শংকৰ আৰু অংক...

ব্যক্তিগত ব্যৱসায়িক স্বাৰ্থত কোনোবা শংকৰজ্যোতি বৰুৱাই কাৰোবাৰ সৈতে সংঘাতত লিপ্ত হৈ তাক জাতীয় আৱেগেৰে ঢাকি সেই সংঘাতক পৃথক ৰূপ দিব খুজিলে তাত আমি উটি-ভাহি যোৱাতো কিমান উচিত হ'ব?

author-image
Asomiya Pratidin
New Update
িুপ

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

জাতীয় আৱেগৰ নামত এতিয়া খেলা হয়। সেই খেলখন যিসকলে খেলে সেইসকলে জানে যে এই খেলৰ জৰিয়তে সাধাৰণ লোকসকলক পৰিচালিত কৰিব পাৰি। এই আৱেগত আজিও আমি অন্ধভাৱে মচগুল হৈ থাকি ভাল পাও।

সেয়া আমাৰ এক বেমাৰত পৰিণত হৈছে। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ আৰু হাতত হেণ্ডকাফ লগোৱা প্ৰসংগত আকৌ এবাৰ আমি আৱেগিক হৈ পৰিলো। কেৱল শংকজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাক লৈ সচেতনতা আৰু প্ৰতিক্ৰিয়া ব্যক্ত কৰা সকলে বিনা দোষত, সাধাৰণ অভিযোগত আৰক্ষীৰ আলহী হোৱা অন্য অসমীয়া যুৱক-যুৱতীৰ ক্ষেত্ৰতো  একেই স্থিতি গ্ৰহণ কৰাতো প্ৰয়োজন।

দুলীয়াজানৰ যিটো পেট্ৰ'ল ডিপোক কেন্দ্ৰ কৰি এই প্ৰতিক্ৰিয়া আৰু সংঘাত সৃষ্টি হৈছিল তাত বহু কেইটা জাতীয় জীৱনৰ দিশ জড়িত হৈ আছে। ১৯৬০ চনতে নয়দাত থকা কোনো অনা অসমীয়া ব্যৱসায়িক অসমৰ মাটি লীজত দি কোনো তেল কোম্পানীয়ে ব্যৱসায়ৰ সুযোগ দিছে।

আইনগত বা নীতি-নিয়ম অনুসৰি সেয়া হৈছে বুলি ধৰি ল'লেও ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমাৰ জাতীয় দল-সংগঠন, চৰকাৰে পদক্ষেপ লোৱা উচিত। নহ'লে বহিৰাগতক বাধা দিবলৈ বহু দিনৰ মূৰত সাৰ পায় ৰাজপথত ধৰ্ণা বা স্মাৰক পত্ৰ দি এচাম লোকৰ বাবে মেনেজ হোৱাৰ বাট মুকলি কৰি দিয়াৰ বাদে আন পৰিৱৰ্তনৰ আশা কৰিব নোৱাৰি।

ব্যক্তিগত ব্যৱসায়িক স্বাৰ্থত কোনোবা শংকৰজ্যোতি বৰুৱাই কাৰোবাৰ সৈতে সংঘাতত লিপ্ত হৈ তাক জাতীয় আৱেগেৰে ঢাকি সেই সংঘাতক পৃথক ৰূপ দিব খুজিলে তাত আমি উটি-ভাহি যোৱাতো কিমান উচিত হ'ব? শেষ মুহূৰ্তত জাতীয়তাবাদৰ প্ৰসংগ উল্লেখেৰে নিজক জাতীয়তাবাদী সজাৱ খোজা এই ছদ্মৱেশী সকলে ইতিমধ্যে ৰাষ্ট্ৰীয়তাবাদৰ শাসক সকলৰ ওচৰত শৰণ লোৱাৰ প্ৰস্তুতি কৰি থৈছে।

