ৰাষ্ট্ৰপতিক সাক্ষাৎ অসমৰ চাওঁতাল উন্নয়ন সন্থাৰ...
ৰাষ্ট্ৰপতিক সাক্ষাৎ অসমৰ চাওঁতাল উন্নয়ন সন্থাৰ...  
ৰাষ্ট্ৰীয়

ৰাষ্ট্ৰপতিক সাক্ষাৎ অসমৰ চাওঁতাল উন্নয়ন সন্থাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ মৰিয়নিঃ অসমৰ চাওঁতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ বিশেষ মনোনিৱেশ। সদৌ অসম চাওঁতাল উন্নয়ন সন্থাৰ অসমৰ পৰা যোৱা এটা সঁজাতী দলে বুধবাৰে পুৱা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দেশৰ ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুক সাক্ষাৎ কৰে।

এই সাক্ষাৎকালত দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে সঁজাতী দলটোৰ সৈতে অসমত যুগ যুগ ধৰি বাস কৰা চাওঁতালী জনগোষ্ঠীৰ লোকসকলৰ বিভিন্ন সমস্যা আৰু উন্নয়ন সমন্ধে আলোচনা কৰে।ৰাষ্ট্ৰপতি গৰাকীয়ে অসমৰ চাওঁতালী জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিশেষ মনোনিৱেশ কৰিব বুলিও সঁজাতী দলটোক আশ্বাস প্ৰদান কৰে।

অসমৰ পৰা যোৱা সদৌ অসম চাওঁতাল উন্নয়ন সন্থাৰ সঁজাতী দলটোত আছিল সভাপতি দেৱজীৎ মাঝি, সম্পাদক অমল মাঝি, কেন্দ্ৰীয় উপদেষ্টা অকন মাৰ্দি, কেন্দ্ৰীয় সদস্য বাপুৰাম বেচৰা আৰু ৰেনলি মাঝি। সঁজাতী দলটোৱে ৰাষ্ট্ৰপতিগৰাকীক চাওঁতাল জনগোষ্ঠীৰ পাঞ্চী, গামোচা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।