নিৰ্বাচনৰ পূৰ্বে উত্তৰ-পূৱলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী...

নিৰ্বাচনৰ পূৰ্বে বিভিন্ন ৰাজ্যত ভিৰ দেখা যায় নামী দামি নেতাৰ। আগন্তুত সময়ত উত্তৰ-পূৰ্বাঞ্চলক কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন।

author-image
Asomiya Pratidin
New Update
গুজৰাট হিংসাৰ ওপৰত বিবিচিয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰ কেৱল 'প্ৰচাৰৰ অংশ': চৰকাৰ

ডিজিটেল ডেস্ক: নিৰ্বাচনৰ পূৰ্বে বিভিন্ন ৰাজ্যত ভিৰ দেখা যায় নামী দামি নেতাৰ। আগন্তুত সময়ত উত্তৰ-পূৰ্বাঞ্চলক কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে ২৪ ফেব্ৰুৱাৰীত মেঘালয়লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

Advertisment

প্ৰধানমন্ত্ৰী গৰাকীয়ে কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। ইতিমধ্যে মোডীক আদৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে মেঘালয় বিজেপিত।

প্ৰধানমন্ত্ৰী গৰাকীয়ে পুৱা ১১ বজাত ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰালত মেঘালয়ৰ স্বাধীনতা সংগ্ৰামীসকলক পুষ্পাঞ্জলি প্ৰদান কৰিব । আবেলি প্ৰায় ৩ বজাত ৰাজহুৱা সভাৰ বাবে পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰা অভিমুখে যোৱাৰ পূৰ্বে শ্বিলঙত নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আইজিপিৰ পৰা পুলিচ পইণ্টলৈ এক ৰোড-শ্ব'ত অংশ গ্ৰহণ কৰিব।

ইয়াৰ পূৰ্বে মেঘালয় চৰকাৰৰ ক্ৰীড়া বিভাগে দক্ষিণ তুৰাৰ পিএ চাংমা ষ্টেডিয়ামত (স্থান) নিৰ্মাণ কাৰ্যৰ বাবে ৰেলীৰ অনুমতি দিয়া নাছিল। কিন্তু জানিব পৰা মতে নিৰ্ধাৰিত সময়সূচী অনুসৰি নিৰ্বাচনী সভা অনুষ্ঠিত হ'ব। অৱশ্যে স্থান পিএ চাংমা ষ্টেডিয়ামৰ পৰা তুৰাৰ আলোগ্ৰে ক্ৰিকেট ষ্টেডিয়ামলৈ স্থানান্তৰ কৰা হৈছে।

উল্লেখ্য যে, ফেব্ৰুৱাৰী ২৭ তাৰিখে মেঘালয়ত ৬০ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। লগতে ফলাফল ঘোষণা হ'ব ২ মাৰ্চত।

Also Read: মোডীৰ পিতৃৰ বিৰুদ্ধে মন্তব্য কৰি গ্ৰেপ্তাৰ পৱন খেৰা, উচ্চ ন্যায়ালয়ে ক'লে...

meghalaya narendra modi