মোডীৰ পিতৃৰ বিৰুদ্ধে মন্তব্য কৰি গ্ৰেপ্তাৰ পৱন খেৰা, উচ্চ ন্যায়ালয়ে ক'লে...

বৃহস্পতিবাৰে কংগ্ৰেছ নেতা পৱন খেড়াক দিল্লী বিমান বন্দৰত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কিছু সময় পাছতেই জামিন লাভ কৰে।

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছ নেতা পৱন খেড়াক দিল্লীত গ্ৰেপ্তাৰ অসম আৰক্ষীৰঃ চাওঁক সেই ভিডিঅ'...

কংগ্ৰেছ নেতা পৱন খেড়াক দিল্লীত গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক:  বৃহস্পতিবাৰে কংগ্ৰেছ নেতা পৱন খেড়াক দিল্লী বিমান বন্দৰত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কিছু সময় পাছতেই জামিন লাভ কৰে। কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীৰ বিৰুদ্ধে অসমৰ মুঠ ১৫ খন জিলাত ৰুজু হৈছিল ১৫ টা গোচৰ। ইয়াৰ ভিতৰত হাফলং আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰিছিল কংগ্ৰেছ নেতাজনক।

Advertisment

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই জামিন লাভ কৰে কংগ্ৰেছ নেতা গৰাকীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ হৈছিল নেতা গৰাকী। অন্তৱৰ্তীকালীন জামিনত মুক্তি পোৱাৰ পিছত তেওঁ কয় যে এয়া ন্যায়পালিকাৰ জয়। মোৰ অধিকাৰ বজাই ৰখাৰ বাবে আদালতক ধন্যবাদ।

কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে কয়, "মোৰ মন্তব্য জিভা পিছলি যোৱাৰ বাবে হৈছিল নে নাই সেই সন্দৰ্ভত একো নকও। কিন্তু দেশত এক অঘোষিত জৰুৰীকালীন পৰিস্থিতি চলি আছে।"

অসমৰ লগতে উত্তৰ প্ৰদেশতো গোচৰ ৰুজু হৈছে নেতা গৰাকীৰ বিৰুদ্ধে। অৱশ্যে ২৮ ফেব্ৰুৱাৰীলৈ ন্যায়ালয়ে তেওঁৰ গ্ৰেপ্তাৰ সংৰক্ষণ ৰাখিছে।

উল্লেখ্য যে, পৱন খেৰাই এখন সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীৰ পিতৃৰ ওপৰত মন্তব্য কৰিছিল। তেওঁ কৈছিল যে আমি স্পষ্টভাৱে জেপিচি(Joint parliamentary committee) কথা কৈ আছো। আমি কৈছো যে সংসদৰ বাজেট অধিৱেশনৰ সময়ত আপুনি কিয় আলোচনাৰ পৰা পলাই আছিল?

নৰসিংহ ৰাৱ জেপিচি গঠন কৰিব পাৰে, অটল বিহাৰী বাজপেয়ীজীয়ে জেপিচি গঠন কৰিছিল তেন্তে তেতিয়া নৰেন্দ্ৰ গৌতম দাস, প্ৰতি গৰাকী দামোদৰ দাস মোডীৰ সমস্যা কি? ইয়াৰ পিছত পৱন খেৰাই হাঁহিছিল। উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানিৰ সময়ত পৱন খেৰাই কৈছিল যে তেওঁৰ জিভা পিছলি গৈছিল। তেওঁ ইয়াৰ বাবে ক্ষমাও বিচাৰিছিল।

এই ঘটনাৰ পাছতেই সমগ্ৰ দেশত বিষয়টো চৰ্চিত হৈ আছে। কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে বহু কটাক্ষ মন্তব্য কৰাৰ বিপৰীতে পৱন খেৰাইও বিভিন্ন মন্তব্য প্ৰদান কৰিছে। গতিকে পৰৱৰ্তী সময়ত দেখা যাব কি গতি লয় পৱন খেৰাৰ এই মন্তব্যই।

Also Read: জঘন্য ঘটনা! ৪ নৰপিশাচে ধৰ্ষণ কৰিলে কিশোৰীক...

congress narendra modi bjp pawan khera