সেই ৰাষ্ট্ৰীয়তাবাদী শিবিৰৰ দুই শক্তিশালী মেৰুত থকা ল'বীৰ মাজত শংকৰ কাৰ মানুহ তাক লৈ টনা-আজুৰা চলাৰ পৰিণতিত প্ৰাক্তন আছু নেতাজনৰ যি দশা হৈছে সেয়া তেওঁৰ বাবে আৰ্শীবাদ বা অভিশাপো হ'ব পাৰে। কিন্তু আমি এইজন প্ৰাক্তন নেতাৰ অতীতটোকো পাহৰি গ'লে নহ'ব।

কেৱল ভোগবাদী চিন্তাত মগ্ন হৈ কোনোবা নাৰীৰ বিৰুদ্ধে অন্যায় কৰিলে সেই অসমীয়া যুৱতী সকলৰ নায্যতাৰ প্ৰতি আমি কিমানে মাত মাতিছো? পূৰ্বতে যি আছুৰ মজিয়াত তেওঁ নেতৃত্ব লৈছিল সেই সময়ত আছুৰ নেতা হিচাপে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ তদন্তৰ বাবে ১০ জনীয়া কমিটী গঠন কৰি দিয়া হৈছিল।

সেই কমিটীত আছিল অভিৱৰ্তন গোস্ৱামী,দীপক শৰ্মা,নিহাৰিকা শইকীয়া,অভিজিত নাথ,নিতুল বৰা, নৱজ্যোতি ৰায়,ৰূপজ্যোতি মেধি,ভৱজিত বেজবৰুৱা,টুটুমণি কলিতা আৰু সীমান্ত নেওগ। 

এই তদন্ত কমিটীয়ে প্ৰথমখন প্ৰতিবেদনত ইতিমধ্যে দাখিল কৰা কথা আছু নেতৃত্বই ৰাজহুৱা কৰিছে। তেওঁলোকে অপেক্ষাত আছে চূড়ান্ত প্ৰতিবেদন দাখিল কৰালৈ। ইতিমধ্যে এটা বছৰ সম্পূৰ্ণ হও হও,কেতিয়া  প্ৰদান কৰা হ'ব সেই চূড়ান্ত প্ৰতিবেদন?

আছুৰ এগৰাকী ছাত্ৰী নেত্ৰীক লৈ শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত আভিযোগ সঁচা প্ৰমাণিত হ'লে শংকৰজ্যোতি বৰুৱাই শাস্তি পাবনে? সংগঠনৰ মজিয়াত এতিয়া তেওঁ নাই। পদত্যাগ কৰি ওলাই যোৱা পাছত সেই প্ৰতিবেদনৰ ভিত্তিত কি ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকে?

এনে এজন শংকৰজ্যোতিৰ পক্ষত আছু নেতৃত্বই মৌনতা অৱলম্বন কৰিছে তাত যুক্তি আছে। হেণ্ডকাফ আৰু চিপজৰী প্ৰসংগৰে তেওঁলোকে শংকৰজ্যোতিৰ প্ৰসংগত নিজৰ স্থিতি স্পষ্ট কৰিছে।সমান্তৰালভাৱে তেওঁলোকে তেওঁলোকৰ কৰ্মীগৰাকীক ন্যায় দিবলৈ আইনৰ কাষ চাপিবনে?

মহিলা আয়োগৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে নে? এদিন এই প্ৰশ্নবোৰো আছুৰ নেতৃত্বই উত্তৰ দিব লাগিব। শংকৰজ্যোতি বৰুৱাৰ নিজা ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰিত হওঁক চৌদিশে। কোনোবা হোটেলৰ মালিকৰ চলাব নোৱাৰা পেট্ৰ'ল ডিপুৰ পৰা আৰম্ভ কৰি যিমান ইচ্ছা পেট্ৰ'ল ডিপু তেওঁ লীজত লওঁক।

তাত আমাৰ আপত্তি নাই। আব্দুল বা আন লোকক সংগী কৰি এই বেহাৰ মেলক। সেইখিনি কৰিবলৈ যাওঁতে কোনোবাই যদি জাতীয় আৱেগক বিক্ৰী কৰি আকৌ এবাৰ আমাক ঠগিব খোজে তেন্তে আমি বাৰে বাৰে সেই ঠগ খোৱাতো উচিত হ'বনে?

 

শংকৰজ্যোতি বৰুৱা