৪ মিনিট সময় কিয় নষ্ট কৰিছিল ধোনিয়ে? ইমান কৌশলী কেনেকৈ হ'ব পাৰে MSD...

৪ মিনিট সময় কিয় নষ্ট কৰিছিল ধোনিয়ে? ইমান কৌশলী কেনেকৈ হ'ব পাৰে MSD...

author-image
Asomiya Pratidin
New Update
৪ মিনিট সময় কিয় নষ্ট কৰিছিল ধোনিয়ে? ইমান কৌশলী কেনেকৈ হ'ব পাৰে MSD...

৪ মিনিট সময় কিয় নষ্ট কৰিছিল ধোনিয়ে? ইমান কৌশলী কেনেকৈ হ'ব পাৰে MSD...

ডিজিটেল ডেস্কঃ আই পি এল-২০২৩ৰ প্ৰথমখন কোৱালিফায়াৰত বিজয় সাব্যস্ত কৰি মহেন্দ্ৰ সিং ধোনি নেতৃত্বাধীন চি এছ কেয়ে ফাইনেলত প্ৰৱেশ কৰিছে। গুজৰাট টাইটানছক পৰাস্ত কৰি ধোনিৰ নেতৃত্বাধীন দলটোৱে ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে পঞ্চমটো ট্ৰফীৰ নিচেই কাষ চাপিলে।

Advertisment

এতিয়া ট্ৰফী স্পৰ্শ কৰিবলৈ মাজত মাত্ৰ এখন মেচ। কিন্তু তাৰ মাজতে আৰম্ভ হৈছে বিতৰ্ক। মঙ্গলবাৰৰ প্ৰথমখন কোৱালিফায়াৰ মেচত ১৬ অভাৰত ৪ মিনিট সময় কথা পাতি নষ্ট কৰাৰ বাবে এতিয়া একাংশই ধোনিক সমালোচনাৰ লক্ষ্য কৰি লোৱাৰ লগতে আন একাংশই তেওঁৰ বুদ্ধিমত্তাক নমস্কাৰ জনাইছে।

যিসকলে এই মেচখন উপভোগ কৰিছিল তেওঁলোকৰ নিশ্চয় মনত আছে কিদৰে ধোনিয়ে খেলপথাৰত মেচৰ মাজতে আম্পায়াৰৰ লগত আলোচনাত মিলিত হৈছিল। মেচখনৰ দ্বিতীয় ইনিংছৰ ১৬ সংখ্যক অভাৰৰ আগে আগে ধোনিয়ে এইদৰে আলোচনাত মিলিত হৈছিল আম্পায়াৰৰ সৈতে।

ইয়াৰ কাৰণ আছিল ধোনিয়ে ১৬ নম্বৰৰ অভাৰটো তৰুণ ক্ৰিকেটাৰ মথিশ পাথিৰানাৰ হতুৱাই কৰিব বিচাৰিছিল। কিন্তু আই চি চিৰ নিয়মৰ বাবে আম্পায়াৰে মথিশ পাথিৰানাক বল কৰিবলৈ অনুমতি নিদিলে।

কিয়নো বল কৰিবলৈ অহাৰ পূৰ্বে পাথিৰানাই ৯ মিনিট সময় খেলপথাৰৰ পৰা বাহিৰত আছিল। সেয়ে নিয়ম অনুসৰি তেওঁক পেনাল্টি টাইম অনুসৰি বল কৰিবলৈ দিয়াৰ কথা আম্পায়াৰে ঘোষণা কৰে।

সেয়ে সেই পেনাল্টি সময় নষ্টি কৰিবলৈকে ধোনিয়ে এই বিষয়টো লৈ আম্পায়াৰৰ লগত আলোচনা, বিলোচনা কৰি পাৰ কৰে। আৰু সময় অতিবাহিত হোৱাৰ পাছতে পাথিৰানাৰ হাততে বল তুলি দিয়ে ধোনিয়ে।

প্ৰথমে আম্পায়াৰে পাথিৰানাক বল কৰাত অনুমতি নিদিয়ে যদিও সেইদৰে সময় অতিবাহিত হোৱাত পাথিৰানাৰ পেনাল্টি সময় শেষ হোৱাত ধোনিয়ে বিচৰা ধৰণেই আম্পায়াৰে ১৬ নম্বৰৰ অভাৰটো পথিৰানাক কৰিবলৈ অনুমতি প্ৰদান কৰে। উল্লেখ্য যে আই চি চিৰ নিয়ম অনুসৰি কোনো ক্ৰিকেটাৰে যদি ৮ মিনিট সময় খেলৰ পৰা বাহিৰত থাকে তেন্তে খেল পথাৰলৈ ঘূৰি অহাৰ পাছত লগে লগে বেটিং অথবা বলিং কৰিবলৈ দিয়া নহয়।

সেইবাবেই ধোনিয়ে সময় পাৰ কৰিবলৈ এইদৰে আম্পায়াৰৰ সৈতে কথাপাতি, আলোচনা কৰি সময় পাৰ কৰে। অৱশ্যে মেচ চলি থকাৰ সময়ত এই বিষয়ে জানিব পৰা হোৱা নাছিল।

কিন্তু ধাৰাভাষ্যকাৰ হিচাপে থকা সুনীল গাভাস্কাৰকে ধৰি একাংশই ধোনিৰ এই কৌশল ধৰিব পাৰিছিল। মেচ শেষ হোৱাৰ পাছত বিজয় শংকৰে নিশ্চিত কৰিছে ধোনিয়ে পাথিৰানাক বল কৰিবলৈ দিয়া বিষয়টোলৈয়ে ৪ মিনিট সময় এইদৰে আলোচনা কৰি নষ্ট কৰিছিল।

Also Read: নতুন সংসদ ভৱন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়েঃ TMC, AAP কে ধৰি বিৰোধীয়ে বৰ্জন কৰিব অনুষ্ঠান...

আই পি এল মহেন্দ্ৰ সিং ধোনি চি এছ কে