনা সংক্ৰান্তত খৰ্গেশ্বৰ ৰায়ক আটক কৰা হৈছে ।

খেতিত স্থাপন কৰা অবৈধ বৈদ্যুতিক তাঁৰত বিদ্যুৎপৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু
নাগালেণ্ডৰ অভিযোগৰ ভিত্তিত মেৰাপানীত বন্ধ হ'ল চৰকাৰী আঁচনিৰ কাম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in